শ্ৰেষ্ঠতা— দ্য ৱাইজ আডাৰ্ছ'ৰ সফল মঞ্চায়ন* - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday, 2 September 2025

শ্ৰেষ্ঠতা— দ্য ৱাইজ আডাৰ্ছ'ৰ সফল মঞ্চায়ন*


 *'

W7s news,,,এককোষী এটা এমিবাৰপৰা ক্ৰমবিৱৰ্তন হোৱা মানৱজাতিয়ে আজি সকলো ক্ষেত্ৰতে 'শ্ৰেষ্ঠত্ব' প্ৰতিপন্ন কৰি বহুদূৰ আগুৱাই গ'ল। কিন্তু মানৱজাতিৰ বুদ্ধিমত্তাই শ্ৰেষ্ঠত্বৰ শিখৰত অৱতৰণ কৰাৰ সমান্তৰালে প্ৰকৃতি আৰু জীৱকুলৰ লগতে নিজৰ অস্তিত্বলৈয়ো নমাই আনিছে বিপদ। আজি মানুহে নিজৰে সৃষ্ট ছ'চিয়েল মিডিয়াৰ কৰাল গ্ৰাসত পৰি ভুল শুদ্ধ, ভাল বেয়াৰ বিচাৰ কৰাৰ ক্ষমতা হেৰুৱাই পেলাইছে। টেকন'ল'জী আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ কবলত মানৱজাতিয়ে হেৰুৱাইছে সৃজনশীলতা। এনে এক অতি সংবেদনশীল তথা গুৰুত্বপূৰ্ণ বিষয়বস্তুৰে মঞ্চস্থ হয় 'অনুভৱ, দ্য আৰ্টিষ্ট গীল্ড'ৰ নৱতম প্ৰযোজনা 'শ্ৰেষ্ঠতা— দ্য ৱাইজ আডাৰ্ছ'। যোৱা ২ ছেপ্টেম্বৰৰ সন্ধিয়া শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত জ্যোতি নাৰায়ণ নাথৰ পৰিকল্পনা আৰু  পৰিচালনাত নাটকখন মঞ্চস্থ হয়। পাৰম্পৰিক (conventional) থিয়েটাৰ, ফিজিকেল থিয়েটাৰ আৰু পুতলা নাচ (puppetry)ৰ  একীকৰণৰ মাধ্যমেৰে পৰিচালকে সুন্দৰভাৱে নাটকখন ৰূপাংকন কৰিছে। কিংবদন্তি কাৰ্টুনিষ্ট আৰ কে লক্ষ্মণৰ বিখ্যাত 'দ্য কমন মেন' চৰিত্ৰটো আছিল নাটকখনৰ আন এক আকৰ্ষণ। জ্যোতি নাৰায়ণ নাথৰ লগতে ডেইজী গগৈ, বিক্ৰম নাথ, তঞ্জীৱ শৰ্মা, জ্ঞানশ্ৰী গোস্বামী, প্ৰবাল গোস্বামী, বিকি দাস, মল্লিকা উপাধ্যায়, ৰাগিণী শৰ্মা, অৰ্চিতা শৰ্মা, ৰুণাংক কলিতা আৰু ডেমিডন কলিতাই নাটকখনত অভিনয় কৰিছে। অংগ সঞ্চালনৰ সুন্দৰ কৰিঅ'গ্ৰাফীৰে  নাটকখনৰ দৃশ্যসমূহ সজাইছে গকুল মিপুনে। সংলাপ জ্যোতি নাৰায়ণ নাথ আৰু বিক্ৰম নাথৰ। আলোকসজ্জা হেমন্ত ৰাজকোঁৱৰৰ। সংগীত ব্যৱস্থাপনা বেদান্ত নেওগ আৰু অৰিন্দম বৰাৰ। পাপেট্ৰী গীতিমা দাসৰ। মে'কআপৰ দায়িত্বত আছিল ৰুজী মুদৈ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here