"
বিশ্ব বাঁহ দিৱসত উত্তৰ-পূৱ পৰিষদ, ড'নাৰ মন্ত্রালয়, আৰু বাষ্ট্রীয় বাঁহ অভিযানৰ সহযোগত এন ই চি বি ডি চিয়ে-এ আয়োজন কৰিব এক আড়ম্বৰপূৰ্ণ বাঁহ সম্মিলন
W7s news,,গুৱাহাটী, ১৩ ছেপ্টেম্বৰ, ২০২৫: উত্তৰ-পূৱ বেত আৰু বীহ উন্নয়ন পৰিষদে উত্তৰ-পূৱ পৰিষদ, ড'নাৰ মন্ত্রালয়, আৰু বাষ্ট্রীয় বাঁহ অভিযানৰ সহযোগত অহা ১৮ ছেপ্টেম্বৰত গুৱাহাটীৰ ৰেডিচন ব্রত উত্তৰ-পূব বীহ কনক্লেভ ২০২৫ ব আয়োজন কৰিছে। উল্লেখ্য যে বিশ্ব বাঁহ দিরস উপলক্ষে আয়োজন কৰা হৈছে এই অনুষ্ঠানৰ।
উদ্ভারন অংশীদাৰ হিচাপে SELCO ফাউণ্ডেচন, উদ্যোগ অংশীদাৰ হিচাপে FICCI, আৰু ৰাজ্যিক অংশীদাৰ হিচাপে অসম ৰাজ্যিক বাঁহ অভিযানক লৈ এই কনক্লেভব আয়োজন কৰা হৈছে। নুমলীগড় শোধনাগার লিমিটেডেও সহায় আগবঢ়োরা কনক্লেভখনত জ্ঞান অংশীদাৰ হিচাপে আছে নাৰ্চাৰ এণ্ড ফষ্টাৰ।
এই অনুষ্ঠানত বিভিন্ন নীতি নির্ধাবক, প্রাসঙ্গিক উদ্যোগ খণ্ডৰ বিশিষ্ট ব্যক্তি, চিএছআৰ গোট, বিনিয়োগকাৰী, উদ্যোগী, ষ্টার্টআপ, বহুজাতিক সংস্থা, আৰু বাঁহৰ ক্লাষ্টাৰসমূহক একত্রিত কৰি বাঁহ খণ্ডটোরে অর্থনৈতিক উন্নয়ন, বহনক্ষমতা, আৰু জীৱিকাৰ উৎস হিচাপে কেনেকৈ বিকশিত হ'ব পাৰে সেই বিষয়ে আলোচনা কৰা হ'ব। যিহেতু উত্তৰ-পূৱত ভাৰতৰ ৬০ তকৈ অধিক বাঁহজাতীয় সম্পদ আছে, গতিকে এই অঞ্চলটো বাঁহ ভিত্তিক উদ্যোগৰ বাবে এক প্রথান কেন্দ্র হিচাপে পৰিগণিত হোরাব সম্ভারনা আছে। অভিযান্ত্রিকতাবে সৃষ্টি কৰা বাঁহৰ ব'র্ড, কম্পোজিট, আৰু কাঠ আৰু প্লাষ্টিকৰ বাবে পৰিৱেশ-অনুকূল বিকল্পব দবে নতুন উদ্ভাৱনে গৃহ নির্মাণ, আচবাব, পেকেজিং, সেউজ আন্তঃগাঁথনি, থাক নবীকরণযোগ্য শক্তিৰ ক্ষেত্রত হুযোগ সৃষ্টি কৰিছে।
বিশেষকৈ বিনিয়োগ বৃদ্ধি, চি এছ আৰৰ অংশগ্রহণক উৎসাহিত কৰা, আৰু জৈর-অর্থনীতিক আগুরাই নিয়াত এই কনক্লেভে গুরুত্ব আৰোপ কৰিব। কোম্পানী আইনৰ সপ্তম অনুসূচীৰ অধীনত চি এছ আৰ অগ্রাদিকাৰৰ সৈতে বাঁহ ওতঃপ্রোতভারে জড়িত, কিয়নো ই গ্রামোন্নয়ন, মহিলা সবলীকৰণ, জনজাতীয় জীরিকা, আৰু জলবায়ুজনিত দিশবোৰত সমর্থন কৰে। একে সময়তে নবীকৰণযোগ্য কেঁচামাল হিচাপে বাঁহ ভাৰতৰ ক্রমবর্ধমান জৈর অর্থনীতিৰ কেন্দ্রীয় বিষয়, যিয়ে ক্ষৈরশক্তি, ইথানল, জৈর-বিঘ্নিত সামগ্রী, বক্সশিল্প, আৰু কম্পোজিটৰ ক্ষেত্রত উদ্ভাৱনক আগুৱাই লৈ গৈছে।
এই অনুষ্ঠানৰ বিষয়ে কোৱাৰ সময়ত এন ই চি বি ডি চিব পৰিচালন সঞ্চালকে কয়, "উত্তৰ-পূব বাঁহ কনক্লেভ ২০২৫ত বাঁহে কেনেকৈ ঔদ্যোগিক বিকাশ, সর্বাংগীন উন্নয়ন, আৰু জলবায়ুজনিত দিশবোবক আগুৱাই নিব পাৰে সেই বিষয়ে আলোকপাত কৰিব। আমি ইয়াক বাঁহক কেৱল ভাৰতৰ 'সেউজ সোণ' হিচাপেই নহয়, বহনক্ষমতাক জীরিকা আৰু উদ্যোগৰ সৈতে সংযোগ কৰা জৈর-অর্থনীতিৰ এক মূল অংশ হিচাপেও প্রদর্শনর এক গুরুত্বপূর্ণ প্রচেষ্টা হিচাপে গণ্য কৰিছো।
কনক্লেভখনত কর্পৰেট, নীতি নির্ধাবক, আন্তঃরাষ্ট্রীয় অংশীদাৰকে ধৰি ২৫০ জনতকৈ অধিক অংশগ্রহণকাৰীয়ে অংশগ্রহণ কৰাৰ সম্ভারনা আছে, যাৰ ফলত ই বাঁহ খণ্ড আৰু উত্তৰ-পূব উভয়ৰে বাবে এক ল্যান্ডমার্ক অনুষ্ঠান হিচাপে পৰিগণিত হ'ব।
:
No comments:
Post a Comment