খানাপাৰা এ এছ টি চিৰ মিনি-আই এছ বি টিত পূৰবী ডেইৰীৰ দুগ্ধ বিপণি স্থাপন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday, 4 August 2025

খানাপাৰা এ এছ টি চিৰ মিনি-আই এছ বি টিত পূৰবী ডেইৰীৰ দুগ্ধ বিপণি স্থাপন


 


W7s news,,গুৱাহাটী, ৪ আগষ্ট, ২০২৫:  খুচুৰা ব্যৱসায় ক্ষেত্ৰখনক সম্প্ৰসাৰিত কৰাৰ উদ্দেশ্যে উত্তৰ-পূৱ ভাৰতৰ সৰ্ববৃহৎ দুগ্ধ সহযোগী প্রতিষ্ঠান পূৰবী ডেইৰীয়ে গুৱাহাটীৰ খানাপাৰাৰ এ এছ টি চিৰ মিনি-আই এছ বি টিত ৪ আগষ্টত এখন নতুন দুগ্ধ বিপণি উন্মোচন কৰে। অসম চৰকাৰৰ সহযোগিতা আৰু পৰিবহণ মন্ত্ৰী যোগেন মোহনে

উচ্চপদস্থ বিষয়া আৰু গণ্যমান্য ব্যক্তিৰ উপস্থিতিত এই বিপণিখন উদ্বোধন কৰে।


পূৰবীৰ সামগ্ৰীসমূহৰ পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেড (ৱামুল)ৰ দ্বাৰা উত্পাদন আৰু নৰ্থ ইষ্ট ডেইৰী এণ্ড ফুডছ লিমিটেড (এন ই ডি এফ এল)ৰ দ্বাৰা বিপণন কৰা হয় যি অসম চৰকাৰ আৰু ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদ (এন ডি ডি বি) ৰ মাজত এক যৌথ উদ্যোগ। এন ই ডি এফ এলে অঞ্চলটোত নিজৰ বিতৰণ নেটৱৰ্ক যথেষ্ট শক্তিশালী কৰিছে৷ এ এছ টি চিৰ পৰিবহণ কেন্দ্ৰত এই নতুন বিপণি মুকলিৰ জৰিয়তে জনসাধাৰণৰ মাজত সতেজ আৰু পুষ্টিকৰ দুগ্ধজাত সামগ্ৰী উপলভ্য কৰাৰ প্ৰয়াস কৰা হৈছে।


বিশ্ব বেংকৰ পুঁজিৰে এপাৰ্ট প্ৰকল্পৰ অধীনত ৱামুলে ক্ৰয় কৰা প্ৰিফেব্ৰিকেটেড বিপণিসমূহে টোনড, ষ্টেণ্ডাৰ্ড আৰু সম্পূৰ্ণ ক্ৰীম পাউচ গাখীৰ, পূৰবী স্মাৰ্ট ইউএইচটি গাখীৰ (টেট্ৰাপেক), পূৰবী ফ্লেভাৰড মিল্ক, লাচ্চি, দৈ, পনীৰ, ঘিউ, সতেজ ক্ৰীম আৰু বহুল জনপ্ৰিয় পূৰবী আইচক্ৰীমকে ধৰি এক বিস্তৃত পৰিসৰৰ সামগ্ৰী আগবঢ়ায়।

  

এই উপলক্ষে ভাষণ প্ৰদান কৰি মন্ত্ৰী যোগেন মোহনে পূৰবী দুগ্ধ আৰু এ এছ টি চিৰ সহযোগিতাৰ প্ৰশংসা কৰাৰ লগতে যাত্ৰীসকলৰ বাবে পুষ্টি আৰু সুবিধা উভয়কে প্ৰসাৰিত কৰাৰ সম্ভাৱ্য সহযোগিতাৰ ওপৰত আলোকপাত কৰে। “পুৰবী ডেইৰী আৰু এ এছ টি চিৰ মাজৰ এই অংশীদাৰিত্বই জনকল্যাণৰ দুটা অপৰিহাৰ্য দিশ — গতিশীলতা আৰু পুষ্টি — সন্মিলিত কৰিছে যাৰ ফলত মানুহে যাতায়াতৰ সমান্তৰালভাৱে নিৰাপদ, স্বাস্থ্যসন্মত খাদ্য লাভ কৰিবলৈ সক্ষম হয়। এ এছ টি চিয়ে সমগ্ৰ অসমতে যাতায়াত-সংযোগ সুনিশ্চিত কৰাৰ বিপৰীতে পূৰবী ডেইৰীয়ে ৰাইজলৈ মানসম্পন্ন পুষ্টিৰ যোগান ধৰিছে। এই ধৰণৰ পদক্ষেপে যাতায়তৰ সুবিধা বৃদ্ধি কৰাই নহয়, সমগ্ৰ ৰাজ্যতে সুস্থ জীৱনশৈলীকো প্ৰসাৰিত কৰে।”


এই সহযোগিতাৰ বিকাশ আৰু পৰিচালনাৰ ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰা অসম ৰাজ্যিক পৰিবহণ নিগমৰ পৰিচালন সঞ্চালক, এ চি এছ,  চিন্ময় প্ৰকাশ ফুকনে যাত্ৰীসকলৰ বাবে মূল্য সংযোজনৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি কয় যে, “দুগ্ধজাত খাদ্য স্বাস্থ্যসন্মত খাদ্যৰ এক অপৰিহাৰ্য অংশ, আৰু পূৰবী দুগ্ধৰ সৈতে এই অংশীদাৰিত্বৰ জৰিয়তে আমাৰ যাত্ৰীসকলক পুষ্টিকৰ, মূল্য সংযোজিত সামগ্ৰীৰ সহজ সুবিধা প্ৰদান কৰিবলৈ পাই আমি আনন্দিত হৈছোঁ। এনে পদক্ষেপে সামগ্ৰিকভাৱে যাতায়াতৰ অভিজ্ঞতা উন্নত কৰে। আমি আগন্তুক সময়ত সমগ্ৰ অসমৰ অন্যান্য প্ৰধান এ এছ টি চি কেন্দ্ৰসমূহতো একেধৰণৰ দুগ্ধ বিপণি স্থাপন কৰাৰ পৰিকল্পনা কৰিছোঁ।”


এন ই ডি এফ এলৰ পৰিচালন সঞ্চালক  সত্য ব্ৰত বসুৱে পূৰবীৰ অভিযান সম্পৰ্কে দোহাৰি কয় যে- “পূৰবী ডেইৰীত আমি নিৰাপদ, পুষ্টিকৰ, আৰু উচ্চমানৰ খাদ্যৰ সুবিধা নিশ্চিত কৰি এখন সুস্থ অসম গঢ়ি তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। মূল নগৰীয়া কেন্দ্ৰসমূহত আমাৰ সম্প্ৰসাৰিত দুগ্ধ বিপণি নেটৱৰ্কৰ জৰিয়তে আমি বিশেষকৈ দৈনন্দিন যাতায়াত আৰু ব্যস্ত পৰিয়ালসমূহৰ সুবিধা হোৱাকৈ আমাৰ সামগ্ৰীসমূহ অধিক সুলভ কৰি তুলিছোঁ। খানাপাৰাৰ মিনি-আই এছ বি টিত থকা বিপণিখন আমাৰ এই যাত্ৰাৰ আন এক পদক্ষেপ। আমাৰ লক্ষ্য হৈছে ‘অসমৰ স্বাদ’ক প্ৰতিখন ঘৰৰ সৈতে সংযোজিত কৰাৰ লগতে আমাৰ উদ্ভাৱনীমূলক ফ্ৰেঞ্চাইজি মডেলৰ জৰিয়তে স্থানীয় উদ্যোগীসকলকো সৱলীকৰণ কৰা।”


খানাপাৰা বিপণিখন হৈছে ইতিমধ্যে ভঙাগড়ৰ গৌহাটী মেডিকেল কলেজ আৰু হস্পিতাল (জি এম চি এইচ), জনতা ভৱনৰ ওচৰত, অসম ৰাজ্যিক চিৰিয়াখানাৰ ওচৰত, চাংসাৰিৰ এইমছৰ বিপৰীতে আৰু গণেশগুৰিৰ গণেশ মন্দিৰৰ ওচৰত স্থাপিত দুগ্ধ বিপণিৰ শৃংখলত হোৱা নৱতম গুৰুত্বপূৰ্ণ সংযোজন।


এই প্ৰি-ফেব্ৰিকেটেড বিপণিসমূহ হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ দুগ্ধ বিতৰণ ক্ষেত্ৰত প্ৰথম অভিনৱ প্ৰচেষ্টা।পূৰ্বসজ্জিত এই স্বতন্ত্ৰ কিয়স্কবোৰে নগৰীয়া গ্ৰাহকৰ পছন্দসমূহ পূৰণ কৰে। ভিজি কুলাৰ, চেষ্ট কুলাৰ, আৰু ডিপ ফ্ৰীজাৰেৰে সজ্জিত বিপণিসমূহ ইনচুলেটেড আৰু এইবোৰ এনেদৰে নিৰ্মাণ কৰা হয় যাতে উচ্চ উষ্ণতাৰ সময়তো শীতল শৃংখলটো ফলপ্ৰসূভাৱে বজাই ৰাখিব পাৰি, যিয়ে পণ্যৰ অনুকূল মানদণ্ড আৰু সুৰক্ষা নিশ্চিত কৰে। 


বিপণিসমূহে কোম্পানী মালিকানাধীন, ফ্ৰেঞ্চাইজি অপাৰেটেড (চি অ’ এফ অ’) মডেল অনুসৰণ কৰে, যিয়ে স্থানীয় উদ্যোগীসকলৰ বাবে এক আশাব্যঞ্জক ব্যৱসায়িক সুযোগ প্ৰদান কৰে। এই মডেলৰ এটা ডাঙৰ সুবিধা হ'ল ইয়াৰ দ্ৰুত স্থাপন প্ৰক্ৰিয়া -- আনুষ্ঠানিকতা সম্পূৰ্ণ হোৱাৰ দুদিনৰ ভিতৰত এটা বিপণি কাৰ্যক্ষম কৰিব পাৰি, যাৰ ফলত গতানুগতিক বিপণিসমূহৰ তুলনাত প্ৰতিষ্ঠাপন সময় বহু পৰিমাণে হ্ৰাস পায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here