W7s news,,গুৱাহাটী, ১৩ আগষ্ট, ২০২৫: ভাৰতৰ আগশাৰীৰ বিলাসী লাইফষ্টাইল প্লেটফৰ্ম টাটা ক্লিক লাক্সাৰীয়ে ভাৰতৰ অন্যতম বিখ্যাত বিলাসী ব্ৰেণ্ড সব্যসাচী কলকাতাৰ সৈতে একচেটিয়া অংশীদাৰিত্বৰে দেশৰ প্ৰথমখন ডিজিটেল গহনা বুটিক মুকলি কৰাৰ কথা ঘোষণা কৰিছে। উল্লেখ্য যে, এই সহযোগিতাই পৰম্পৰাগত সৌন্দৰ্য্যক আধুনিক ডিজিটেল উদ্ভাৱনৰ সৈতে সংযুক্ত কৰিছে, যাৰ ফলত গ্ৰাহকৰ বাবে অধিক সুলভ হৈ পৰিছে সব্যসাচীৰ সুপৰিচিত ডিজাইন আৰু কাৰুকাৰ্য্য। একে সময়তে ব্ৰেণ্ডটোৰ কালজয়ী বিলাসী পৰিচয়ো বজাই ৰাখিছে। ২০২৫ চনৰ ২১ আগষ্টৰ পৰা প্লেটফৰ্মত মুকলি কৰা হ’ব এই বুটিকখন, য’ত অনলাইনত সব্যসাচীৰ ফাইন জুৱেলাৰীৰ সৰ্ববৃহৎ সংগ্ৰহ উপলব্ধ কৰা হ’ব।
১৮ কেৰেট সোণেৰে নিৰ্মিত টাটা ক্লিক লাক্সাৰীৰ সব্যসাচী বুটিকত আছে বিখ্যাত কলকাতা এটেলিয়াৰৰ চহকী আৰু বৈচিত্ৰময় ফাইন জুৱেলাৰীৰ সংগ্ৰহ। গহণাৰ সংগ্ৰহত আছে দৈনন্দিন পৰিধানৰ বাবে মাৰ্জিতভাৱে ডিজাইন কৰা কাণফুলি, লকেট, ব্ৰেচলেট আৰু আঙঠি।
একে সময়তে, টাটা ক্লিক লাক্সাৰীয়ে তেওঁলোকৰ গ্ৰাহকৰ বাবে প্ৰদান কৰে ব্যক্তিগতকৃত বজাৰ অভিজ্ঞতা। অভিজ্ঞ কৰ্মচাৰীসকলে গ্ৰাহকসকলক বিশেষ অনুষ্ঠানৰ বাবেই হওক কিম্বা নিজৰ শৈলীৰ সৈতে খাপ খুৱাই ল’বলৈ হওক অথবা আপোনজনৰ বাবে উপহাৰ প্ৰদানৰ বাবে হওক, তেওঁলোকৰ প্ৰিয় গহনা বিচাৰি উলিওৱাত সহায় আগবঢ়াব।
এই নৱ উন্মোচন সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি টাটা ক্লিক লাক্সাৰীৰ মুখ্য কাৰ্যবাহী বিষয়া গোপাল আস্থানাই কয়, ‘টাটা ক্লিক লাক্সাৰীত আমি ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিলাসীতাৰ ধাৰা দুয়োটাকে উদযাপন কৰো। এই উন্মোচনে বিশ্বৰ বিলাসী জগতৰ শ্ৰেষ্ঠ নামসমূহক একত্ৰিত কৰাৰ আমাৰ প্ৰতিশ্ৰুতিক আৰু অধিক শক্তিশালী কৰিছে। সব্যসাচী নিজৰ সুন্দৰ কাৰুকাৰ্য্য আৰু গভীৰ ভাৰতীয় ঐতিহ্যৰ বাবে সুপৰিচিত। ব্ৰেণ্ডটোৱে পৰম্পৰাগত নান্দনিকতাক বিশ্বব্যাপী আবেদনৰ সৈতে অনন্যভাৱে সংমিশ্ৰণ ঘটাইছে। আমাৰ প্লেটফৰ্মত তেওঁলোকৰ ফাইন জুৱেলাৰী সংগ্ৰহ মুকলি কৰিলে আমাৰ বিলাসী গহনাৰ পৰিসৰ আৰু অধিক সমৃদ্ধ হ’ব। একে সময়তে আমি দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ চহৰকে ধৰি দেশৰ বিচক্ষণ ক্ৰেতাসকলৰ মাজলৈ ভাৰতৰ অন্যতম প্ৰতিষ্ঠিত ব্ৰেণ্ড কঢ়িয়াই আনিবলৈ সক্ষম হৈছো। যেতিয়া ভাৰতৰ আগশাৰীৰ বিলাসী মঞ্চই দেশৰ আটাইতকৈ বিখ্যাত ডিজাইনাৰসকলৰ সৈতে জড়িত হ’ব, তেতিয়া এই অনন্য অংশীদাৰিত্বই ডিজিটেল যুগত ফাইন জুৱেলাৰী অভিজ্ঞতাক পুনৰ সংজ্ঞায়িত কৰিব।”
উন্মোচনী সন্দৰ্ভত নিজৰ মত ব্যক্ত কৰি সব্যসাচী কলকাতা এল এল পিৰ প্ৰতিষ্ঠাপক আৰু ক্ৰিয়েটিভ ডাইৰেক্টৰ সব্যসাচী মুখাৰ্জীয়ে কয়, "টাটা ক্লিক লাক্সাৰীত সব্যসাচী ফাইন জুৱেলাৰী উপস্থাপন কৰি গৌৰৱ অনুভৱ কৰিছো। এই সংকলনটোও একে মনোভাৱ, একেটা আপোচহীন মানদণ্ড আৰু অসাধাৰণ মূল্যবোধৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে, যাৰ বাবে ব্ৰেণ্ডটোৱে সদায় মানুহৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আমাৰ মূল্য নিৰ্ধাৰণ আকাংক্ষিত নহয়, কিন্তু বাস্তৱসন্মত। তথাপিও এই গহণাবোৰে হাউচ অৱ সব্যসাচীৰ পৰা আশা কৰা সকলো গুণকে মূৰ্ত কৰি তুলিছে- আড়ম্বৰপূৰ্ণ, পৰম্পৰাগত আৰু কালজয়ী। ভাৰতত আমি প্ৰায়ে দামৰ বিষয়ে আলোচনা কৰোঁ, কিন্তু সামগ্ৰীটোৰ প্ৰকৃত মূল্যৰ বিষয়ে নহয়। মোৰ বিশ্বাস যে যেতিয়া আপুনি মানুহক সততা আৰু উৎকৃষ্টতা দিব, তেতিয়া তেওঁলোকে স্বয়ংক্ৰিয়ভাৱে পাৰ্থক্যটো জানিব।"
উল্লেখ্য যে, ২০২৫ চনৰ ২১ আগষ্টৰ পৰা টাটা ক্লিক লাক্সাৰীত উপলব্ধ হ’ব সব্যসাচীৰ চিগনেচাৰ ফাইন গহনা। ইতিমধ্যে luxury.tatacliq.com ত এই গহণা বিক্ৰীৰ বাবে উপলব্ধ হৈছে।
No comments:
Post a Comment