W7s news,,গুৱাহাটী, ৫ জুলাই, ২০২৫: উত্তৰ-পূব ভাৰতৰ বিধ্বংসী বানত ক্ষতিগ্রস্তসকলক সহায়ৰ বাবে ইণ্ডাছ টাৱাৰে বিশেষ পদক্ষেপ গ্রহণ কৰিছে।কোম্পানীটোৱে নিজৰ ফ্লেগশ্বিপ কৰ্পৰেট ছ’চিয়েল ৰেচপন্সিবিলিটি (চি এছ আৰ) ইনিচিয়েটিভ প্ৰগতিৰ অধীনত অসমৰ কাছাৰ, মণিপুৰৰ ইম্ফল, আৰু ত্ৰিপুৰাৰকে ধৰি কেইবাটাও দুর্গম অঞ্চল, ভয়াবহভাবে প্রভাবিত অঞ্চলৰ পৰিয়ালৰ মাজত ১০৩০টা শুকান বেছন কিট বিতৰণ কৰে।
এই মানৱীয় প্ৰচেষ্টা নৰ্থ-ইষ্ট চেণ্টাৰ ফৰ ইকুইটি একচন অন ইন্টিগ্ৰেটেড ডেভেলপমেণ্ট (এন ই আই ডি)ৰ সহযোগত কৰা হৈছিল।ইণ্ডাছ টাৱাৰৰ কৰ্মচাৰীসকল সক্ৰিয়ভাৱে স্থানত উপস্থিত আছিল, ৰেচন বিতৰণত সহায় কৰিছিল আৰু আক্ৰান্ত পৰিয়ালসমূহক সহায় আগবঢ়াইছিল, যিয়ে প্ৰতিষ্ঠানটোৰ দয়া আৰু সমাজিক সহনশীলতাৰ মূল্যবোধ পুনৰ দৃঢ় কৰি তুলিছে।
ইণ্ডাছ টাৱাৰ্ছ লিমিটেডৰ চাৰ্কল চিইঅ’ শ্ৰী ৰাজেন্দৰ সিং গুৰুঙে কয় যে, আমি ইণ্ডাছ টাৱাৰ্ছত বানপানীত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সময়মুৰি আৰু অৰ্থপূৰ্ণ সহায় প্ৰদান কৰাৰ ক্ষেত্ৰত গভীৰভাৱে প্ৰতিশ্ৰুতিবদ্ধI আমাৰ ইণ্ডাছ কৰ্মচাৰীৰে এই মানৱীয় কাৰ্যসূচীত সক্ৰিয়ভাৱে স্বেচ্ছাসেৱক হিচাপে অংশ গ্ৰহণ কৰি তৎকালীন খাদ্যৰ আৱশ্যকতা পূৰণৰ লগতে পৰিয়ালসমূহক পুনৰুদ্ধাৰৰ পথত সহায় কৰিছে।
এন ই আই ডি সহ-প্ৰতিষ্ঠাপক শ্ৰী মেৰাজ আহমেদে কয়, “বিধ্বংসী বানৰ ফলত হাজাৰ হাজাৰ পৰিয়ালে সংকটৰ সন্মুখীন হৈ পৰিছে আৰু তেওঁলোকৰ ন্যূনতম প্ৰয়োজনীয় সামগ্ৰীৰ প্ৰৱেশো সীমিত হৈ পৰিছে।”ইণ্ডাছ টাৱাৰৰ সহায়ত, আমি আটাইতকৈ জটিল পৰিস্থিতিত পৰা লোকসকলৰ কাষত থিয় দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ, যাতে সিহঁতক সময়মতে সহায় আগবঢ়াব পৰা যায় আৰু তেওঁলোকৰ তৎকালীন উদ্ধাৰ তথা দীৰ্ঘম্যাদি স্থিতিশীলতা নিশ্চিত কৰিব পৰা যায়।"
এই সহযোগিতাই ভাৰতৰ অতি দুৰ্বল অঞ্চলসমূহত সম্প্ৰদায়ৰ স্থিতিস্থাপকতা, দুৰ্যোগৰ প্ৰতি সঁহাৰি জনোৱা, আৰু বহনক্ষম উন্নয়নৰ প্ৰতি ইণ্ডাছ টাৱাৰৰ চলি থকা প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।ইয়াৰ চি এছ আৰ পদক্ষেপৰ জৰিয়তে, কোম্পানীয়ে প্ৰভাৱশালী পৰিৱৰ্তনক আগুৱাই লৈ গৈছে, প্ৰতিকূলতাৰ সন্মুখীন হৈ সম্প্ৰদায়সমূহক পুনৰ নিৰ্মাণ আৰু লাভৱান হ’বলৈ সক্ষম কৰি তুলিছে।
No comments:
Post a Comment