গুৱাহাটীত বিশ্ব হেপাটাইটিছ দিৱস পালন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday, 29 July 2025

গুৱাহাটীত বিশ্ব হেপাটাইটিছ দিৱস পালন



W7s news,,গুৱাহাটী, ২৮ জুলাই, ২০২৫: ২৮ জুলাইত বিশ্ব হেপাটাইটিছ দিৱস উপলক্ষে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ গেষ্ট্ৰ’এণ্টেৰ’লজী বিভাগে ভাইৰেল হেপাটাইটিছক কেন্দ্ৰ কৰি সজাগতা বৃদ্ধি আৰু প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ পদ্ধতি প্ৰচাৰৰ লক্ষ্যৰে এক সজাগতা কাৰ্যসূচীৰ আয়োজন কৰে।চিকিৎসালয়খনৰ ছুপাৰ স্পেচিয়েলিটি ব্লকত মুখ্য অতিথি হিচাপে  মহাদেৱ ডেকাই (Mr Universe 2009) শোভা বঢ়ায়।

অনুষ্ঠানত উপস্থিত থকা আন বিশিষ্ট ব্যক্তিসকল আছিল  অসমীয়া চলচ্চিত্ৰ ব্যক্তিত্ব চেতনা দাস, গুৱাহাটী  চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ গেষ্ট্ৰ’এণ্টেৰ’লজী বিভাগৰ অধ্যাপক ডাঃ বি এন চৌধুৰী আৰু ডাঃ ভাস্কৰ জ্যোতি বৰুৱা, সহকাৰী অধ্যাপক, গেছট্ৰ'এণ্টেৰ'লজী বিভাগ, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়। 

বিভিন্ন স্তৰৰ পৰা ১০০০ৰো অধিক অংশগ্ৰহণকাৰীয়ে একত্ৰিত হৈ এই কাৰ্য্যৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল। ভাৰত স্কাউটছ এণ্ড গাইড, এন চি চি, এছ এ আই আৰু বিভিন্ন নাৰ্চিং ইনষ্টিটিউট যেনে জি এম চি এইচ নাৰ্চিং কলেজ, নেমকেয়াৰ নাৰ্চিং কলেজ, ৰহমান হাস্পতাল নাৰ্চিং কলেজ, ডাউন টাউন নাৰ্চিং কলেজ আৰু বহুতো নাৰ্চিং ইনষ্টিটিউটে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

বিশ্ব হেপাটাইটিছ দিৱস ১৯৬৭ চনত হেপাটাইটিছ বি ভাইৰাছ আৱিষ্কাৰ কৰি প্ৰথম হেপাটাইটিছ বি ভেকচিন প্ৰস্তুত কৰা চিকিৎসক আৰু অনুবংশবিদ  ডাঃ বাৰুচ চেমুৱেল ব্লামবাৰ্গৰ নামৰ চিকিৎসক যাক বেৰী ব্লামবাৰ্গ নামেৰে জনা যায়, তেওঁৰ কৃতিত্ব আৰু অৱদানৰ স্মৃতিত ২৮ জুলাইত পালন কৰা হয়।

এই বছৰৰ বিশ্বব্যাপী বিষয়বস্তু “হেপাটাইটিছ: লেট’ছ ব্ৰেক ইট ডাউন”ত হেপাটাইটিছ নিৰ্মূল আৰু যকৃতৰ কেন্সাৰ প্ৰতিৰোধত বাধাৰ সৃষ্টি কৰা আৰ্থিক, সামাজিক আৰু ব্যৱস্থাগত বাধাসমূহ ভাঙি পেলোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

ভাইৰেল হেপাটাইটিছৰ বিপদ সম্পৰ্কে কোৱাৰ সময়ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ  গেষ্ট্ৰ’এণ্টেৰ’লজী ভাগৰ অধ্যাপক ডাঃ বি এন চৌধুৰীয়ে কয় যে, “হেপাটাইটিছ এটা গম্ভীৰ বৈশ্বিক স্বাস্থ্য সংকট।বিশ্বজুৰি ৩৩ কোটিৰো অধিক মানুহ এই ৰোগত আক্ৰান্ত আৰু প্ৰতিবছৰে প্ৰায় ১৩ লক্ষ লোকৰ মৃত্যু ঘটে, যাৰ প্ৰধান কাৰণ হেপাটাইটিছ বি আৰু চি ৰ দীঘলীয়া সংক্ৰমণ, যি যকৃত কোঁচ খাই যোৱা আৰু কেঞ্চাৰৰ কাৰণ হয়।”

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ গেষ্ট্ৰ’এণ্টেৰ’লজী বিভাগৰ  সহকাৰী অধ্যাপক ড০ ভাস্কৰ জ্যোতি বৰুৱাই কয় যে হেপাটাইটিছে নীৰৱে প্ৰাণ কাঢ়ি নিয়াৰ লগে লগে জনসাধাৰণক লক্ষণ, প্ৰতিৰোধ কৌশল, আৰু আগতীয়াকৈ ধৰা পেলোৱাৰ গুৰুত্বৰ বিষয়ে জ্ঞান দিয়াৰ ক্ষেত্ৰত এই ধৰণৰ সজাগতা কাৰ্যসূচী অতি প্ৰয়োজনীয়। তেওঁ আৰু কয়, “এই পদক্ষেপৰ জৰিয়তে  আমি হেপাটাইটিছ মুক্ত সমাজ গঠনৰ বাবে এটি সমাজকেন্দ্ৰিক দৃষ্টিভংগী গঢ়ি তুলিবলৈ চেষ্টা কৰিছোঁ।"

বিশ্বজুৰি মূল লক্ষ্য হৈছে হেপাটাইটিছ বি আৰু চি ৰ সংক্ৰমণ নিৰ্মূল কৰা। তীব্ৰ ভাইৰেল হেপাটাইটিছৰ পৰা ভিন্নভাৱে, এই সংক্ৰমণসমূহে বহু বছৰৰ পৰ্যন্ত দীঘলীয়া হেপাটাইটিছ সৃষ্টি কৰে আৰু প্ৰতিবছৰে যকৃতৰ কোঁচ খাই যোৱা ৰোগ আৰু কেঞ্চাৰৰ ফলত ১০ লাখতকৈও অধিক লোকৰ মৃত্যু ঘটায়। এই দীৰ্ঘদিনীয়া হেপাটাইটিছৰ সংক্ৰমণেই বিশ্বজুৰি হেপাটাইটিছৰ ৯৫%তকৈ অধিক মৃত্যুৰ বাবে দায়ী।


সাৱধানতা আৰু প্ৰতিৰোধ

• নৱজাতকক টিকাকৰণ কৰা আৰু সময়মতে বুষ্টাৰ ড’জ দিয়া, বিশেষকৈ হেপাটাইটিছ বিৰ বাবে।

• সকলো গৰ্ভৱতী মহিলাৰ হেপাটাইটিছ বি, এইচ আই ভি, আৰু চিফিলিছৰ পৰীক্ষা আৰু চিকিৎসা কৰা।

• হেপাটাইটিছ প্ৰতিৰোধ, পৰীক্ষা আৰু চিকিৎসাৰ সাৰ্বজনীন সুবিধা নিশ্চিত কৰা—বিশেষকৈ প্ৰান্তীয় গোট যেনে কয়দী, প্ৰব্ৰজনকাৰী, আৰু ড্ৰাগছ বেজী দিয়া লোকৰ বাবে।

• নিৰাপদ পদ্ধতিৰ বিষয়ে সজাগতা বৃদ্ধি কৰা:

১) যৌন কাৰ্য্যৰ সময়ত কণ্ডম ব্যৱহাৰ কৰা

২) বেজী বা ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সামগ্ৰী ভাগ-বতৰা কৰাটো পৰিহাৰ কৰক

৩) সঠিক অনাময় ব্যৱস্থাৰ অভ্যাস কৰা

৪) টেটু আৰু বিন্ধাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰক

৫) উচ্চ বিপদজনক অঞ্চলত যাত্ৰা কৰাৰ সময়ত বটলত পানী সেৱন কৰিব লাগে

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here