এতিয়া প্ৰতিদিনে ৩ লাখ লিটাৰ দুগ্ধ প্ৰক্ৰিয়াকৰণ কৰিবলৈ সক্ষম হব পূৰবী ডেইৰী
W7s news,গুৱাহাটী; ২০ জুলাই, ২০২৫: অসমৰ দুগ্ধ খণ্ডক এক নতুন উচ্চতা প্ৰদান কৰি আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেড (ৱামুল)ৰ চৌহদত পূৰবী ডেইৰী উদ্যোগ সম্প্ৰসাৰণৰ বাবে আয়োজিত হোৱা ভূমি পূজন অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই অত্যাধুনিক পৰিসৰ সম্প্ৰসাৰণৰ পিছত উদ্যোগটোৰ দুগ্ধ প্ৰক্ৰিয়াকৰণ ক্ষমতা দৈনিক ১.৫ লাখ লিটাৰ (এল এল পি ডি)ৰ পৰা দৈনিক ৩ লাখ লিটাৰ (এল এল পি ডি)লৈ বৃদ্ধি পাব। এই উপলক্ষে আজি সমবায় মন্ত্ৰী যোগেন মহন, পশুপালন আৰু পশু চিকিৎসা মন্ত্ৰী কৃষ্ণেন্দু পাল, মুখ্য সচিব ৰবি কোটা (আই এ এছ), ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব’ৰ্ড (এন ডি ডি বি)ৰ অধ্যক্ষ ড০ মীনেশ শ্বাহকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
উল্লেখ্য যে, চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত এডভাণ্টেজ আছাম ২.০ শীৰ্ষ সন্মিলনত ৱামুল আৰু ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব’ৰ্ড (এন ডি ডি বি)ৰ মাজত স্বাক্ষৰিত বুজাবুজিৰ চুক্তিৰ অধীনত ১০৪ কোটি টকা ব্যয় সাপেক্ষে এই সম্প্ৰসাৰণ প্ৰকল্প নিৰ্মাণৰ প্ৰস্তাৱ লোৱা হৈছে। এই পদক্ষেপ গ্ৰাম্য দুগ্ধ উৎপাদকসকলৰ বাবে দুগ্ধজাত মূল্য শৃংখল শক্তিশালী কৰাৰ লগতে তেওঁলোকৰ বহনক্ষম জীৱিকা নিশ্চিত কৰাৰ বৃহত্তৰ প্ৰচেষ্টাৰ অবিচ্ছেদ্য অংগ।
অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয়, “পূৰবী ডেইৰী উদ্যোগৰ সম্প্ৰসাৰণ দুগ্ধ খণ্ডত আত্মনির্ভৰ অসমৰ আমাৰ দৃষ্টিভংগীৰ দিশত এক বৃহৎ পদক্ষেপ। এই উদ্যোগটোৰ প্ৰক্ৰিয়াকৰণ ক্ষমতা দুগুণ কৰি আমি কেৱল ৰাজ্যৰ অধিক দুগ্ধ পালকক উন্নত বজাৰ প্ৰদান কৰাই নহয়, আমাৰ জনসাধাৰণৰ পুষ্টি সুৰক্ষাও শক্তিশালী কৰি তুলিছোঁ। অসমৰ দুগ্ধ পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰাৰ লগতে গ্ৰাম্য জীৱিকাৰ সহায়ৰ বাবে প্ৰশংসনীয় প্ৰচেষ্টাৰ বাবে মই ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব’ৰ্ড আৰু পূৰবীক অভিনন্দন জ্ঞাপন কৰিছোঁ।”
এন ডি ডি বি আৰু ৱামুলৰ অধ্যক্ষ ড০ মীনেশ শ্বাহে কয়, “আজি পূৰবী ডেইৰী আৰু আমি প্ৰতিনিধিত্ব কৰা সকলো সমবায় পৰিয়ালৰ বাবে এক গৌৰৱময় মুহূৰ্ত। পূৰবী ডেইৰী উদ্যোগৰ এই সম্প্ৰসাৰণ সমবায় প্ৰচেষ্টা আৰু দূৰদৰ্শী নেতৃত্বৰ শক্তিৰ এক স্পষ্ট উদাহৰণ। দীৰ্ঘম্যাদী বহনক্ষমতা আৰু বিকাশৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি আৰু প্ৰতিষ্ঠানিক ব্যৱস্থাৰ জৰিয়তে অসম চৰকাৰৰ দুগ্ধ উন্নয়ন পৰিকল্পনাক সহায় কৰি যাবলৈ ৱামুল আৰু এন ডি ডি বি সদা প্ৰতিশ্ৰুতিবদ্ধ।”
উল্লেখযোগ্য যে, পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেড (ৱামুল)ৰ দ্বাৰা পৰিচালিত আৰু পূৰবী ডেইৰী ব্ৰেণ্ডৰ অধীনত চলি থকা পাঞ্জাবাৰী উদ্যোগটো উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ দুগ্ধ প্ৰক্ৰিয়াকৰণ উদ্যোগ। সম্প্ৰসাৰণৰ পিছত এই ক্ষমতা বৰ্তমানৰ দৈনিক ১.৫ লাখ লিটাৰ (এল এল পি ডি)ৰ পৰা দৈনিক ৩.০ এল এল পি ডিলৈ বৃদ্ধি পাব আৰু পেকেটযুক্ত পেষ্টুৰাইজড গাখীৰৰ উৎপাদন ১.১৫ এল এল পি ডিৰ পৰা ২.০ এল এল পি ডিলৈ বৃদ্ধি পাব। ইয়াৰ উপৰিও দৈনিক ২০ হাজাৰ লিটাৰ (টি এল পি ডি) ক্ষমতাৰে আধুনিক আইচক্ৰীম উৎপাদন কেন্দ্ৰ স্থাপন কৰা হ’ব, যিটো আৰু অধিক উন্নীত কৰি ৩০ টি এল পি ডিলৈ বৃদ্ধি কৰিব পৰা যাব। অন্যান্য দুগ্ধজাত সামগ্ৰীৰ বাবেও মুঠ উদ্যোগৰ ক্ষমতা ৭০ টি এল পি ডি হ’ব। এই নতুন সম্প্ৰসাৰণ কাৰ্যকৰী দক্ষতা বৃদ্ধিৰ বাবে আৰু গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীৰ ক্ৰমবৰ্ধমান চাহিদা পূৰণৰ বাবে সম্পূৰ্ণ সুসজ্জিত হ’ব।
এই নতুন পদক্ষেপে দুগ্ধ প্ৰক্ৰিয়াকৰণৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ সমান্তৰালভাৱে দুগ্ধ পালকসকলৰ উৎপাদিত সামগ্ৰীৰ বাবে এক সুস্থিৰ আৰু নিৰ্ভৰযোগ্য বজাৰো প্ৰদান কৰিব। এই উদ্যোগটো ৰাজ্যৰ আনুষ্ঠানিক দুগ্ধ খণ্ডৰ অধীনত দৈনিক ১০ লাখ লিটাৰ (এল এল পি ডি) দুগ্ধ প্ৰক্ৰিয়াকৰণ সুনিশ্চিত কৰাৰ লক্ষ্যৰে অসম দুগ্ধ উন্নয়ন পৰিকল্পনা (এ ডি ডি পি)ৰ এক গুৰুত্বপূৰ্ণ অংগ।
ইয়াৰ পূৰ্বে বিশ্ব বেংকৰ পুঁজিৰে এপাৰ্ট প্ৰকল্পৰ অধীনত পাঞ্জাবাৰীৰ এই উদ্যোগটো দৈনিক ৬০ হাজাৰ লিটাৰ উৎপাদন ক্ষমতাৰ পৰা দৈনিক ১.৫ লাখ লিটাৰ উৎপাদন ক্ষমতালৈ উন্নীত কৰা হৈছিল। ২০২৪ চনৰ মাৰ্চ মাহত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰা এই সম্প্ৰসাৰিত উদ্যোগটোৱে সমগ্ৰ ৰাজ্যতে ‘পূৰবী’ ব্ৰেণ্ডৰ সামগ্ৰীৰ যোগান আৰু বিতৰণ ত্বৰান্বিত কৰিছে, যাৰ ফলত উদ্বোধনৰ মাত্ৰ ১৮ মাহৰ ভিতৰতে প্ৰায় ১০০% ক্ষমতাৰ ব্যৱহাৰ হৈছে। এই অভূতপূৰ্ব চাহিদা আৰু বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত এতিয়া উদ্যোগটোৰ সম্প্ৰসাৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।
লক্ষণীয়ভাৱে, আগন্তুক ১৮ মাহৰ ভিতৰত এই সম্প্ৰসাৰিত উদ্যোগটো সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে। এই সম্প্ৰসাৰণ কেৱল আন্তঃগাঁথনিগত উন্নয়ন নহয়, এয়া হৈছে অসমৰ সমবায় দুগ্ধ আন্দোলনৰ ক্ৰমবৰ্ধমান অগ্ৰগতি আৰু ‘পূৰবী’ সামগ্ৰীৰ প্ৰতি গ্ৰাহকৰ আস্থা বৃদ্ধিৰ এক জীৱন্ত সাক্ষ্য।
No comments:
Post a Comment