গুৱাহাটীত স্থায়ী সেৱা কেন্দ্ৰ মুকলি পঞ্জাৱৰ লাভলী প্ৰফেচনেল ইউনিভাৰ্চিটীৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 4 July 2025

গুৱাহাটীত স্থায়ী সেৱা কেন্দ্ৰ মুকলি পঞ্জাৱৰ লাভলী প্ৰফেচনেল ইউনিভাৰ্চিটীৰ

 



W7s news গুৱাহাটী: উত্তৰ-পূৰ্বাঞ্চলৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ সপোনৰ পথ মুকলি কৰি পঞ্জাৱৰ লাভলী প্ৰফেচনেল ইউনিভাৰ্চিটী (এল পি ইউ)য়ে গুৱাহাটীৰ আমবাৰীত মুকলি কৰিছে তেওঁলোকৰ এক স্থায়ী সেৱা কেন্দ্ৰ। আমবাৰীৰ ৰবীন্দ্ৰ ভৱনৰ বিপৰীত দিশত মুকলি কৰা ১২০০ বৰ্গফুটৰ এই আধুনিক কেন্দ্ৰটো এল পি ইউত অধ্যয়নৰ আকাংক্ষী ছাত্ৰ-ছাত্ৰীৰ বাবে পৰামৰ্শ, প্ৰৱেশ পৰীক্ষাৰ সুবিধা আৰু সৰ্বাঙ্গীণ নিৰ্দেশনাৰ এক নিৰ্ভৰযোগ্য কেন্দ্ৰ হিচাপে গঢ়ি উঠিব।

সেৱা কেন্দ্ৰটোৰ শুভাৰম্ভ সন্দৰ্ভত উচ্ছ্বাস ব্যক্ত কৰি পূব ভাৰতৰ সহকাৰী সঞ্চালক তথা খণ্ড মুৰব্বী ভুৱন চাৰিনে কয়, “প্ৰতি বছৰে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ পৰা ১,০০০ৰো অধিক যুৱ প্ৰতিভাই এল পি ইউত প্ৰকৌশল, কৃষি আৰু অন্যান্য বিভিন্ন বিষয়ত নিজৰ ভৱিষ্যত গঢ়ি তুলিছে।” তেওঁ লগতে কয়, “এই স্থায়ী কেন্দ্ৰৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে বিশ্ববিদ্যালয়ৰ সৈতে সহজ আৰু ফলপ্ৰসূভাৱে সংযোগ স্থাপন কৰিব পাৰিব। পূৰ্বে আমি অঞ্চলটোত অস্থায়ী শিৱিৰৰ আয়োজন কৰিছিলো, আৰু সেই কাৰ্যক্ৰম অব্যাহত থাকিব। কিন্তু এই নতুন কেন্দ্ৰই বছৰজুৰি বিনামূলীয়া পৰামৰ্শ আৰু তথ্যৰ এখন সুৰক্ষিত আৰু সুগঠিত মঞ্চ প্ৰদান কৰিব।”

বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এক উল্লেখযোগ্য সংযোজন হিচাপে, এই কেন্দ্ৰই অষ্টম শ্ৰেণীৰ পৰা আৰম্ভ কৰি যুৱ প্ৰতিভাৰ বাবে বিনামূলীয়া মনোবিশ্লেষণমূলক সমাৱেশৰ ব্যৱস্থা কৰিব। এই সমাৱেশসমূহে তেওঁলোকৰ নিজৰ শক্তি আৰু আগ্ৰহৰ ওপৰত ভিত্তি কৰি উপযুক্ত কেৰিয়াৰৰ পথ বাছনি কৰাত আৰু দীৰ্ঘম্যাদী জীৱন পৰিকল্পনা গঢ়াত সহায় কৰিব, যাৰ ফলত তেওঁলোকৰ সপোনৰ পথ মসৃণ আৰু স্পষ্ট হ’ব।

গুৱাহাটী কেন্দ্ৰৰ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট সাহিত্যিক তথা সাহিত্য অকাডেমীৰ অনুবাদ বঁটা বিজয়ী অঞ্জন শৰ্মা; ইউ এছ টি এমৰ প্ৰ’ ভাইচ চান্সেলৰ বলেন্দ্ৰ কুমাৰ দাস;  পৰিৱেশ লেখক, জলবায়ু কৰ্মী ঋতুৰাজ ফুকন; আৰু অসম আভ্যন্তৰীণ জল পৰিবহণ নিয়ন্ত্ৰণ কৰ্তৃপক্ষৰ অধ্যক্ষপ্ৰবীৰ কুমাৰ  দাসকে ধৰি কেইবাগৰাকীও সন্মানীয় অতিথি উপস্থিত থাকে। তেওঁলোকৰ উপস্থিতিয়ে অনুষ্ঠানটোত যথেষ্ট মূল্য আৰু উৎসাহ যোগাইছিল।

উল্লেখ্য যে, এন এ এ চিৰ পৰা ৩.৬৮/৪ স্ক’ৰৰ সৈতে এ++ গ্ৰেড লাভ কৰা আৰু ইউ জি চিৰ ‘কেটেগৰী-১’ স্বায়ত্তশীলতাৰ মৰ্যাদাৰে সন্মানিত লাভলী প্ৰফেচনেল ইউনিভাৰ্চিটীয়ে (এল পি ইউ) অভিযান্ত্ৰিক, কৃত্ৰিম বুদ্ধিমত্তা আৰু মেচিন লাৰ্নিং, ডাটা বিজ্ঞান, চাইবাৰ সুৰক্ষা, সাংবাদিকতা, ফেশ্বন ডিজাইন, আইন, জৈৱপ্ৰযুক্তি, কৃষি, হোটেল পৰিচালনা, চলচ্চিত্ৰ আৰু টিভি প্ৰডাকচন, খাদ্য প্ৰযুক্তি, পৰিৱেশ বিজ্ঞান আদি বিভিন্ন ক্ষেত্ৰত ১৫০ৰো অধিক বৈচিত্ৰময় আৰু সমৃদ্ধ কাৰ্যসূচী প্ৰদান কৰে।

ইফালে, বিগত বছৰত ১০০ কোটি টকাৰো অধিক মূল্যৰ বৃত্তি প্ৰদান কৰি, সকলোৰে বাবে সুলভ আৰু উৎকৃষ্ট শিক্ষাৰ প্ৰতি নিজৰ অটল প্ৰতিশ্ৰুতি পুনৰ এবাৰ প্ৰমাণ কৰিছে বিশ্ববিদ্যালয়খনে। এল পি ইউ-য়ে সদায় শীৰ্ষ স্থান ধৰি ৰাখিছে। টি এইচ ই বিশ্ববিদ্যালয় ৰেংকিঙত ভাৰতৰ শীৰ্ষ ১০ খন বিশ্ববিদ্যালয়ৰ তালিকাত স্থান লাভ কৰাৰ সমান্তৰালভাৱে  কিউ এছ এছিয়া তথা টি এইচ ই ইম্পেক্ট ৰেংকিঙতো উচ্চ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে বিশ্ববিদ্যালয়খনে। উল্লেখযোগ্যভাৱে, টি এইচ ই ইম্পেক্ট ৰেংকিঙ ২০২৫ত বিশ্বৰ শীৰ্ষ ৫০ৰ ভিতৰত স্থান লাভ কৰা প্ৰথম ভাৰতীয় বিশ্ববিদ্যালয়সমূহৰ অন্যতম হৈছে এল পি ইউ।

এল পি ইউৰ টেৰিটৰী হেড ক্ষিৰোদ কুমাৰ শইকীয়াই কয়, “উত্তৰ-পূব ভাৰতৰ ছাত্ৰ-ছাত্ৰীসকলে এল পি ইউত বিস্তৃত বিষয়ত অধ্যয়ন কৰে। তেওঁলোকে বিশ্বমানৰ শিক্ষাৰ সুবিধাৰ লগতে অঞ্চলটোৰ প্ৰাক্তন ছাত্ৰ আৰু সহপাঠীৰ উষ্ম আৰু সজীৱ সমাজৰ পৰা সমৰ্থন লাভ কৰে, যাৰ ফলত তেওঁলোকে সদায় ঘৰুৱা আৰু উৎসাহজনক পৰিৱেশ অনুভৱ কৰে।”

গুৱাহাটীস্থিত এই কেন্দ্ৰটো এতিয়া এল পি ইউৰ পাঠ্যক্ৰমৰ বিষয়ে জানিব বিচৰা, ব্যক্তিগত পৰামৰ্শ ল’ব বিচৰা বা স্থানীয়ভাৱে প্ৰৱেশ পৰীক্ষাত অংশগ্ৰহণ কৰিব বিচৰা সকলো সম্ভাৱ্য ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ বাবে মুকলি হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here