বিশ্ব যুৱ দক্ষতা দিৱস ২০২৫: কেইৰ্ণ অইল এণ্ড গেছৰ উদ্যোগে অসমত যুৱ সবলীকৰণ ত্বৰান্বিত কৰিছে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday, 16 July 2025

বিশ্ব যুৱ দক্ষতা দিৱস ২০২৫: কেইৰ্ণ অইল এণ্ড গেছৰ উদ্যোগে অসমত যুৱ সবলীকৰণ ত্বৰান্বিত কৰিছে


 

W7s news,,গোলাঘাট, জুলাই ১৫, ২০২৫ :  বেদান্ত গ্ৰুপৰ অন্তৰ্গত আৰু ভাৰতৰ সৰ্ববৃহৎ ব্যক্তিগত তেল আৰু গেছৰ প্ৰতিষ্ঠান কেইৰ্ণ অইল এণ্ড গেছে ডিজিটেল সাক্ষৰতাৰ জৰিয়তে যুৱ সবলীকৰণৰ প্ৰতি নিজৰ দায়বদ্ধতা প্ৰকাশ কৰিছে। তৃণমূল পৰ্যায়ত উদ্যোগীকৰণ আৰু আত্মনিৰ্ভৰশীলতাৰ ক্ষেত্ৰত কেইৰ্ণৰ পদক্ষেপসমূহে  বিশেষকৈ পিছপৰা অঞ্চলসমূহত, শিক্ষণ,  জীৱিকা আৰু নেতৃত্বৰ সুযোগ প্ৰদান কৰি যুৱ বিকাশৰ বাবে এক স্থায়ী পথ নিৰ্মাণ কৰিছে।


অসমৰ গোলাঘাট জিলাৰ মাজমজিয়াত অৱস্থিত সৰুপথাৰ মহাবিদ্যালয়ত এতিয়া ৩৯০০ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে ডিজিটেল প্ৰযুক্তিৰ সৈতে কেৱল পাঠ্য বিষয় হিচাপে নহয়, সম্ভাৱনাৰে ভৰপূৰ এখন নতুন জগতৰ দুৱাৰ হিচাপে জড়িত হৈছে। কেইৰ্ণৰ সামান্য ডিজিটেল শ্ৰেণীকোঠাৰ পৰিকল্পনা হিচাপে আৰম্ভ কৰা  পদক্ষেপ এতিয়া এক সমৃদ্ধিশালী দক্ষতা বিকাশ কেন্দ্ৰলৈ পৰিণত হৈছে। প্ৰথম অৱস্থাত ডিজিটেল প্লেটফৰ্মৰ সৈতে সীমিত পৰিচয় থকা ছাত্ৰ-ছাত্ৰীসকলে এতিয়া সক্ৰিয়ভাৱে অনলাইন বক্তৃতা, ৱেবিনাৰ আৰু ভাৰ্চুৱেল অনুষ্ঠানত অংশগ্ৰহণ কৰিব পৰিছে । ইয়াৰ ফলত ভৱিষ্যতৰ দিশত এক বিশেষ পৰিৱৰ্তনৰ আশা দেখা গৈছে।


কোম্পানীটোৰ মুখপাত্ৰই উল্লেখ কৰে যে, “যুৱক-যুৱতীসকল হৈছে জাতিটোৰ ভৱিষ্যৎ, আৰু তেওঁলোকক এক অৰ্থপূৰ্ণ জীৱন গঢ়াৰ সুযোগ প্ৰদান কৰাটো আমাৰ দায়িত্ব। আমাৰ কেন্দ্ৰসমূহত প্ৰশিক্ষণপ্ৰাপ্ত ব্যক্তিসকলে স্বতন্ত্ৰভাৱে আৰু আত্মবিশ্বাসেৰে নিজৰ জীৱনত সফলতা লাভ কৰিছে।”

তেওঁ লগতে কয় যে, “অসমত আমাৰ দক্ষতা-নিৰ্মাণৰ প্ৰচেষ্টাৰ জৰিয়তে আমি ভবিষ্যতৰ বাবে কৰ্মশক্তি গঢ়ি তুলিছো। আমি বিশ্বাস কৰোঁ, যুৱসমাজৰ সামৰ্থ্যত বিনিয়োগ কৰাটো কেৱল সামাজিকভাৱে প্ৰয়োজনীয় নহয়—ই স্থায়ী আঞ্চলিক আৰু ৰাষ্ট্ৰীয় প্ৰগতিৰো এক গুৰুত্বপূর্ণ পদক্ষেপ ।”


কেয়ৰ্নে স্কেলযোগ্য, অন্তর্ভুক্তিমূলক আৰু প্ৰযুক্তি-চালিত হস্তক্ষেপত বিনিয়োগ কৰিছে, যিয়ে যুৱসমাজক আগন্তুক সময়ৰ বাবে সজ্জিত কৰি তুলিছে। স্থানীয় পৰ্যায়ত অংশীদাৰিত্বৰ জৰিয়তে কেয়ৰ্নে ডিজিটেল দক্ষতাৰ জৰিয়তে যুৱসমাজৰ মাজত এক ইতিবাচক পৰিৱৰ্তন আনিছে।


ইয়াৰ বিশেষ পদক্ষেপ অংশ হিচাপে কৃষি বিভাগ আৰু যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত সৰুপথাৰ মহাবিদ্যালয়ে অঞ্চলটোৰ অৰ্থনীতিৰ অনুকূলে বিশেষ চাহ ব্যৱস্থাপনা আৰু প্ৰমাণীকৰণ পাঠ্যক্ৰম আৰম্ভ কৰিছে। দুমাহৰ এই কাৰ্যসূচীত প্ৰতিটো ক্লাছত ১২০ জন ছাত্ৰ-ছাত্ৰীক বহনক্ষম চাহ খেতি কৌশলৰ প্ৰশিক্ষণ দিয়া হয় আৰু ব্যৱহাৰিক অভিজ্ঞতা প্ৰদান কৰা হয়। এই পাঠ্যক্ৰমটোৱে শ্ৰেণীকোঠাৰ জ্ঞানক ক্ষেত্ৰভিত্তিক প্ৰশিক্ষণৰ সৈতে সংযুক্ত কৰি ছাত্ৰ-ছাত্ৰীসকলক স্থানীয়ভাৱে প্ৰাসংগিক আৰু বিশ্বব্যাপী অনুৰণনশীল, ব্যৱহাৰিক আৰু নিয়োগ-উপযোগী দক্ষতাৰে সজ্জিত কৰে।

এ আই আৰু ডিজিটেল দক্ষতাৰ জৰিয়তে যুৱ সবলীকৰণ’ লক্ষ্যৰে ২০২৫ চনৰ বিশ্ব যুৱ দক্ষতা দিৱস উপলক্ষে কেয়ৰ্নে আত্মনিৰ্ভৰশীলতাৰ জৰিয়তে ৰাষ্ট্ৰ গঠনৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here