গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচন আৰু সম্বৰ্ধনা অনুষ্ঠান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday, 22 June 2025

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচন আৰু সম্বৰ্ধনা অনুষ্ঠান

 

অসমীয়া অতি জীয়াই থকা লৈকে বিহু জীয়াই থাকিব-খগেন গগৈ



W7s news গুৱাহাটী :  গুৱাহাটী প্ৰেছ ক্লাৱত দেওবাৰে অনুষ্ঠিত এখন গাম্ভীৰ্যপূৰ্ণ সভাত প্রিয়নাৰী ড° মন্দিৰা বৰুৱাৰ 'বিহুনাম বিনন্দীয়া' আৰু 'বিয়ানাম অমিয়া' নামৰ দুখনি গ্রন্থ উন্মোচন কৰা হয়।

এশ বছৰৰ পুৰণি বিহুনাম সংগ্রহ 'বিহুনাম বিনন্দীয়া' গ্রন্থখন উন্মোচন কৰি বিহু সম্ৰাট খগেন গগৈ য়ে কয়- মন্দিৰা বৰুৱাক বহু দিন আগতে পাইছিলোঁ। তেওঁ বিভিন্ন লোকসংস্কৃতিৰ কামত  একাগ্ৰতাৰে লাগি আছে। বিহু নাম বুলি কলে  অনুষ্ঠানলৈ আহিবলৈ মন যায়।  অসমীয়া অতি জীয়াই থকা লৈকে বিহু জীয়াই থাকিব।  অসমীয়া লোক সংস্কৃতি যদি ভালদৰে শিকে তেতিয়া বহু কামত সহায়ক হয়।  মই এই লোক সংস্কৃতিৰ লগত জড়িত হোৱা বাবে পৃথিৱীৰ ১৫ খন ৰাষ্ট্ৰ ঘূৰিবলৈ সক্ষম হলো। মই লোক সংস্কৃতি, টোকাৰী গীত হৃদয়ত লৈ থকা বাবে আজি দেশ  বিদেশ ঘূৰিলোঁ। লেখিকাই ১০০ বছৰ পুৰণি বিহু নাম সংগ্ৰহ কৰিছে।যদিহে কিছুমান থলুৱা শব্দ বাদ দিয়া হয় তেতিয়া লোক সংস্কৃতিৰ আমেজ নোহোৱা হৈ যাব । লেখিকাই সংগ্ৰহ কৰা এই গ্ৰন্থখনত পূৰণা পুৰণা বিহু নাম ৰাইজে সংগ্ৰহ কৰিবলৈ সক্ষম হ'ব।'আনহাতে 'বিয়ানাম অমিয়া' নামৰ গ্ৰন্থখন উন্মোচন কৰি কন্ঠশিল্পী প্ৰশান্ত ৰাজখোৱাই কয়- সাহসী নাৰী মন্দিৰা বৰুৱাই অসমৰ প্রথম মহিলা কেব চালক।  তেওঁ বহু মহিলাক স্বাৱলম্বী কৰিছে। এনে এগৰাকী নাৰী আমাৰ সমাজৰ বাবে খুবেই প্ৰয়োজন।  তেওঁৰ বিয়া নাম আৰু এশ বছৰ পুৰণি বিহু নাম সংগ্ৰহ কৰা এক আপুৰুগীয়া প্ৰচেষ্টা। তেওঁ আৰু ভাল ভাল কম কৰি যাওঁক। সমাজ সংস্কৃতিৰ বাবে কাম কৰি আগবাঢ়ি যাওঁক তাৰে আশা কৰিলোঁ।'গীত বাদ্যৰ সমাহাৰেৰে জীপাল কৰিব খোজা এই সভাত কেইবাটাজনো বিশেষ ব্যক্তি ক্ৰমে চক্ৰপানী পৰাশৰ(সাংবাদিকতা), বশিষ্ঠ দেৱ ফুকন(সাংবাদিকতা),মনজিৎ ৰাজখোৱা(চিত্ৰশিল্পী),মৃন্ময় গোস্বামী(সমাজ সেৱক),ভৱেন বড়া(সাহিত্যিক),বিশ্বজিৎ দাস(মুখ্য সম্পাদক অসমীয়া খবৰ,)অলি বড়া(বিশিষ্ট ব্যৱসায়ী),ডাঃধীৰেন  কুমাৰ নাথ(চিকিৎসক),শংকৰ কাকতি(সাহিত্যিক,সাংবাদি),ৰাণা বশিষ্ঠ(অসম শিক্ষা সংসদৰ সচিব),ৰূপজ্যোতি কলিতা(পাট মুগা সাজ ব্যৱসায়ী),দেৱেশ্বৰ শইকীয়া(বিশিষ্ট ঢোলবাদক)ড° হেমেন হাজৰিকা(জেষ্ঠ পৰিৱেশ বিজ্ঞানী,ভাৰত চৰকাৰ),হীৰকজ্যোতি শৰ্মা(লোকশিল্পী)ক  বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। সভাখন আতঁধৰে সাতসৰী সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ সাংস্কৃতিক সম্পাদক অসম ভাষা গৌৰৱ বটাঁ প্ৰাপ্ত যুৱ সাহিত্যিক ৰণদ্বীপ চহৰীয়াই। সভাত সাতসৰীৰ স্বত্বাধিকাৰী ড০ মন্দিৰা বৰুৱাই গ্ৰন্থ দুখনৰ আঁৰৰ কথা কোৱাৰ লগতে এটা বিয়ানাম পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে ।সভাত বৰগীত পৰিৱেশন কৰে লাৱণ্য মহন্তই,মেনডলিন বাদন কৰে ভাৰ্চু বৰুৱাই আৰু সমবেত সংগীত পৰিৱেশন সাতসৰীৰ সদস্য বৃন্দই।


সভাত বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here