প্ৰদৰ্শনীত ৪০০ৰো অধিক ছাত্ৰ-ছাত্ৰীৰ নৱ সৃষ্টি আৰু সৃজনশীলতাৰ প্ৰদৰ্শন
W7s news,,গুৱাহাটী, ৫ জুন, ২০২৫: বিশ্ব পৰিবেশ দিৱসৰ সৈতে সংগতি ৰাখি কাহিলীপাৰাৰ মডাৰ্ণ ইংলিছ স্কুলৰ উদ্যোগত আয়োজিত ‘বিজ্ঞান আৰু গণিত প্ৰদৰ্শনী ২০২৫’ৰ জৰিয়তে আজি সৃজনশীলতা আৰু বহনক্ষম চিন্তাৰ এক সজীৱ মঞ্চলৈ ৰূপান্তৰিত হৈ পৰে বিদ্যালয়খনৰ চৌহদ। ৪০০ৰো অধিক ছাত্ৰ-ছাত্ৰীৰ সক্ৰিয় অংশগ্ৰহণ আৰু ২০০ৰো অধিক আকৰ্ষণীয় প্ৰকল্পৰ প্ৰদৰ্শনেৰে এই অনুষ্ঠানটো উদ্ভাৱন, পৰিৱেশ সজাগতা, আৰু বৈজ্ঞানিক অনুসন্ধানমুখী মনোভাৱৰ এক বৃহৎ সংমিশ্ৰণত পৰিণত হয়।
বিশ্ব পৰিৱেশ দিৱসৰ বাবে উৎসৰ্গিত ছাত্ৰ-ছাত্ৰীৰ এক বিশেষ পুৱাৰ সভাৰে আৰম্ভ কৰা হয় দিনজোৰা কাৰ্যসূচীৰ। এই সমাৱেশত ছাত্ৰ-ছাত্ৰীসকলে পৃথিৱী ৰক্ষাৰ গুৰুত্বৰ ওপৰত নিজৰ চিন্তা ব্যক্ত কৰে। ইয়াৰ পিছতে বৃক্ষৰোপণ কাৰ্যসূচী অনুষ্ঠিত হয়, য’ত সকলো শিক্ষাগুৰু আৰু ছাত্ৰ-ছাত্ৰীৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণৰ জৰিয়তে পৰিৱেশ সজাগতাৰ প্ৰতি বিদ্যালয়খনৰ দায়বদ্ধতা আৰু অধিক প্ৰতিফলিত হয়।
ইফালে, প্ৰদৰ্শনীৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক ক্ৰমে তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণী, ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণী আৰু নৱম শ্ৰেণীৰ পৰা পৰা একাদশ শ্ৰেণীলৈ তিনিটা শাখাত ভাগ কৰা হয়। প্ৰতিটো শাখাৰ ছাত্ৰ-ছাত্ৰীসকলে ব্যক্তিগতভাৱে আৰু গোটত বিভিন্ন বিষয়ৰ ওপৰত প্ৰকল্প উপস্থাপন কৰে। এই বিষয়সমূহৰ ভিতৰত আছিল নবীকৰণযোগ্য শক্তি, কৃত্ৰিম বুদ্ধিমত্তা, দুৰ্যোগ ব্যৱস্থাপনা, গাণিতিক মডেলিং, ৰবটিক্স, মহাকাশ অন্বেষণ, আৱৰ্জনা আৰু সম্পদ ব্যৱস্থাপনা আদি। শিশুসকলৰ বাবে বিষয়সমূহ মুকলি পছন্দৰ ওপৰত ভিত্তি কৰি কৰা হয় যদিও উচ্চ শাখাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰকল্পসমূহ স্বাস্থ্য, বহনক্ষম উন্নয়ন আৰু প্ৰযুক্তিগত উন্নতিৰ নিৰ্দিষ্ট বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হয়।
উল্লেখ্য যে, এই প্ৰদৰ্শনীৰ অন্যতম আকৰ্ষণীয় অংশ আছিল ইয়াৰ ইন্টাৰেক্টিভ ৰবটিক্স জ’ন। এই শিতানত ছাত্ৰ-ছাত্ৰীসকলে স্বয়ংক্ৰিয় কাম কৰিব পৰা ৰবট আৰু ভৱিষ্যতৰ আৰ্হি প্ৰদৰ্শন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। সমান্তৰালভাৱে এখন পৰীক্ষামূলক ডেস্কও স্থাপন কৰা হয়, য’ত দৰ্শকসকলে লাইভ বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা আৰু ব্যৱহাৰিক প্ৰদৰ্শনত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰে। ফলত সকলো বয়সৰ লোকৰ মাজত বিজ্ঞানৰ প্ৰতি কৌতুহল আৰু আগ্ৰহ বৃদ্ধি পোৱা পৰিলক্ষিত হয়।
এই অনুষ্ঠানৰ আন এক উল্লেখযোগ্য দিশ আছিল বঁটা বিজয়ী কল্পবিজ্ঞান আৰু পৰিৱেশ বিষয়ক চুটি ছবিৰ প্ৰদৰ্শন। বিজ্ঞানসন্মত কল্পনা আৰু জলবায়ু সচেতনতাৰ এক নতুন সংমিশ্ৰণ উপস্থাপন কৰা ছবিখনে ছাত্ৰ-ছাত্ৰীৰ চিন্তাৰ জগতখনত ৰহণ সানে।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰয়োগ বিজ্ঞানৰ অধ্যাপক ড০ ঈশাংকুৰ শইকীয়া, জ্যেষ্ঠ উপাধ্যক্ষ অনন্ত কলিতা আৰু মডাৰ্ণ ইংলিছ স্কুলৰ পিজিটি-বায়’লজি ড০ লিপিকা তামুলীৰে গঠিত প্ৰদৰ্শনীৰ বিচাৰকৰ পেনেলে মৌলিকতা, কাৰিকৰী দক্ষতা, শৈক্ষিক গুৰুত্ব, আৰু বাস্তৱ জীৱনৰ প্ৰাসংগিকতাৰ ওপৰত ভিত্তি কৰি প্ৰতিটো প্ৰকল্পৰ মূল্যায়ন কৰে।
মডাৰ্ণ ইংলিছ স্কুলৰ অধ্যক্ষা জোনালী দাসে কয়, “আজিৰ প্ৰদৰ্শনীখনত আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ সীমাহীন কৌতুহল আৰু সৃষ্টিশীলতাৰ প্ৰতিফলন ঘটিছে। বহনক্ষম উন্নয়নৰ পদক্ষেপৰ পৰা আৰম্ভ কৰি উন্নত প্ৰযুক্তিভিত্তিক প্ৰদৰ্শনলৈকে- তেওঁলোকৰ প্ৰতিটো প্ৰকল্পই প্ৰমাণ কৰে যে এই প্ৰজন্ম নেতৃত্ব আৰু উদ্ভাৱন কৰিবলৈ সাজু।”
উপাধ্যক্ষা তথা বিজ্ঞান বিভাগৰ মুৰব্বী সুস্মিতা চন্দাই কয়, “এই অনুষ্ঠানটো কেৱল এক শৈক্ষিক প্ৰদৰ্শন নাছিল, ই আছিল কৌতুহল, সহযোগিতা আৰু বিশ্লেষণাত্মক চিন্তাৰ আনন্দময় উদযাপন। আজিৰ যুৱ প্ৰজন্মই বাস্তৱ জগতৰ সমস্যা সমাধান কৰি বিজ্ঞানৰ ভাষা সকলোৰে বাবে সহজ কৰি তুলিছে। এই দৃশ্য সঁচাকৈয়ে প্ৰেৰণাদায়ক।”
বিজ্ঞান বিভাগৰ মুৰব্বী শ্ৰী নীলোৎপল বৰাই কয়, “এই প্ৰদৰ্শনীখন আয়োজন কৰাৰ উদ্দেশ্য আছিল ছাত্ৰ-ছাত্ৰীসকলৰ সামৰ্থ্যৰ মূল্যায়ন আৰু তেওঁলোকৰ উৎসাহ বৃদ্ধি কৰা। গণিত আৰু বিজ্ঞানৰ দৈনন্দিন প্ৰয়োগৰ ওপৰত ছাত্ৰ-ছাত্ৰীসকলে উপস্থাপন কৰা কাৰ্য্যকৰী আৰু অকাৰ্য্যকৰী আৰ্হিসমূহ সঁচাকৈয়ে প্ৰশংসনীয় আছিল। ইয়াৰ উপৰিও বিভিন্ন কাউণ্টাৰত দৰ্শক, প্ৰদৰ্শনীত ভাগ নোলোৱা ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ বাবে গণিতৰ খেল আৰু স্ফূৰ্তিৰ ব্যৱস্থা কৰা হয়। এই দিনটো সকলো অংশগ্ৰহণকাৰীয়ে অতি আনন্দ আৰু উৎসাহেৰে উপভোগ কৰিছে।”
হাতে-কামে শিক্ষণ আৰু পৰিৱেশ সচেতন চিন্তাৰ সংমিশ্ৰণেৰে গঢ় লৈ উঠা এই প্ৰদৰ্শনীত অভিভাৱকৰ সক্ৰিয় সহযোগিতাও অতি গুৰুত্বপূৰ্ণ পৰিলক্ষিত হয়। সমগ্ৰ প্ৰস্তুতিৰ সময়ছোৱাত তেওঁলোকৰ উৎসাহ আছিল অনন্য। সামগ্ৰিকভাৱে এই দিনটোৱে মডাৰ্ণ ইংলিছ স্কুলৰ দূৰদৰ্শী লক্ষ্যক উজ্জ্বল কৰি তোলে। বিদ্যালয়খনৰ লক্ষ্য হৈছে ভৱিষ্যতৰ বাবে এনে এটা প্ৰজন্ম গঢ় দিয়া, যিটো প্ৰজন্ম বৈজ্ঞানিকভাৱে কৌতুহলী, সামাজিকভাৱে সচেতন, আৰু পৰিৱেশৰ প্ৰতি দায়বদ্ধ হ’ব।
No comments:
Post a Comment