W7s news,,ল’ৰিটজ নুডচেন ইলেক্ট্ৰিকেল এণ্ড অটোমেচনে ভাৰতৰ দ্ৰুতগতিত বৃদ্ধি পোৱা ঔদ্যোগিক আৰু আন্তঃগাঁথনি খণ্ডক লক্ষ্য কৰি এইপৰ্যন্ত আটাইতকৈ বিস্তৃত প্ৰডাক্ট পৰ্টফলিঅ’সমূহ মুকলি কৰিছে। ভাৰতৰ ডিজিটেল আৰু শক্তিৰ ভৱিষ্যতক শক্তিশালী কৰাৰ লক্ষ্যৰে ১০টাতকৈও অধিক উন্নত বৈদ্যুতিক আৰু অটোমেচন সমাধান প্ৰদৰ্শনৰ বাবে কোম্পানীটোৱে ৩০খন চহৰৰ প্ৰযুক্তি ভ্ৰমণো আৰম্ভ কৰিছে।
নতুন পৰ্টফলিঅ’ত আছে এক বিস্তৃত ইভি চাৰ্জিং ইক’চিষ্টেম, ডিজিটেল-ৰেডি শক্তি বিতৰণ ব্যৱস্থা, এণ্ড-টু-এণ্ড ঔদ্যোগিক অটোমেচন সঁজুলি, আৰু স্মাৰ্ট নিউমেৰিকেল প্ৰটেকচন ৰিলে ইত্যাদি। এই সমাধানসমূহ ভাৰতৰ আঞ্চলিক ঔদ্যোগিক কেন্দ্ৰসমূহৰ নিৰ্দিষ্ট চাহিদা পূৰণ আৰু চৰকাৰসমূহৰ বিকাশ ভাৰত ২০৪৭ দৃষ্টিভংগীৰ সৈতে সংগতি থকাকৈ তৈয়াৰ কৰা হৈছে।
ল'ৰিট্জ নুডচেনৰ চিঅ'অ' নৰেশ কুমাৰে এই বিষয়ে কয়," আমাৰ লক্ষ্য হৈছে ভাৰতৰ স্থানীয় ঔদ্যোগিক প্ৰয়োজনীয়তা পূৰণ কৰা স্মাৰ্ট, অভিযোজিত প্ৰযুক্তিৰ প্ৰৱেশাধিকাৰ গণতান্ত্ৰিক কৰা। কইম্বাটুৰৰ বস্ত্ৰ মিলৰ আধুনিকীকৰণৰ পৰা আৰম্ভ কৰি ৰায়পুৰৰ ৰাইচ মিলৰ স্বয়ংক্ৰিয়কৰণলৈকে আমাৰ উদ্ভাৱনসমূহ উদ্দেশ্যপ্ৰণোদিতভাৱে প্ৰস্তুত কৰা হৈছে।
ভ্ৰমণৰ এক গুৰুত্বপূৰ্ণ গন্তব্যস্থান গুৱাহাটীৰ স্থানীয় উদ্যোগ আৰু অংশীদাৰসকলেও যথেষ্ট আশা প্ৰকাশ কৰে। অসম উত্তৰ-পূবৰ উৎপাদনৰ প্ৰৱেশদ্বাৰ হিচাপে আত্মপ্ৰকাশ কৰাৰ লগে লগে ল'ৰিট্জ নুডচেঞ্চ চল্যুচনে সমগ্ৰ অঞ্চলৰ কৃষি-ঔদ্যোগিক আৰু আন্তঃগাঁথনি প্ৰকল্পসমূহত স্বয়ংক্ৰিয়তা আৰু স্বচ্ছ শক্তি গ্ৰহণ ত্বৰান্বিত কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।
No comments:
Post a Comment