জীৱন শৈলীৰ পৰিৱৰ্তনৰ বাবে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ভয়াবহভাৱে বৃদ্ধি পাইছে বৃক্ক জনিত ৰোগ
W7s news গুৱাহাটী :
জীৱন শৈলীৰ পৰিৱৰ্তনৰ বাবে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ভয়াবহভাৱে বৃদ্ধি পাইছে বৃক্ক জনিত ৰোগ। কেৱল অসম বা উত্তৰ পূৰ্বাঞ্চলে নহয় সমগ্ৰ ভাৰতবৰ্ষতে বৃক্ক জনিত ৰোগ বৃদ্ধি পাইছে-এইদৰে হায়দৰাবাদৰ যশোদা হাস্পতালৰ পৰামৰ্শদাতা নেফ্র' লজিষ্ট আৰু কিডনী ট্রান্সপ্লান্ট চিকিৎসক
ডাঃ চেতন বীৰমানেনিয়ে।
শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত হায়দৰাবাদৰ যশোদা হাস্পতালৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত বিশেষজ্ঞ চিকিৎসক তথা ১০ বছৰৰ অভিজ্ঞতা সম্পন্ন
ডাঃ চেতন বীৰমানেনিয়ে লগতে কয়- সাম্প্ৰতিক সময়ত মধুমেহ ৰোগ সমগ্ৰ ভাৰতবৰ্ষতে এক ব্যাধি হিচাপে পৰিগণিত হৈছে। অসম তথা উত্তৰ পূৰ্বাঞ্চলতো মধুমেহ জনিত ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে। যাৰ ফলত বৃক্কজনিত ৰোগ বৃদ্ধি পাইছে। মানুহৰ জীৱন শৈলীৰ পৰিৱৰ্তনেও ইয়াত ইন্ধন যোগাইছে। তদুপৰি হাইপাৰ টেনচনো এই ৰোগ বৃদ্ধিৰ অন্যতম কাৰণ।
অসমৰ পৰা প্ৰতিবছৰে হায়দৰাবাদৰ যশোদা হাস্পতাললৈ নিউৰ'লজি, নেফ্ৰ'লজি, গেষ্ট্ৰ'লজি আৰু অংক'লজি বিভাগত চিকিৎসা কৰিবলৈ ৪০ শতাংশ ৰোগীৰ আগমন ঘটে। আমাৰ হাস্পতালত বহু
উন্নত চিকিৎসা সেৱা ব্যৱস্থা আছে আৰু অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰোগীৰ বাবে ইয়াৰ খাদ্য যোগান আৰু ভাষাৰ যাতে সমস্যা নহয় তাৰবাবেও লোক ৰখা হৈছে।'
উল্লেখ, এইজন চিকিৎসকৰ বিশেষজ্ঞতা আছে তীব্র কিডনী বিকলতা, দীর্ঘম্যাদী কিডনী বিকলতা, দ্রুতগতিত অগ্রগতিশীল কিডনী বিকলতা, গ্ল' মেৰ' ল' নেফ্রাইটিছ, কিডনীৰ পাথৰ ৰোগ, মূত্ৰনলীৰ সংক্রমণ, শিশুৰ কিডনী ৰোগ, জন্মগত কিডনী ৰোগ, ডায়েবেটিকজনিত কিডনী ৰোগ, উচ্চ ৰক্তচাপজনিত কিডনী ৰোগ, কৰ্কটৰ সৈতে জড়িত তীব্র কিডনীৰ ক্ষতি, ড্ৰাগৰ অত্যধিক মাত্ৰা আৰু বিষক্রিয়া, সর্পদংশন, আৰু পেৰিট' নিয়েল ডায়েলিছিছ, হিম' ডায়েলিছিছ, হিম' পার্ফিউজন আৰু থেৰাপিউটিক প্লাজমা এক্সচেঞ্জৰ দৰে কিডনী প্রতিস্থাপন চিকিৎসা গ্ৰহণ কৰা ৰোগীৰ মূল্যায়ন আৰু পৰিচালনাত। তেওঁ প্রাপ্তবয়স্ক আৰু শিশুৰ কিডনী ট্রান্সপ্লান্ট ৰোগীৰ মূল্যায়ন আৰু পৰিচালনাতো বিশেষজ্ঞ-এবিও সামঞ্জস্যপূর্ণ আৰু অসামঞ্জস্যপূর্ণ, জীৱিত সম্পর্কিত বা অসম্পর্কিত, আৰু মৃতদেহৰ ট্রান্সপ্লাণ্টৰ ক্ষেত্ৰতো। তেওঁ আলট্রাচাউণ্ডৰ সহায়ত কিডনী বায়' সি-প্রাপ্তবয়স্ক আৰু শিশু, ডায়েলিছিছ কেথেটাৰ স্থাপন-অস্থায়ী আৰু স্থায়ী কেথেটাৰ, প্ৰাপ্তবয়স্ক আৰু শিশুৰ ক্ষেত্ৰত, পেৰিট' নিয়েল ডায়েলিছিছ কেথেটাৰ স্থাপনৰ দৰে বিভিন্ন আক্ৰমণাত্মক প্রক্রিয়াতো বিশেষজ্ঞ। তেওঁৰ নিয়মীয়া হিম' ডায়েলিছিছ, সাসটেইনড লো এফিচিয়েন্সি ডায়েলিছিছ (SLED), হিম' ডায়েফিট্রেচন, কন্টিনিউয়াছ ৰিনেল ৰিপ্লেচমেণ্ট থেৰাপী (CRRT), স্লো কন্টিনিউয়াছ আলট্রাফিলট্রেচন (SCUF) আৰু মিডিয়াম কাট-অফ ডায়েলিছিছৰ দৰে বিভিন্ন হিম' ডায়েলিটিক পদ্ধতিৰে ৰোগী পৰিচালনাৰ ব্যাপক অভিজ্ঞতা আছে। তেওঁ প্ৰতি মাহৰ তৃতীয় শুশুকুৰবাৰে গুৱাহাটীলৈ আগমন কৰিব অসমৰ জনগণৰ বাবে উন্নত স্বাস্থ্যসেৱা প্ৰদানৰ বাবে।
No comments:
Post a Comment