উত্তৰ-পূবৰ বজাৰত প্ৰৱেশ কৰে মহিলাৰ ইনাৰৱেৰ নিৰ্মাতা কোম্পানী লা-ব্ৰেৰীয়ে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday, 11 June 2025

উত্তৰ-পূবৰ বজাৰত প্ৰৱেশ কৰে মহিলাৰ ইনাৰৱেৰ নিৰ্মাতা কোম্পানী লা-ব্ৰেৰীয়ে


 

W7s newsগুৱাহাটী, ১১ জুন।হাৰিয়ানাস্থিত মহিলাৰ ইনাৰৱেৰ নিৰ্মাতা কোম্পানী লা-ব্ৰেৰীয়ে অসমকে ধৰি উত্তৰ-পূবৰ বজাৰত নিজৰ সামগ্ৰী মুকলি কৰিছে। এই ক্ষেত্ৰত যোৱা দুটা দশকৰ দীৰ্ঘদিনীয়া অভিজ্ঞতা থকা লা-ব্ৰেয়াৰীৰ  উত্তৰ-পূবৰ সুনামধন্য খুছি এণ্টাৰপ্ৰাইজক বিতৰক হিচাপে নিযুক্ত কৰা হৈছে। এই সন্দৰ্ভত লা-ব্ৰেয়াৰীৰ চিইঅ’ অনুজ চিংলাই কয় যে ২০১৮ চনত এই কোম্পানীটো প্ৰতিষ্ঠা কৰা হৈছিল।যোৱা ৭ বছৰত এই কোম্পানীটোৱে মহিলাৰ ইনাৰৱেৰ ক্ষেত্ৰত মহিলাৰ প্ৰিয় ব্ৰেণ্ড হিচাপে আত্মপ্ৰকাশ কৰিছে। লা-ব্ৰেৰীৰ অধীনত থকা সামগ্ৰীৰ ৰেঞ্জত মহিলাৰ বাবে সকলো ধৰণৰ ইনাৰৱেৰ উপলব্ধ। তেওঁ আৰু কয় যে ব্ৰেণ্ডটোৰ মূল দৰ্শনে বিশ্বাস কৰে যে প্ৰতিটো শৰীৰেই অনন্য আৰু সুন্দৰভাৱে ফিট, আৰামদায়ক আৰু আত্মবিশ্বাস বৃদ্ধি কৰা ইনাৰৱেৰ যোগ্য। এনে পৰিস্থিতিত লা-ব্ৰেৰীৰ শ্লোগান হৈছে মহিলাৰ দ্বাৰা মহিলাৰ বাবে। প্ৰিমিয়াম মানৰ ইনাৰৱেৰ নিৰ্মাতা কোম্পানীটোৱে সুলভ মূল্যত উপলব্ধ। এই সন্দৰ্ভত খুশী এণ্টাৰপ্ৰাইজৰ মুৰব্বী অজয় ভাৰ্মাই কয় যে গুৱাহাটীৰ বাহিৰেও উজনি, মধ্য আৰু নামনি অসমৰ সকলো প্ৰধান ষ্ট’ৰতে লা-ব্ৰেয়াৰীৰ সামগ্ৰী উপলব্ধ। এই অঞ্চলত কোম্পানীটোৰ সামগ্ৰীৰ যথেষ্ট প্ৰশংসা লাভ কৰা হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here