W7s news,,গুৱাহাটী, ৯ জুন ২০২৫: যোৱা ৭ আৰু ৮ জুনত গুৱাহাটীৰ কাহিলীপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুলত অনুষ্ঠিত হোৱা দ্বিতীয় এম ই এছ আন্তঃবিদ্যালয় দবা প্ৰতিযোগিতা, ২০২৫ ত এক বৌদ্ধিক যুঁজত অৱতীৰ্ণ হ’ল ডেৰ শতাধিক ছাত্ৰ-ছাত্ৰী। মডাৰ্ণ চেছ একাডেমীৰ তত্বাৱধানত আয়োজিত এই প্ৰতিযোগিতাত গুৱাহাটীৰ ২৫খন বিদ্যালয়ৰ ১৭০ গৰাকীৰো অধিক যুৱ দবা খেলুৱৈয়ে অংশগ্ৰহণ কৰি দবা বৰ্ডত কৌশল, ধৈৰ্য্য আৰু একাগ্ৰতাৰ এক নিখুঁত প্ৰদৰ্শন আগবঢ়ায়।
মডাৰ্ণ স্কুল অৱ লেংগুৱেজ, স্পৰ্টছ এণ্ড পাৰফৰ্মিং আৰ্টছৰ বিশেষ পদক্ষেপ হিচাপে আয়োজন কৰা এই প্ৰতিযোগিতাখনৰ মূল উদ্দেশ্য আছিল কৌশলগত চিন্তাধাৰা বিকাশ, মানসিক দক্ষতা বৃদ্ধি আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত ক্ৰীড়াৰ প্ৰতি ইতিবাচক মনোভাৱ জগাই তোলা। অংশগ্ৰহণকাৰী খেলুৱৈসকলক চাৰিটা শিতানত ভাগ কৰা হয়- পন (প্ৰথম শ্ৰেণীলৈকে), বিচপ (দ্বিতীয়-পঞ্চম শ্ৰেণী), নাইট (ষষ্ঠ-অষ্টম শ্ৰেণী) আৰু কুইন (নৱম-দ্বাদশ শ্ৰেণী)। ল’ৰা আৰু ছোৱালী প্ৰতিযোগীসকলৰ বাবে পৃথক পৃথক শাখা প্ৰস্তুত কৰা হয়, যাৰ ফলত প্ৰতিযোগিতাখন অধিক সৰ্বাংগীন আৰু বয়সভিত্তিকভাৱে সুষম হৈ পৰে।
এই প্ৰতিযোগিতাখনৰ বিচাৰক মণ্ডলীত উপস্থিত থাকে মুখ্য অৰ্বিটাৰ অৰুণ সিং, অৰ্বিটাৰ গোলাপ চন্দ্ৰ গগৈ, ৰজনীশ বাৰ্মা আৰু প্ৰয়াগ হাজৰিকা। প্ৰতিযোগিতাৰ অন্তত মুঠ ৪২ গৰাকী বিজয়ী প্ৰতিযোগীক ট্ৰফী আৰু প্ৰমাণ পত্ৰৰে সন্মানিত কৰা হয়।
মডাৰ্ণ ইংলিছ স্কুলৰ অধ্যক্ষা জোনালী দাসে কয়, “বুদ্ধি, অনুশাসন আৰু কৌশলগত দক্ষতাক উদযাপন কৰা এনে এক অনুষ্ঠানৰ আয়োজন কৰি আমি গৌৰৱান্বিত হৈছো। অংশগ্ৰহণ কৰা প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ নিষ্ঠা আৰু আত্মবিশ্বাস সঁচা অৰ্থত প্ৰশংসনীয়। আমি আশা কৰিছোঁ, আগন্তুক দিনত এই পদক্ষেপ অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ক্ৰীড়াভিত্তিক প্ৰতিভা বিকাশৰ বাবে এক গুৰুত্বপূৰ্ণ ভেটি হিচাপে পৰিগণিত হ’ব।”
দবা প্ৰশিক্ষক বিপিন সিনহাই কয়, “এই প্ৰতিযোগিতাখন বিদ্যালয় পৰ্যায়ত দবাক সাধাৰণীকৰণ আৰু জনপ্ৰিয় কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। প্ৰতিযোগিতাত আমি যি উৎসাহ আৰু সম্ভাৱনা দেখিছো, সিয়ে দবাৰ জৰিয়তে ভৱিষ্যতৰ নেতাসকলক গঢ় দিয়াৰ ক্ষেত্ৰত আমাৰ আত্মবিশ্বাস অধিক শক্তিশালী কৰিছে।"
প্ৰতিযোগিতাত এইবাৰ গুৱাহাটীৰ দিল্লী পাব্লিক স্কুলে ২৬.৫ পইণ্টেৰে শ্ৰেষ্ঠ বিদ্যালয়ৰ খিতাপ দখল কৰাৰ বিপৰীতে ৰয়েল গ্ল’বেল স্কুলে ১৮.৫ পইণ্টেৰে দ্বিতীয় স্থান দখল কৰে।
তলত প্ৰতিটো শিতানত শীৰ্ষ বিজয়ীসকলৰ তালিকা দিয়া হ'লঃ
শিতান– প্ৰথম শ্ৰেণী আৰু তাৰ তলৰ (পন গ্ৰুপ):
বিজয়ী (ল'ৰা)
প্ৰথম স্থান – বৈভৱ প্ৰতিম বৰদলৈ (শ্ৰীমন্ত শংকৰ একাডেমী)
দ্বিতীয় স্থান – ধীশান মেধি (নুনমাটি পাব্লিক স্কুল)
তৃতীয় স্থান – শতাব্দজিৎ শৰ্মা (পি এম শ্ৰী কেন্দ্ৰীয় বিদ্যালয়, মঙলদৈ)
চতুৰ্থ স্থান – অক্ষত ভূৱনীয়া (ৰয়েল গ্ল’বেল স্কুল, গুৱাহাটী)
পঞ্চম স্থান – সিদ্ধাৰ্থ চৌহান (চেন্ট ফ্ৰান্সিছ ডি চেলছ)
বিজয়ী (ছোৱালী)
প্ৰথম স্থান – কাইৰা আগৰৱাল (সৰলা বিৰলা জ্ঞানজ্যোতি স্কুল)
দ্বিতীয় স্থান – হিয়াশ্ৰী ডেকা (দিল্লী পাব্লিক স্কুল, গুৱাহাটী)
তৃতীয় স্থান – সংস্কৃতি ভাগৱতী (সুদৰ্শন পাব্লিক স্কুল)
চতুৰ্থ স্থান – জিয়া যশৰাছৰিয়া (আই কে এ আই প্ৰি-স্কুল)
পঞ্চম স্থান – আভিয়া দৈমাৰী (মডাৰ্ণ ইংলিছ স্কুল, গুৱাহাটী)
শিতান- দ্বিতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ (বিচপ গ্ৰুপ):
বিজয়ী (ল'ৰা)
প্ৰথম স্থান – সৰস্বত ডেকা (দিল্লী পাব্লিক স্কুল, গুৱাহাটী)
দ্বিতীয় স্থান – জ্যোতিষ্মান দাস (চেন্ট ষ্টিফেনছ স্কুল)
তৃতীয় স্থান – আৰিয়ান চাৰিঅ’ (শ্ৰীমন্ত শংকৰ একাডেমী)
চতুৰ্থ স্থান – দৰ্শিল দাস (চেন্ট ফ্ৰান্সিছ ডি চেলছ)
পঞ্চম স্থান – ৰেয়ান নোবিছ (মাৰিয়া পাব্লিক স্কুল)
বিজয়ী (ছোৱালী)
প্ৰথম স্থান – ড’ৰথী পাটগিৰি (এম ভি এম -৪)
দ্বিতীয় স্থান – কৃষাংগী শৰ্মা (লিটিল ফ্লাৱাৰ একাডেমী, নলবাৰী)
তৃতীয় স্থান – অদ্বিকা গিৰি (এম ভি এম -৪)
চতুৰ্থ স্থান – প্ৰজ্ঞাপৰশা সন্দিকৈ (কে ভি ডিগাৰু)
পঞ্চম স্থান – মান্যতা শৰ্মা (মহৰ্ষি বিদ্যামন্দিৰ, নলবাৰী)
শিতান- ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ (নাইট গ্ৰুপ):
বিজয়ী (ল'ৰা)
প্ৰথম স্থান – চৈতন্য ছিওটিয়া (ৰয়েল গ্ল’বেল স্কুল)
দ্বিতীয় স্থান – এছ ডি সাইকাৰ্তিক (দিল্লী পাব্লিক স্কুল, গুৱাহাটী)
তৃতীয় স্থান – পূৰ্বাহ্ন কাশ্যপ (কে ভি, বৰপেটা)
চতুৰ্থ স্থান – মহাৰ্ণৱ কলিতা (গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ চেকণ্ডাৰী স্কুল)
পঞ্চম স্থান – আৰিয়ান শংকৰ গোস্বামী (দিল্লী পাব্লিক স্কুল, গুৱাহাটী)
বিজয়ী (ছোৱালী)
প্ৰথম স্থান – জিশা জৈন (ৰয়েল গ্ল’বেল স্কুল)
দ্বিতীয় স্থান – ঋতিশা মাইৰা ৰাজবংশী (ৰয়েল গ্ল’বেল স্কুল)
তৃতীয় স্থান – সৃষ্টি ৰূপা ৰয় (দ্য গ্ৰীণ স্কুল ইণ্টাৰনেশ্যনেল)
চতুৰ্থ স্থান – অংশিকা শৰ্মা (দিল্লী পাব্লিক স্কুল, গুৱাহাটী)
পঞ্চম স্থান – ঈশানভী শইকীয়া (মডাৰ্ণ ইংলিছ স্কুল, গুৱাহাটী)
শিতান- নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ (কুইন গ্ৰুপ):
বিজয়ী (ল'ৰা)
প্ৰথম স্থান – সঞ্জিত বৰা (দিল্লী পাব্লিক স্কুল)
দ্বিতীয় স্থান – নিৰ্বান দাস (চেন্ট ফ্ৰান্সিছ ডি চেলছ)
তৃতীয় স্থান – নৱনীল চৌধুৰী (মাৰিয়াছ পাব্লিক স্কুল)
চতুৰ্থ স্থান – প্ৰজ্ঞান ৰাভা (মডাৰ্ণ ইংলিছ স্কুল, গুৱাহাটী)
পঞ্চম স্থান – প্ৰিয়াংশু পল (দিল্লী পাব্লিক স্কুল, গুৱাহাটী)
বিজয়ী (ছোৱালী)
প্ৰথম স্থান – বৈভৱী বৰুবা (চেন্ট ফ্ৰান্সিছ ডি চেলছ)
দ্বিতীয় স্থান – ৰজিতা বিশ্বাস (মডাৰ্ণ ইংলিছ স্কুল, গুৱাহাটী)
তৃতীয় স্থান – ক্ৰিষ্টিনা কলিতা (গভাৰ্নমেণ্ট গৰ্ডন হাইস্কুল)
চতুৰ্থ স্থান – আয়েন্দ্ৰিলা সৰকাৰ (মডাৰ্ণ ইংলিছ স্কুল, গুৱাহাটী)
৫ম স্থান – আস্থাজিতা শৰ্মা (মডাৰ্ণ ইংলিছ স্কুল, গুৱাহাটী)
অসমৰ যুৱ প্ৰতিভাসকলৰ বাবে দবা খেলৰ বৌদ্ধিক ক্ৰীড়াত অন্বেষণ আৰু পাৰদৰ্শিতা প্ৰদৰ্শনৰ এক আশাব্যঞ্জক মঞ্চ হিচাপে নিজকে প্ৰতিষ্ঠা কৰি এই দুদিনীয়া আন্তঃবিদ্যালয় দবা প্ৰতিযোগিতাখনৰ সামৰণি প
No comments:
Post a Comment