W7s news,,গুৱাহাটী, ২৫ জুন ২০২৫: বিশ্বৰ শীৰ্ষস্থানীয় টেলিকম অৱকাঠামো প্ৰতিষ্ঠান ইণ্ডাছ টাৱাৰ্ছ লিমিটেডে অসমৰ শিক্ষা ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰি কামৰূপ, মানকাচৰ, গোৱালপাৰা, বৰপেটা, দৰং আৰু যোৰহাট জিলাত মুকলি কৰে সাতটা আধুনিক স্বচ্ছতা কেন্দ্ৰ। গুৱাহাটীৰ সাতগাঁও হাইস্কুলত আজি আয়োজিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত এই কেন্দ্ৰসমূহ মুকলি কৰে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগু আৰু ইণ্ডাছ টাৱাৰ্ছৰ এন ই এছ এ চাৰ্কলৰ মুখ্য কাৰ্যবাহী বিষয়া ৰাজেন্দৰ গুৰুঙে।
উল্লেখ্য যে, এই পদক্ষেপ ভাৰত চৰকাৰৰ ‘স্বচ্ছ ভাৰত অভিযান’ৰ সৈতে সংগতি ৰাখি ইণ্ডাছ টাৱাৰ্ছৰ ফ্লেগশ্বিপ কৰ্পৰেট ছ’চিয়েল ৰেচপন্সিবিলিটি প্ৰকল্প ‘প্ৰগতি’ৰ অংশ হিচাপে আৰম্ভ কৰা হৈছে।
এই স্বচ্ছতা কেন্দ্ৰ মুকলি কৰি ৰাজ্যৰ শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুৱে উৎসাহ ব্যক্ত কৰি কয়, “পৰিচ্ছন্ন স্বচ্ছতা কেন্দ্ৰই কিশোৰী ছাত্ৰীসকলৰ শাৰীৰিক স্বাস্থ্য আৰু মানসিক নিৰাপত্তাৰ ক্ষেত্ৰত অপৰিসীম অৰিহণা যোগায়। ইণ্ডাছ টাৱাৰ্ছ আৰু এন ই এ আই ডিৰ এই প্ৰশংসনীয় প্ৰয়াসে অসমৰ বিদ্যালয়সমূহৰ অৱকাঠামোৰ মানোন্নয়নৰ পথ প্ৰশস্ত কৰিছে। স্বচ্ছ ভাৰত অভিযানৰ লক্ষ্যৰ সৈতে সংগতি ৰাখি গ্ৰহণ কৰা এই পদক্ষেপে ছাত্ৰ-ছাত্ৰীৰ সুস্থতা আৰু শিক্ষাগ্ৰহণৰ ধাৰাবাহিকতা বৃদ্ধিত এক নতুন দিশৰ সূচনা কৰিব বুলি মই আশাবাদী।”
এই প্ৰকল্পই কিশোৰী শিক্ষাৰ দুটা স্তম্ভ- অৱকাঠামো উন্নয়ন আৰু স্বাস্থ্য সজাগতাক দৃঢ়ভাৱে শক্তিশালী কৰিবলৈ লক্ষ্য ৰাখিছে। আধুনিক আৰু নিৰাপদ শৌচাগাৰ নিৰ্মাণৰ উপৰি, ঋতুস্ৰাৱৰ স্বাস্থ্যবিধিৰ ওপৰত সচেতনতামূলক কৰ্মশালাৰ আয়োজন কৰা হৈছে, যিয়ে সামাজিক কু-সংস্কাৰৰ বিৰুদ্ধে যুঁজ দি ছাত্ৰীসকলক স্বাস্থ্যৰ প্ৰতি জ্ঞানসম্পন্ন কৰি তুলিব। এই কৰ্মশালাসমূহ তেওঁলোকৰ মাজত আত্মবিশ্বাস জগাই তুলি জীৱনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণত সহায়ক হ’ব।
ইণ্ডাছ টাৱাৰ্ছৰ এন ই এছ এ চাৰ্কলৰ মুখ্য কাৰ্যবাহী বিষয়া ৰাজেন্দৰ গুৰুঙে গৌৰৱেৰে কয়, “আমাৰ ‘প্ৰগতি’ কাৰ্যসূচীৰ জৰিয়তে অসমৰ কিশোৰীসকলৰ শিক্ষাৰ পথত বাধাস্বৰূপ অৱকাঠামোৰ অভাৱ দূৰ কৰাৰ এক সুদৃঢ় প্ৰতিশ্ৰুতি আমি লৈছো। পৰিচ্ছন্ন আৰু নিৰাপদ স্বচ্ছতা কেন্দ্ৰৰ জৰিয়তে ছাত্ৰীসকলৰ স্বাস্থ্যৰ মানদণ্ড উন্নীত কৰাৰ লগতে তেওঁলোকক শিক্ষাৰ প্ৰতি নিষ্ঠাৰে মনোনিৱেশ কৰাৰ সুবিধা প্ৰদান কৰা হৈছে। এই পৰিৱেশে তেওঁলোকৰ নিয়মীয়া উপস্থিতি নিশ্চিত কৰি দীৰ্ঘম্যাদী শৈক্ষিক সাফল্যৰ পথ মুকলি কৰিব।”
মন কৰিবলগীয়া যে, ইণ্ডাছ টাৱাৰ্ছে উত্তৰ-পূৰ্বাঞ্চলৰ চৰকাৰী বিদ্যালয়সমূহত মুঠ ২৩টা পৰিচ্ছন্ন আৰু স্বাস্থ্যকৰ স্বচ্ছতা কেন্দ্ৰ স্থাপন কৰিছে। নৰ্থ ইষ্ট চেণ্টাৰ ফৰ ইকুইটি এক্সন অন ইন্টিগ্ৰেটেড ডেভেলপমেণ্ট (এনইএআইডি)ৰ সহযোগিতাত সফলতাৰে বাস্তবায়িত কৰা হৈছে এই প্ৰকল্প।
No comments:
Post a Comment