এইচ পি ভি সম্বন্ধীয় কৰ্কট ৰোগৰ সৈতে মোকাবিলা কৰিবলৈ গুৱাহাটীত একলগ হ’ল চিকিৎসা বিশেষজ্ঞ
W7s news গুৱাহাটী: ছিৰাম ইনষ্টিটিউট অব ইণ্ডিয়াৰ (SII) উদ্যোগত এক দেশজোৰা জনস্বাস্থ্য সজাগতা পদক্ষেপৰ অংশ হিচাপে আজি গুৱাহাটীত “Conquer HPV & Cancer Conclave 2025” অভিযানৰ শুভাৰম্ভ কৰা হয় । এই অভিযানত কেন্সাৰৰ আগতীয়া পৰীক্ষা আৰু প্ৰতিৰোধৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি হিউমেন পেপিলোমা ভাইৰাছ (এইচ পি ভি)ৰ বিষয়ে আৰু ছাৰ্ভাইকেল আৰু অন্যান্য কেন্সাৰত ইয়াৰ ভূমিকা সম্পৰ্কে সজাগতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে ।
ভাৰতে এইচ পি ভি সম্বন্ধীয় ৰোগ, বিশেষকৈ ছাৰ্ভাইকেল কেন্সাৰৰ ক্ষেত্ৰত বহু প্ৰত্যাহ্বান সন্মুখীন হৈ আহিছে । দেশৰ মহিলাৰ মাজত দেখিবলৈ পোৱা সাধাৰণ কৰ্কট ৰোগৰ ভিতৰত দ্বিতীয় অধিক হৈছে ছাৰ্ভাইকেল কেন্সাৰ । এইচ পি ভি আৰু কেন্সাৰৰ (২০২৩) ওপৰত আই চি অ’/আই এ আৰ চি তথ্য কেন্দ্ৰৰ তথ্য অনুসৰি ভাৰতত বছৰি ১.২৩ লাখতকৈ অধিক নতুন ছাৰ্ভাইকেল কেন্সাৰ ৰোগী আৰু ৭৭,০০০ৰো অধিক মৃত্যুৰ তথ্য পোৱা যায়। তদুপৰি ৯০% পৰ্যন্ত পায়ুপথৰ কেন্সাৰ আৰু ৬৩% লিংগৰ কৰ্কট ৰোগ এইচ পি ভিৰ সৈতে জড়িত ।
চিকিৎসা বিশেষজ্ঞ, স্বাস্থ্যসেৱা পেছাদাৰী, আৰু স্থানীয় সম্প্ৰদায়ক একত্ৰিত কৰি জ্ঞান-বিনিময় আৰু আলোচনাৰ জৰিয়তে এই জটিল প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰাই হৈছে কনক্লেভ ছিৰিজৰ প্ৰধান লক্ষ্য।গুৱাহাটীৰ অনুষ্ঠানত চিকিৎসা বিশেষজ্ঞৰ এটা পেনেলে এইচ পি ভিৰ জনস্বাস্থ্যৰ প্ৰভাৱ সন্দৰ্ভত গভীৰ আলোচনাত মিলিত হয় । পেনেলত ছাত্ৰীবাৰী খ্ৰীষ্টান হাস্পতালৰ নৱজাতক আৰু শিশু চিকিৎসা বিভাগৰ মুৰব্বী ডাঃ দেৱজিৎ শৰ্মা, এপ’ল’ হাস্পতালৰ পৰামৰ্শদাতা ডাঃ হিমলীনা গৌতম, এপ’ল’ ফাৰ্টিলিটিৰ পৰামৰ্শদাতা ডাঃ অৰুণ এম বৰুৱাৰ লগতে এপ’ল’ হস্পিটেলছৰ ছিনিয়ৰ কনছালটেন্ট পেডিয়েট্ৰিকছ ডাঃ ৰেখা কে বৰকটকী আৰু গুৱাহাটীৰ জ্যেষ্ঠ পৰামৰ্শদাতা অংকোচাৰ্জন ডাঃ সিদ্ধাৰ্থ হাজৰিকা উপস্থিত থাকে । অনুষ্ঠানটোৰ আঁত নেমকেয়াৰ ছুপাৰস্পেচিয়েলিটি হাস্পতাল এণ্ড ৰিগপা চিলড্ৰেনছ ক্লিনিকৰ পৰামৰ্শদাতা ডাঃ ৰাস্না দাস হাজৰিকাই । তেওঁলোকে একেলগে কেন্সাৰ সজাগতাৰ প্ৰয়োজনীয়তা, কিশোৰ-কিশোৰী আৰু অভিভাৱক উভয়ৰে কাষ চপাৰ গুৰুত্ব, আৰু প্ৰতিৰোধমূলক যত্নক পথ প্ৰদৰ্শন কৰাত স্বাস্থ্যসেৱা প্ৰদানকাৰীৰ ভূমিকাৰ ওপৰত আলোকপাত কৰে ।
বক্তাসকলে এই কথাত গুৰুত্ব আৰোপ কৰে যে এইচ পি ভি কেৱল ছাৰ্ভাইকেল কেন্সাৰতে সীমাবদ্ধ নহয় । ই ভলভা, যোনি, মলদ্বাৰ, লিংগ, আৰু অৰ’ফেৰিংছৰ কৰ্কট ৰোগৰ সৈতেও জড়িত, যিয়ে পুৰুষ আৰু মহিলা উভয়কে আক্ৰান্ত কৰে । ১৫ৰ পৰা ২৫ বছৰ বয়সৰ ভিতৰত এইচ পি ভি সংক্ৰমণ অধিক হোৱাৰ সম্ভাৱনা থাকে, গতিকে আগতীয়াকৈ সজাগতা আৰু সময়মতে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰাটো অত্যন্ত জৰুৰী ।
জ্ঞাত সিদ্ধান্ত গ্ৰহণ আৰু সম্প্ৰদায়ৰ সংযোগৰ জৰিয়তে প্ৰতিৰোধযোগ্য কৰ্কট ৰোগৰ বোজা হ্ৰাস কৰা অভিযানৰ বহল লক্ষ্যক শক্তিশালী কৰি উপস্থিত সাধাৰণ লোকসকলক লৈ এক মুকলি আলোচনাৰে সামৰণি পৰে গুৱাহাটীৰ সন্মিলনখন । আগত মাহকেইটাত দেশৰ বিভিন্ন চহৰত এই পদক্ষেপ অব্যাহত থাকিব ।
পুনেত মুখ্য কাৰ্যালয় থকা ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া হৈছে সংখ্যাৰ হিচাপত বিশ্বৰ সৰ্ববৃহৎ ভেকচিন প্ৰস্তুতকৰ্তা আৰু ই ভাৰত আৰু বিশ্বজুৰি জনস্বাস্থ্যৰ উন্নতিৰ ক্ষেত্ৰত দীৰ্ঘদিনীয়া ভূমিকা পালন কৰি আহিছে ।
মনত ৰাখিব লগীয়া টোকাসমূহ:
সংখ্যাৰ হিচাপত বিশ্বৰ সৰ্ববৃহৎ ভেকচিন প্ৰস্তুতকৰ্তা ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া প্ৰাইভেট লিমিটেডে ৫ দশকৰো অধিক সময় ধৰি সুলভ মূল্যৰ আৰু উচ্চমানৰ ভেকচিন উদ্ভাৱনৰ ক্ষেত্ৰত আগৰণুৱা হৈ আহিছে । বিশ্বজুৰি জীৱন সুৰক্ষিত কৰাৰ এক মিছনেৰে ছিৰাম ইনষ্টিটিউটে ভাৰতৰ প্ৰথম স্থানীয়ভাৱে বিকশিত লিংগ নিৰপেক্ষ কোৱাড্ৰিভেলেন্ট এইচ পি ভি ভেকচিন Cervavac মুকলি কৰি জনস্বাস্থ্যৰ ক্ষেত্ৰত এক উল্লেখযোগ্য অৱদান আগবঢ়াইছে, যি পুৰুষ-মহিলা উভয়তে প্ৰযোজ্য ।
• ভাৰতৰ মহিলাৰ কৰ্কট ৰোগৰ দ্বিতীয় প্ৰধান কাৰণ হৈছে ছাৰ্ভাইকেল কেন্সাৰ ।
• ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা থকা মহিলা (বয়স >=১৫ বছৰ) ৫১১.৪ নিযুত (৫১.৪ কোটি)
• ছাৰ্ভাইকেল কেন্সাৰৰ নতুন ৰোগীৰ বাৰ্ষিক সংখ্যা: ১,২৩,৯০৭
• ছাৰ্ভাইকেল কেন্সাৰত হোৱা মৃত্যুৰ বাৰ্ষিক সংখ্যা: ৭৭,৩৪৮
উৎস: এইচ পি ভি আৰু কেন্সাৰ ২০২৩ৰ ওপৰত আই চি অ’/আই এ আৰ চি তথ্য কেন্দ্ৰ
ছিৰাম ইনষ্টিটিউট অব ইণ্ডিয়াৰ বিষয়ে
চাইৰাছ পুনাৱালা গ্ৰুপৰ অংশ ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া প্ৰাইভেট লিমিটেড হৈছে ভেকচিন নিৰ্মাণৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ প্ৰতিষ্ঠান, যি বিশ্বজুৰি সুলভ মূল্যৰ ভেকচিন প্ৰদানৰ বাবে উৎসৰ্গিত । আমেৰিকা, ব্ৰিটেইন, আৰু ইউৰোপকে ধৰি ১৭০+ দেশত উপস্থিত থকা এছ আই আইয়ে বিশ্বৰ সৰ্ববৃহৎ ভেকচিন নিৰ্মাতা হিচাপে গৌৰৱ অৰ্জন কৰিছে । বাৰ্ষিক ৪ বিলিয়ন ড’জৰ ক্ষমতাৰে পুনেৰ হাদাপছাৰ এণ্ড মাঞ্জাৰীত থকা এছ আই আই পি এলৰ বহুকাৰ্য্যকৰী উৎপাদন আৰু অন্যতম বৃহৎ সুবিধাই বছৰ বছৰ ধৰি ৩ কোটিতকৈ অধিক লোকৰ জীৱন ৰক্ষা কৰিছে ।
১৯৬৬ চনত প্ৰতিষ্ঠা হোৱা এছ আই আই পি এলৰ প্ৰধান লক্ষ্য হৈছে জীৱন ৰক্ষাকাৰী ইমিউন’বায়’লজিকেল ঔষধ উৎপাদন কৰা, য’ত বিশেষভাৱে ব্যয়সাধ্যতা আৰু উপলব্ধতাৰ ওপৰত গুৰুত্ব দিয়া হয় । বিশ্ব স্বাস্থ্য উন্নত কৰাৰ বাবে দৃঢ় প্ৰতিশ্ৰুতিৰ দ্বাৰা পৰিচালিত প্ৰতিষ্ঠানটোৱে অত্যাৱশ্যকীয় ভেকচিন, যেনে ডিপথেৰিয়া, টিটেনাছ, পাৰ্টাচিছ, এইচ আই বি, বি চি জি, আৰ-হেপাটাইটিছ বি, মিজলছ, মাম্পছ, আৰু ৰুবেলাৰ দাম হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । ছিৰাম ইনষ্টিটিউট হৈছে বিশ্বৰ আটাইতকৈ সুলভ মূল্যৰ পিচিভি ‘Pneumosiil’, ভাৰতৰ প্ৰথমটো থলুৱা qHPV ভেকচিন ‘Cervavac’ আৰু মেলেৰিয়া আক্ৰান্ত অঞ্চলৰ শিশুৰ ক্ষেত্ৰত ব্যৱহাৰৰ বাবে অনুমোদিত দ্বিতীয়টো মেলেৰিয়া ভেকচিন R21/Matrix-MTM, বিশ্বৰ ভিতৰতে প্ৰথম Pentavalent (ACYWX) মেনিনজাইটিছ পলিচেকাৰাইড কনজুগেট ভেকচিনৰ নিৰ্মাতা, যি শিশুৰ জনসংখ্যাত ব্যৱহাৰৰ বাবে অনুমোদিত আৰু WHO-ৰ পূৰ্বযোগ্যতাসম্পন্ন । তদুপৰি, বিশ্বজুৰি ক’ভিড-১৯ৰ ভেকচিনৰ ২ বিলিয়নৰো অধিক ড’জ যোগান ধৰি এছ আই আই পি এলে ক’ভিড-১৯ৰ বিৰুদ্ধে বিশ্বব্যাপী যুঁজত আগৰণুৱা হৈ আহিছে ।
বিশ্বব্যাপী উপস্থিতি আৰু অধিক সম্প্ৰসাৰণ আৰু ভেকচিনৰ ব্যাপক উপলব্ধতা নিশ্চিত কৰিবলৈ এছ আই আইয়ে ব্ৰিটেইনৰ এটা সহযোগী প্ৰতিষ্ঠান ছিৰাম লাইফ চাইন্সেছ লিমিটেড স্থাপন কৰিছে । উদ্ভাৱনৰ অদম্য অনুসন্ধানৰ জৰিয়তে এছ আই আইয়ে সুলভ মূল্যৰ ভেকচিনৰ কাৰণত চেম্পিয়নশ্বিপ অব্যাহত ৰাখিছে, যাৰ ফলত বিশ্বজুৰি লাখ লাখ লোকৰ জীৱনত ইতিবাচক প্ৰভাৱ পৰিছে ।
No comments:
Post a Comment