ভাৰত চৰকাৰে বিভিন্ন জাতি-জনগোষ্ঠীৰ জাতিগত গণনা প্ৰক্ৰিয়াৰ সিদ্ধান্তক আদৰণি সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ
জাতিগত জনগননাত অসমৰ থলুৱা গৰিয়া মৰিয়া দেশী জলহা মায়মল পাংগাল আদি জনগোষ্ঠীৰ এক যথাযথ জনগননাৰ সঠিক আৰু বিজ্ঞান সম্মত পিয়লৰ বাবে ব্যৱস্থা কৰিব লাগিব। অসম চৰকাৰে ইমান দিনে দি অহা জৰীপৰ প্ৰতিশ্ৰুতি পূৰণ কৰা নাই। সেয়ে আমি অসম চৰকাৰৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰলৈ অসমৰ জনগোষ্ঠীয় পিয়লৰ ক্ষেত্ৰত সঠিক SOP নিৰ্দ্ধাৰণ কৰাৰ নিৰ্ণায়ক ভূমিকা গ্রহণ কৰিবলৈ দাবী জনাইছো।
একে সময়তে আমি মনত পেলাই দিব খুজিছোঁ যে এই জনগননা স্বঘোষণাৰ ওপৰত নিৰ্ভৰশীল। পিয়লকাৰী সংশ্লিষ্ট ব্যক্তিজনৰ উত্তৰৰ ওপৰত নিৰ্ভৰশীল, যি বুলি উত্তৰ দিব, তাকেই লিপিবদ্ধ কৰিব।
তেনেক্ষেত্ৰত গৰিয়া মৰিয়া দেশী চৈয়দ জলহা মায়মল আদি খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ পিয়লৰ ক্ষেত্ৰত কোনোৱেই যাতে সেই স্বঘোষণাৰ সুযোগত নিজকে এই জনগোষ্ঠীয় বুলি পিয়লত অন্তর্ভুক্ত কৰিব নোৱাৰে, তাৰ বাবে বিশেষ গুৰুত্ব প্ৰদান কৰি চৰকাৰক বিশেষ ব্যৱস্থা ল'বলৈ অনুৰোধ জনায়।
অসমত ইতিমধ্যে ধর্মটো একে হোৱাৰ বাবে লক্ষ লক্ষ প্ৰব্ৰজনকাৰী আৰু বহিৰাগতক লৈ সংখ্যালঘূৰ নামত গৰিয়া মৰিয়া দেশী জল্হা চৈয়দ মায়মল পাংগাল আদি জনগোষ্ঠী সমূহৰ অস্তিত্ব হেৰাই পেলাইছে। জনগোষ্ঠীয় পৰিচয়ে এই জনগোষ্ঠী সমূহৰ ৰক্ষাকৱচ। কেন্দ্ৰীয় চৰকাৰে যি জাতিগত গণনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰপূৰ্বে অসম চৰকাৰে প্রস্তুতি চলাই থকা গৰিয়া মৰিয়া দেশী জল্হা চৈয়দ সকলৰ জৰীপৰ কামখিনি সম্পূর্ণ কৰিবলৈ আমি দাবী জনালো। আমাৰ গভীৰ বিশ্বাস স্বাধীন ভাৰতৰ প্ৰথমটো জাতিগত জনগননাই বঞ্চিত অৱহেলিত আৰু শোষিত অসমৰ থলুৱা গৰিয়া মৰিয়া দেশী ছৈয়দ জলহা মায়মল পাংগাল আদি জনগোষ্ঠী সকলৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ সাব্যস্তকৰণৰ পথ প্রশস্ত কৰি তুলিব। এই জনগননাৰ ক্ষেত্ৰত অসমৰ থলুৱা গৰিয়া মৰিয়া দেশী ছৈয়দ জলহা মায়মল আদি জনগোষ্ঠীৰ প্ৰতিজন ব্যক্তিয়ে সচেতনতাৰে নিজৰ জনগোষ্ঠীয় পৰিচয় ঘোষণা কৰি নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ আমি বিনম্রতাৰে আহ্বান জনাইছে।
সংবাদমেলত উপস্থিত থাকে পৰিষদৰ কেন্দ্ৰীয় সভাপতি নুৰুল হক, কেন্দ্রীয় উপ-সভাপতি চহিদ আলী আহমেদ, গুৱাহাটী মহানগৰ সমিতিৰ কাৰ্যকৰী সভাপতি মইনুল আলী, সাধাৰণ সম্পাদক আৰিফুৰ ৰহমান
No comments:
Post a Comment