ভাৰতীয় ৰেড ক্ৰছ ছচাইটি, অসম ৰাজ্যিক শাখাই বিশ্ব ৰেড ক্ৰছ দিৱস উপলক্ষে স্মৃতিসৌধ উন্মোচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday, 8 May 2025

ভাৰতীয় ৰেড ক্ৰছ ছচাইটি, অসম ৰাজ্যিক শাখাই বিশ্ব ৰেড ক্ৰছ দিৱস উপলক্ষে স্মৃতিসৌধ উন্মোচন


 


W7s news,,গুৱাহাটী, ৮ মে’ ২০২৫: ভাৰতীয় ৰেড ক্ৰছ ছচাইটি, অসম ৰাজ্যিক শাখাই আজি মহান উদ্দীপনা আৰু উৎসাহৰে বিশ্ব ৰেড ক্ৰছ দিৱস উদযাপন কৰে। এই দিনটো ৰেড ক্ৰছ আন্দোলনৰ প্ৰতিষ্ঠাপক হেনৰী দুনান্তৰ জন্মদিন হিচাপে পালন কৰা হয়।


এই ঐতিহাসিক দিনটোত, ভাৰতীয় ৰেড ক্ৰছ্‌ চ'চাইটীৰ অসম ৰাজ্যিক শাখাই ৰেড ক্ৰছ্‌ স্মৃতিসৌধ উন্মোচন কৰে, যি ৰেড ক্ৰছ্‌ আন্দোলনৰ প্ৰতিষ্ঠাপক হেনৰী দুনান্ত আৰু অসমত সংগঠনৰ মানবিক কাৰ্যকলাপ গঢ়ি তোলাত মুখ্য ভূমিকা গ্ৰহণ কৰা অগ্ৰগামী ড°পোৱাল চন্দ্ৰ দুৱৰা আৰু  ৰেণুকা দেৱী বৰকটকীলৈ উৎসৰ্গা কৰা হৈছে।


উক্ত অনুষ্ঠান ত অসমৰ  ৰাজ্যপাল আৰু ভাৰতীয় ৰেড ক্ৰছ্‌ চ'চাইটীৰ অসম ৰাজ্যিক শাখাৰ সভাপতি লক্ষ্মণ প্ৰসাদ আচার্য উপস্থিত থাকি সৌষ্ঠৱ বঢ়াইছিল। তেখেতক গাৰ্ড অৱ অনাৰেৰে স্বাগতম জনোৱা হয় সহায়ক চিকিৎসা আৰু প্ৰসূতি বিদ্যা (ANM)ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা।


সভাত ভাৰতীয় ৰেড ক্ৰছ্‌ চ'চাইটী, অসম ৰাজ্যিক শাখাৰ  অধ্যক্ষ  এ. কে. আবছাৰ হাজৰিকাৰ আদৰণি ভাষণৰে সুচনা হয়। তেওঁৰ ভাষণত তেওঁ অসম ৰাজ্যিক শাখাৰ নানা মানবিক কাৰ্যকলাপৰ ওপৰত আলোকপাত কৰি, অঞ্চলটোত মানুহৰ দুখ-দুৰ্দশা হ্ৰাস কৰাত সংগঠনে পালন কৰি অহা গুৰুত্বপূর্ণ ভূমিকা বিশেষভাৱে উল্লেখ কৰে।


অনুষ্ঠানত, ভাৰতীয় ৰেড ক্ৰছ্‌ চ'চাইটী, অসম ৰাজ্যিক শাখাৰ সাধাৰণ সম্পাদক দেৱপ্ৰসাদ শৰ্মাৰ সম্পাদনাত প্ৰতিষ্ঠাতাসকলৰ অৱদানৰ ওপৰত আধাৰিত এক পুথি উন্মোচন কৰা হয়, য’ত প্ৰতিষ্ঠাপকসকলৰ অৱদানসমূহ উদ্ভাসিত কৰা হৈছে। লগতে ড°পোৱাল চন্দ্ৰ দুৱৰা আৰু শ্ৰীমতী ৰেণুকা দেৱী বৰকটকীৰ পৰিয়ালৰ সদস্যসকলক সম্মানিত কৰা হয়। 


অসমৰ  ৰাজ্যপাল মহোদয়ে তেওঁৰ ভাষণত মানবসেৱাৰ গুৰুত্ব আৰু ৰেড ক্ৰছ আন্দোলনৰ মানুহৰ দুখ-দুৰ্দশা হ্ৰাস কৰাৰ অঙ্গীকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

অনুষ্ঠানৰ সমাপ্তি ঘটে ভাৰতীয় ৰেড ক্ৰছ ছচাইটি, অসম ৰাজ্যিক শাখাৰ সাধাৰণ সম্পাদক  দেৱ প্ৰসাদ শৰ্মাৰ ধন্যবাদ জ্ঞাপনৰ সৈতে।



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here