তিনিদিনীয়া কাৰ্যসূচীৰে সীমান্ত চেতনা মঞ্চৰ চলচ্চিত্ৰ মহোৎসৱ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 9 May 2025

তিনিদিনীয়া কাৰ্যসূচীৰে সীমান্ত চেতনা মঞ্চৰ চলচ্চিত্ৰ মহোৎসৱ

 


W7s news গুৱাহাটী  ঃ সমাজৰ বিভিন্ন স্তৰত প্ৰচলিত পৰম্পৰাগত ৰীতি-নীতিসমূহৰ প্ৰচাৰ, প্ৰসাৰ আৰু সংৰক্ষণৰ উদ্দেশ্যে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে চলচ্ছিত্ৰ মহোৎসৱৰ আয়োজন কৰা হৈছে৷ শুকুৰবাৰে গুৱাহাটীৰ পল্টনবজাৰস্থিত  কেশৱ ধামত অনুষ্ঠিত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ সভাপতি ড॰ বিনীতা ভাগৱতীয়ে৷ এই চলচ্চিত্ৰ মহোৎসৱ  ১৯, ২০ আৰু ২১ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব৷ চলচ্চিত্ৰ মহোৎসৱৰ সঞ্চালক মনিতা বৰগোহাঁই [আই এ এছ], জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰ বৰা, চলচ্চিত্ৰ মহোৎসৱৰ মুখ্য সমন্বয়ক দিব্যজ্যোতি দাস, অপৰাজিতা পূজাৰী,অনিৰ্বাণ বৰা,

 নয়ননিৰ্বান বৰুৱায়ো অংশগ্ৰহণ কৰা এই সংবাদমেলতে ‘আত্মা’ শীৰ্ষক চলচ্চিত্ৰ মহোৎসৱৰ 'পোষ্টাৰ' আৰু ল’গ’ মুকলি কৰা হয়৷ এই চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ হোৱা ছবিখনক এক লাখ টকা, দ্বিতীয় শ্ৰেষ্ঠ ছবিখনক ৭৫ হেজাৰ টকা, তৃতীয় শ্ৰেষ্ঠ ছবিখনক ৫০ হেজাৰ টকা আৰু শ্ৰেষ্ঠ পৰিচালকক ২৫ হেজাৰ টকা পুৰস্কাৰ প্ৰদান কৰা হ’ব৷ ইয়াৰ উপৰিও জুৰিৰ  বিশেষ পুৰস্কাৰ থাকিব৷ এই চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিব বিচৰাসকলে আগতীয়াকৈ ৯৪০১১ ০৭৮৪৪ নম্বৰত যোগাযোগ কৰিব পাৰিব৷ উল্লেখ্য, যে সীমান্ত চেতনা মঞ্চই ২০০৮ চনৰ পৰাই ৰাজ্যৰ আন্তঃৰাষ্ট˜ীয় সীমান্ত অঞ্চলৰ ৰাইজৰ শাৰীৰিক-মানসিক দক্ষতা বৃদ্ধিৰ বাবে বিভিন্ন ধৰণৰ কাম-কাজ কৰি আহিছে৷ বিশেষকৈ বিভিন্ন সাংস্কৃতিক, ক্ৰীড়া প্ৰতিযোগিতাও অনুষ্ঠিত কৰি আহিছে সীমান্ত চেতনা মঞ্চই৷ ‘আত্মা’ (SOUL) শীৰ্ষক এই চলচ্ছিত্ৰ মহোৎসৱৰ জৰিয়তে দেশবাসীৰ মাজত একতা বৰ্তাই ৰখাৰ লগতে আমাৰ মাজৰ পৰা হেৰাই যাব ধৰা সাংস্কৃতিক ঐতিহ্য, পৰম্পৰাগত উপাসনা পদ্ধতিক শুদ্ধ আৰু সহজ ৰূপত উপস্থাপন কৰা হ’ব বুলিও সংবাদমেলত সীমান্ত চেতনা মঞ্চৰ কৰ্মকৰ্তাসকলে উল্লেখ কৰে৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here