W7s news গুৱাহাটী':গুৱাহাটীৰ দীঘলীপুখুৰীপাৰৰ মুখ্য দ্বাৰৰ সমীপত সোমবাৰে সচেতন মহিলা মঞ্চৰ উদ্যোগত, অপাৰেচন সিন্দুৰৰ সফলতা হেতু এখন 'অভিনন্দন যাত্ৰা তথা সমাবেশ' অনুষ্ঠিত কৰে। এই অনুষ্ঠানত, পাকিস্তানী সন্ত্ৰাসবাদীৰ ঘাটিৰ লগতে সন্ত্ৰাসবাদীক নিঃশেষ কৰা সফলতাৰ বাবে দেশৰ প্ৰধান মন্ত্ৰী তথা নিজৰ জীৱনক তুষ্য কৰি সক্ৰিয় ভাবে সমূখ সমৰত অৱতীৰ্ণ হোৱা ভাৰতৰ আটাইকেইটা সেনা বাহিনীক অভিনন্দন জনায়। তাৰোপৰি ভাৰতীয় সেনা বাহিনীক উৎসাহ জগোৱাৰ বাবে, সেনা বাহিনী আৰু ভাৰত মাতাৰ জয়ধধনি দিয়ে। 'বন্দে মাতৰম' গীতেৰে শ্বহীদ সকলক সন্মান প্ৰদৰ্শন কৰে। সেনা বাহিনী তথা ভাৰত বৰ্ষৰ স্বতন্ত্ৰতাক লৈ প্ৰায়বোৰ বক্তাই ভাষণ প্ৰদান কৰাৰ লগতে আমাৰ দেশ ভাৰতবৰ্ষক যি শক্তিয়ে নহওঁক কিয় কু- দৃষ্টিৰে চাব তাক সমূলে শেষ কৰা হ'ব বুলি হুংকাৰ দিয়ে। এই অনুষ্ঠানত সচেতন মহিলা মঞ্চৰ উত্তৰ পূৰ্বাঞ্চলৰ সংযোজক কল্যাণী ঠাকুৰীয়া, সহ সংযোজক দীবা ভৰালী, সদস্যা নমিতা বৈশ্য, প্ৰাক্তন সাংসদ কুইন ওজা, অৱসৰ প্ৰাপ্ত প্ৰাক্তন আৰক্ষী বিষয়া ভায়লেট বৰুৱা, প্ৰাক্তন আৰক্ষী বিষয়া প্ৰদীপ কুমাৰ, বি এছ এন এলৰ প্ৰাক্তন কৰ্মচাৰী অধিৰ কুমাৰ ভট্টাচাৰ্য, আৰু এই অনুষ্ঠানত সহযোগ কৰা অধিবক্তা পৰিষদৰ সম্পাদিকা তৃষ্ণা হাজৰিকা, সহ সম্পাদিকা শিখা ভট্টাচাৰ্য, সদস্যা ৰুমি গগৈ, দীপ্তি পাঠককে মহিলা মঞ্চ গুৱহাটীৰ উদ্যোগত সহযোগ কৰে বিষ্ণুপুৰ মণ্ডল আৰু সিমান্ত চেতনা মঞ্চ পুৰ্বোত্তৰৰ মহিলা সকল বিষ্ণুপুৰ মণ্ডলৰ সভাপতি ৰাজীৱ দাসৰ নিৰ্দেশত বিষ্ণুপুৰ মণ্ডলৰ মহিলামৰ্চাৰ সভাপতি বনস্মৃতা কলিতা সাধাৰণ সম্পাদক বাবুল ৰাজবংশী কাৰ্যকৰ্তা সকল বিষ্ণুপুৰ মণ্ডলৰ অন্তৰ্গত আটাইকেইটা ৱাৰ্ডৰ বুথ-সভাপতিসকলকেধ ৰি প্ৰায় দুই শতাধিক পুৰুষ- মহিলা উ
পস্থিত থাকে।
No comments:
Post a Comment