তৰংগ হেল্থ এলায়েন্স আৰু ফিজিহাৰ উদ্যোগত স্বাস্থ্য শিক্ষা সম্পৰ্কীয় ৱেবিনাৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday, 8 April 2025

তৰংগ হেল্থ এলায়েন্স আৰু ফিজিহাৰ উদ্যোগত স্বাস্থ্য শিক্ষা সম্পৰ্কীয় ৱেবিনাৰ





W7s news,,গুৱাহাটী, এপ্ৰিল ৮, ২০২৫ : শিক্ষা আৰু কল্যাণৰ ক্ষেত্ৰত প্ৰশংসনীয় প্ৰচেষ্টাৰে অসমে বিগত বছৰবোৰত বিভিন্ন দিশত অগ্ৰগতি লাভ কৰি আহিছে। ৰাজ্যখনে নৱ প্ৰজন্মক অধিক শক্তিশালী কৰিবলৈ প্ৰাথমিক স্বাস্থ্য শিক্ষাৰ জৰিয়তে সুস্থ পৰিবেশ গঢ় দিয়াত বিদ্যালয়সমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।  


 Tarang Health Alliance আৰু Fijeeha (Forum for Indian Journalists on Education, Environment, Health & Agriculture) ৰ উদ্যোগত আয়োজিত এক ৱেবিনাৰত ভাৰতৰ ইউনেস্ক’ৰ গ্ল’বেল হেল্থ এণ্ড এডুকেচনৰ অধ্যক্ষ প্ৰতিনিধি তথা তৰংগ হেল্থ এলায়েন্সৰ কাৰ্যবাহী সঞ্চালক ডাঃ ৰাহুল মেহৰাই অসমক বিদ্যালয়ত স্বাস্থ্য শিক্ষাক বাধ্যতামূলক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনায়। তেওঁ শিশুৰ শাৰীৰিক, মানসিক আৰু সামাজিক স্বাস্থ্যৰ উন্নতিৰ বাবে জ্ঞান আৰু দক্ষতা প্ৰদান কৰিলে কেনেকৈ স্থায়ী প্ৰভাৱ পৰিব সেই সম্পৰ্কে গুৰুত্বপূৰ্ণ আলোকপাত কৰে। উল্লেখযোগ্য তেঁও অসমে বহু বছৰ ধৰি ভুগি থকা স্বাস্থ্যজনিত প্ৰত্যাহ্বান যেনে অসমৰ মানুহৰ জীয়াই থকা গঢ়ৰ ওপৰত ব্যাখ্যা আগবঢ়ায়। ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা-৫ অনুসৰি ৬ মাহৰ পৰা ৫ বছৰ বয়সৰ ৬৮% শিশু আৰু ৬৬% মহিলা ৰক্তহীনতাত আক্ৰান্ত। ইয়াৰোপৰিও খাদ্যৰ অভাৱ, বায়ু প্ৰদূষণ আদিৰ দৰে অন্যান্য কাৰকৰ বাবে ৰাজ্যখনৰ জনসাধৰণৰ স্বাস্থ্যত কুপ্ৰভাৱ পৰিছে।


ডাঃ মেহৰাই লগতে কয় যে, ‘মানুহ অসুস্থ হোৱালৈকে আমি অপেক্ষা কৰিব নোৱাৰো, আমি আৰম্ভণিৰে পৰাই শিশুসকলক কেনেকৈ সুস্থ হৈ থাকিব পাৰি সেই বিষয়ে শিকাব লাগিব"। অসমৰ ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদক প্ৰতিটো শ্ৰেণীৰ পাঠ্যক্ৰমত স্বাস্থ্য শিক্ষাক বাধ্যতামূলক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনায়।


ডাঃ মেহৰাৰ নেতৃত্বত তৰংগ হেল্থ এলায়েন্সে সমগ্ৰ দিল্লী এন চি আৰ, চণ্ডীগড় আৰু জয়পুৰত এক বিস্তৃত বিদ্যালয় স্বাস্থ্য কাৰ্যসূচীৰ বিভিন্ন পদক্ষেপ ৰূপায়ন কৰি আহিছে । তাৰ ভিতৰত মধ্য বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষভাৱে ডিজাইন কৰা স্বাস্থ্য পাঠ্যক্ৰমৰ কিতাপ আৰু বিষয়টো ফলপ্ৰসূভাৱে প্ৰদান কৰিবলৈ শিক্ষক প্ৰশিক্ষণ অন্তৰ্ভুক্ত কৰা কাৰ্যসূচী অন্যতম ।এই কাৰ্যসূচীত ৩০খনতকৈও অধিক বিদ্যালয়লৈ সম্প্ৰসাৰিত হৈছে, যাৰ ফলত আন অঞ্চলসমূহেও এই পদক্ষেপক অনুসৰণ কৰিছে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here