পিএনবি হাউচিং ফাইনেন্স আৰু আধাৰ হাউচিং ফাইনেন্সৰ উত্তৰ-পূৰ্বাঞ্চলত উপস্থিতিৰ সম্প্ৰসাৰণ, বিত্তীয় অন্তৰ্ভুক্তিক আগুৱাই নিয়াৰ প্ৰয়াস - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday, 17 April 2025

পিএনবি হাউচিং ফাইনেন্স আৰু আধাৰ হাউচিং ফাইনেন্সৰ উত্তৰ-পূৰ্বাঞ্চলত উপস্থিতিৰ সম্প্ৰসাৰণ, বিত্তীয় অন্তৰ্ভুক্তিক আগুৱাই নিয়াৰ প্ৰয়াস

 


W7s news গুৱাহাটী: অসমৰ ৰাজধানী মহানগৰ গুৱাহাটীত প্ৰথমবাৰৰ বাবে শাখা উদ্বোধন কৰি পিএনবি হাউচিং ফাইনেন্স লিমিটেড আৰু আধাৰ হাউচিং ফাইনেন্স লিমিটেডে দেশৰ উত্তৰ-পূৰ্বাঞ্চলত প্ৰৱেশৰ কথা ঘোষণা কৰিছে। এই সম্প্ৰসাৰণে চৰকাৰৰ ‘সকলোৰে বাবে গৃহ নিৰ্মাণ’ অভিযানৰ সৈতে সংগতি ৰাখি আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা (পিএমএৱাই) এজেণ্ডাৰ জৰিয়তে বিত্তীয় অন্তৰ্ভুক্তিক আগুৱাই নিয়াৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে।


উত্তৰ-পূৰ্বাঞ্চলৰ অনগ্ৰসৰ বা পিছপৰা অঞ্চলত ঘৰৰ মালিকীস্বত্বক লালন-পালন কৰাৰ প্ৰতিশ্ৰুতিৰে পিএনবি হাউচিং ফাইনেন্স আৰু আধাৰ হাউচিং ফাইনেন্সে অঞ্চলটোৰ গৃহ বিত্তীয় ব্যৱধান দূৰ কৰাৰ কৌশলগত পদক্ষেপৰ অংশ হিচাপে নিৰ্দিষ্ট, উদ্ভাৱনীমূলক সুলভ মূল্যৰ হাউচিং ফাইনেন্স সমাধান বা সুবিধা আগবঢ়াব। এই সম্প্ৰসাৰণে কেৱল গৃহ নিৰ্মাণৰ বিত্তীয় সাহায্যৰ সুবিধা প্ৰদান কৰাই নহয়, লগতে ৰিয়েল এষ্টেট বা গৃহ নিৰ্মাণ খণ্ডৰ চাহিদাও বৃদ্ধি কৰিব আৰু আঞ্চলিক বৃদ্ধিতো সহায় কৰিব।


 "উত্তৰ-পূৰ্বাঞ্চলত সুকীয়া ভৌগোলিক প্ৰত্যাহ্বান আৰু আন্তঃগাঁথনি বিকাশে সুযোগ আৰু দায়িত্ব দুয়োটাই সমানে আনি দিয়ে। ৰিয়েল ইষ্টেট আৰু হাউচিং ফাইনেন্স হৈছে পৰিপূৰক খণ্ড, যি কেৱল এই অঞ্চলৰ বহনক্ষম বিকাশৰ বাবেই গুৰুত্বপূৰ্ণ নহয়, লগতে ইয়াৰ প্ৰকৃত সম্ভাৱনা উন্মুক্ত কৰাৰ বাবে অনুঘটক। এই অঞ্চলত নিজৰ উপস্থিতিৰ সম্প্ৰসাৰণ কৰি পিএনবি হাউচিং আৰু আধাৰ হাউচিং দুয়োটাই অন্তিম মাইলৰ বিত্তীয় অন্তৰ্ভুক্তি ৰখাত গুৰুত্বপূৰ্ণ অৰিহণা যোগাব, এনেদৰে স্থানীয় অৰ্থনীতিক বহুগুণে শক্তিশালী কৰিব।"


পিএনবি হাউচিং ফাইনেন্সৰ এমডি তথা চিইঅ' গিৰীশ কৌছগীয়ে কয় যে, " সংস্কৃতি আৰু সম্পদৰে সমৃদ্ধ উত্তৰ-পূব অঞ্চলটোৱে বিকাশ আৰু উন্নয়নৰ বাবে অপৰিসীম সুযোগ প্ৰদান কৰিছে। গুৱাহাটীৰ পৰা আৰম্ভ কৰি আৰু সমগ্ৰ উত্তৰ-পূবত আমাৰ বিতৰণ পদচিহ্ন অধিক বিস্তৃত কৰি এই অঞ্চলত আমাৰ উপস্থিতি সম্প্ৰসাৰণ কৰি আমি আনন্দিত। আমাৰ বিস্তৃত সুলভ মূল্যৰ গৃহ নিৰ্মাণ সামগ্ৰী ‘ৰোচনি’ৰ লক্ষ্য হৈছে ইয়াৰ মানুহৰ জীৱনত অৰ্থপূৰ্ণ পৰিৱৰ্তন আনিব, পৰিয়ালসমূহে যাতে নিৰাপদ আৰু বহনক্ষম পৰিৱেশত লাভৱান হ’ব পাৰে। আমি চৰকাৰৰ পিএমএৱাই আঁচনিৰ সৈতে সংলগ্ন আৰু আকাংক্ষিত ঘৰৰ গৰাকীসকলক নিজৰ স্বপ্ন পূৰণ কৰাত সহায় কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।"


আধাৰ হাউচিং ফাইনেন্সৰ এমডি এণ্ড চিইঅ’ ঋষি আনন্দে কয় যে, 'গুৱাহাটীত আমাৰ প্ৰথমটো শাখাৰ জৰিয়তে উত্তৰ-পূবত আমাৰ প্ৰৱেশে আমাৰ যাত্ৰাৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰিছে। আমি অৰ্থনৈতিকভাৱে দুৰ্বল খণ্ড আৰু নিম্ন মধ্যমীয়া আয়ৰ লোকসকলক ঘৰৰ মালিকীস্বত্ব প্ৰদানৰ প্ৰয়াস কৰিছো, যাতে সুৰক্ষিত ভৱিষ্যত গঢ়ি তোলাৰ বাবে শক্তিশালী কৰি তুলিব পৰা যায়। চৰকাৰৰ সকলোৰে বাবে গৃহ নিৰ্মাণৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি আমি কম আয়ৰ গৃহ নিৰ্মাণ অঞ্চলটোৰ অধিক পৰিয়ালৰ বাবে সুলভ কৰি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। এই নতুন শাখাই আমাক উত্তৰ-পূবৰ অভাৱগ্ৰস্ত বা পিছপৰা ৰাজ্যসমূহৰ ভিন্ন প্ৰান্তৰ গ্ৰাহকৰ ওচৰলৈ লৈ যাব।”

নেচনেল হাউচিং বেংকৰ তথ্য অনুসৰি, ২০২৪ চনৰ ছেপ্টেম্বৰ মাহলৈকে উত্তৰ-পূবৰ ৰাজ্যসমূহত মুঠ ব্যক্তিগত গৃহ নিৰ্মাণ ঋণৰ মাত্ৰ ০.৯৩% আছিল। পিএনবি হাউচিং ফাইনেন্স আৰু আধাৰ হাউচিং ফাইনেন্সে বেতনভোগী আৰু স্ব-নিয়োজিত উভয় ব্যক্তিৰ বাবে সুলভ গৃহ ঋণৰ উপলব্ধতা বৃদ্ধি কৰিবলৈ সংকল্পবদ্ধ-এই অঞ্চলসমূহত অৰ্থনৈতিক উন্নয়নৰ বাবে এক শক্তিশালী ভেটি সৃষ্টি কৰাৰ প্ৰতি ধাৰাবাহিক প্ৰতিশ্ৰুতিৰ প্ৰমাণ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here