আইবিএছৰ সৈতে যাপন কৰক: লক্ষণ অনুসৰি পৰিচালনা আৰু জীৱনৰ মান উন্নত কৰক - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday, 10 April 2025

আইবিএছৰ সৈতে যাপন কৰক: লক্ষণ অনুসৰি পৰিচালনা আৰু জীৱনৰ মান উন্নত কৰক


 

ডাঃ কে এছ সোমাশেখৰ ৰাও, জ্যেষ্ঠ পৰামৰ্শদাতা গেষ্ট্ৰ’এণ্টেৰ’লজিষ্ট, হেপাট’লজিষ্ট আৰু এডভান্সড থেৰাপিউটিক এণ্ড’স্কপিষ্ট,  যশোদা হাস্পতাল, হায়দৰাবাদ



W7s news,,সমগ্ৰ বিশ্বৰ লাখ লাখ ব্যক্তি ইৰিটেবল বাৱেল চিণ্ড্ৰম (আইবিএছ)  নামেৰে জনাজাত সাধাৰণ গেষ্ট্ৰাইটিছ ৰোগত আক্ৰান্ত। দীৰ্ঘদিনীয়া পেটৰ বিষ, পেট ফুলা আৰু মলত্যাগ কৰাৰ তাৰতম্য ইয়াৰ অন্যতম লক্ষণ আৰু এই অৱস্থাবোৰে দৈনন্দিন জীৱনত বৃহৎ প্ৰভাৱ পেলাব পাৰে। পেটৰ বিষ, পেট ফুলা, অত্যধিক গেছ, ডায়েৰিয়া, কোষ্ঠকাঠিন্য বা এইবোৰৰ মিশ্ৰণ সাধাৰণ লক্ষণ ৰূপে দেখা যায়। এই লক্ষণসমূহ দিন, সপ্তাহ বা আনকি মাহপৰ্যন্ত থাকিব পাৰে আৰু সাধাৰণতে পৃথক পৃথক হয়। মেন’পজ(ৰজোনিবৃত্তি) হোৱা মহিলাসকলৰ ক্ষেত্ৰত প্ৰায় কমকৈ হোৱা দেখা গ’লেও মহিলাসকলৰ মাহেকীয়াৰ সময়ত অধিক অস্বস্তি অনুভৱ হ’ব পাৰে। যদিও আইবিএছে পাচনতন্ত্ৰৰ প্ৰত্যক্ষ ক্ষতি নকৰে, তথাপিও মলদ্বাৰৰ পৰা ৰক্তক্ষৰণ বা যথেষ্ট পৰিমাণে ওজন কমি যোৱাৰ দৰে লক্ষণসমূহ অন্যান্য উল্লেখযোগ্য বিকাৰৰ লক্ষণ হ’ব পাৰে, যিবোৰ চিকিৎসকৰ দ্বাৰা মূল্যায়ন কৰিব লগা হয়।

যদিও আইবিএছৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই, তথাপিও এই ৰোগৰ বিকাশত কেইবাটাও কাৰকৰ ভূমিকা আছে। ইয়াৰ ভিতৰত অন্ত্ৰৰ পেশীৰ অস্বাভাৱিক সংকোচন, যাৰ ফলত কোষ্ঠকাঠিন্য বা ডায়েৰিয়া হ’ব পাৰে। নিয়মীয়া পাচন প্ৰক্ৰিয়াৰ প্ৰতি সংবেদনশীলতা সম্ভাৱনাময় ৰূপত মগজু-অন্ত্ৰৰ দুৰ্বল সহযোগিতাৰ ফলত বৃদ্ধি পাব পাৰে। বেক্টেৰিয়াৰ অতিমাত্ৰা বৃদ্ধি বা গুৰুতৰ গেষ্ট্ৰাইটিছ ৰোগৰ ফলত আইবিএছৰ লক্ষণ হ’ব পাৰে। তদুপৰি প্ৰাথমিক জীৱনত মানসিক চাপে পিছৰ জীৱনত মানুহক আইবিএছৰ প্ৰতি অধিক সহজলভ্য কৰি তোলে। আন্ত্ৰিক বেক্টেৰিয়াৰ গঠনত হোৱা পৰিৱৰ্তনৰ ফলতো আইবিএছৰ বিকাশ বা ৰোগত আক্ৰান্ত হোৱাত প্ৰভাৱিত হ’ব পাৰে। এই কাৰকসমূহৰ বিষয়ে বুজিলে ৰোগৰ ফলপ্ৰসূ ব্যৱস্থাপনা সহজ হ’ব পাৰে।

কিছুমান লোকৰ শৰীৰত আইবিএছ বেছিকৈ দেখা যায়। পুৰুষতকৈ মহিলাৰ এই ৰোগ হোৱাৰ সম্ভাৱনা দুগুণ বেছি আৰু ৫০ বছৰৰ তলৰ লোকসকল অধিক সংবেদনশীল। আইবিএছৰ পাৰিবাৰিক ইতিহাসে পৰিৱেশ আৰু জিনীয় দুয়োটা কাৰকৰ কথা আঙুলিয়াই দিয়ে। আইবিএছৰ লগত মানসিক স্বাস্থ্যৰ অৱস্থা যেনে হতাশা আৰু উদ্বেগ ওতঃপ্ৰোতভাৱে জড়িত। এই বিপদজনক কাৰকসমূহে আগতীয়াকৈ পদক্ষেপ আৰু ব্যক্তিগতকৃত পৰিচালনা কৌশল কিমান গুৰুত্বপূৰ্ণ সেই বিষয়ত গুৰুত্ব আৰোপ কৰে।

মল-মূত্ৰৰ ধৰণ ব্যৱহাৰ কৰি আইবিএছক বিভিন্ন শ্ৰেণীত ভাগ কৰা হয়। এইবোৰত মিশ্ৰিত অন্ত্ৰৰ অভ্যাস থকা আইবিএছ (আইবিএছ-এম), ডায়েৰিয়া থকা আইবিএছ (আইবিএছ-ডি) আৰু কোষ্ঠকাঠিন্যৰ সৈতে আইবিএছ (আইবিএছ-চি) হোৱা দেখা যায়। যিহেতু বিভিন্ন ধৰণৰ আইবিএছৰ বাবে বিভিন্ন ঔষধ অধিক ফলপ্ৰসূ, গতিকে চিকিৎসা পদ্ধতিৰ অনুকূলতা নিৰ্ধাৰণৰ বাবে প্ৰকাৰ জনাটো অতি প্ৰয়োজনীয়। সাধাৰণতে মলত্যাগ আৰু ইয়াৰ লগত জড়িত পেটৰ বিষৰ কম্পাঙ্ক বা ৰূপৰ পৰিৱৰ্তনকে ধৰি লক্ষণসমূহ পৰীক্ষা কৰি আইবিএছ নিৰ্ণয় কৰা হয়। ৰোম IVৰ মাপকাঠী অনুসৰি এই লক্ষণসমূহ ধৰা পৰাৰ আগতে কমেও তিনিমাহলৈকে থাকিব লাগিব। অন্যান্য স্থিতিসমূহ অৱগত হ’বলৈ মলৰ বিশ্লেষণ-নিৰীক্ষণ বা এক্স-ৰেৰ দৰে অন্যান্য পৰীক্ষা কৰিব পাৰি।

চিকিৎসালয়ত চিকিৎসা, জীৱনশৈলীৰ ৰূপান্তৰ, খাদ্যৰ পৰিৱৰ্তন আদি এই সকলোবোৰ আইবিএছৰ চিকিৎসাৰ অংশ। খাদ্যৰ সালসলনিৰ ভিতৰত ফল-মূল, শাক-পাচলি, শস্য, বাদাম বেছিকৈ খাই আঁহ(ফাইবাৰ) আহৰণ; অসহিষ্ণু হ’লে লেক্ট’জ আৰু কেফেইন পৰিহাৰ কৰা; আৰু লক্ষণসমূহ হ্ৰাস কৰিবলৈ নিৰ্দিষ্ট খাদ্য, যেনে কম ফডমেপ মানি চলা আদি। নিয়মিত ব্যায়াম, ধূমপান পৰিত্যাগ, কম পৰিমাণে খাদ্য সঘনাই খোৱা আৰু দুগ্ধ বা ঘেঁহুজাতীয় সামগ্ৰীৰ দৰে নিৰ্বাচিত খাদ্য চিনাক্ত কৰা আদি সকলোবোৰেই জীৱনশৈলীৰ পৰিৱৰ্তনৰ উদাহৰণ। গাট ফ্লৰা নিয়ন্ত্ৰণৰ বাবে প্ৰ’বায়’টিক, গাট-ব্ৰেইনৰ যোগাযোগ বৃদ্ধিৰ বাবে পৰামৰ্শ বা মানসিক চাপ হ্ৰাস পদ্ধতি, আৰু পেটৰ গুৰুতৰ অস্বস্তি বা মানসিক স্বাস্থ্যজনিত সমস্যাৰ বাবে এন্টিডিপ্ৰেছন ঔষধ চিকিৎসা আদি অন্যতম উদাহৰণ।

আইবিএছে জীৱনৰ মানদণ্ডত বৃহৎ প্ৰভাৱ পেলাব পাৰে, যাৰ ফলত মানসিক যন্ত্ৰণা আৰু হতাশাৰ সৃষ্টি হয় আৰু ইয়াৰ বাবে অহৰহ পৰিচালনাৰ প্ৰয়োজন হয়। কিন্তু বহুতে সঠিক খাদ্যৰ ৰূপান্তৰ, জীৱনশৈলীৰ উন্নতি, চিকিৎসাৰ সহায়ত লক্ষণ হ্ৰাস পোৱা দেখা যায় আৰু নিজৰ জীৱনৰ নিয়ন্ত্ৰণ সামৰ্থ্য পুনৰ লাভ কৰে। ৰোগীয়ে আইবিএছৰ জটিলতাৰ বিষয়ে সচেতন হ’লে সঠিক যত্ন ল’বলৈ আৰু স্বাস্থ্য সম্পৰ্কীয় সিদ্ধান্ত ল’বলৈ অধিক সুসজ্জিত হৈ পৰে। যদি আপোনাৰ আইবিএছৰ লক্ষণসমূহ দীৰ্ঘদিনীয়া হয় তেন্তে স্বাস্থ্যসেৱা প্ৰদানকাৰীৰ পৰা ব্যক্তিগত পৰামৰ্শ লোৱাটো অতি প্ৰয়োজনীয়।

লিংক: https://www.yashodahospitals.com/

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here