W7s news গুৱাহাটী : সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰোগীসকলৰ বাবে সুলভ, উচ্ছ মানৰ ফাৰ্টিলিটি কেয়াৰৰ এক শক্তিশালী ট্ৰেক ৰেকৰ্ড গঢ়ি দুবছৰ সম্পূৰ্ণ কৰিলে বিৰলা ফাৰ্টিলিটি এণ্ড আই ভি এফৰ গুৱাহাটী কেন্দ্ৰই৷ ৩ বিলিয়ন মাৰ্কিন ডলাৰৰ চি কে বিৰলা গ্ৰnপৰ অংশ আৰু ভাৰতৰ তৃতীয় বৃহৎ আই ভি এফ শৃংখল বিৰলা ফাৰ্টিলিটি এণ্ড আই ভি এফৰ এই কেন্দ্ৰটোৱে উন্নত ক্লিনিকেল চিকিৎসাৰ সৈতে সম্প্ৰদায়ৰ প্ৰসাৰ আৰু শিক্ষাৰ সংমিশ্ৰণ ঘটাই অঞ্চলটোত প্ৰজনন সেৱাৰ বাবে এক নতুন মাপকাঠী স্থাপন কৰিছে৷
দেওবাৰে বৰ্ষপূৰ্তি উপলক্ষে গুৱাহাটী কেন্দ্ৰত আয়োজিত এক অনুষ্ঠানত কেন্দ্ৰটোত চিকিৎসা কৰি সুফল লাভ কৰা পৰিয়ালসমূহে নিজৰ ব্যক্তিগত কাহিনীৰ লগতে চিকিৎসা সম্পূৰ্ণ কৰি পিতৃ-মাতৃ হোৱাৰ গৌৰৱ অৰ্জনৰ সময়ৰ অনুভৱ ব্যক্ত কৰিছে৷ এই অনুষ্ঠানটোৱে কেন্দ্ৰটোৱে বিগত দুবছৰত সহায়ৰ হাত আগবঢ়োৱা বহু পৰিয়ালৰ মাজত থকা শক্তিশালী সংযোগক প্ৰতিফলিত কৰে৷
উল্লেখযোগ্য যে ভাৰতৰ প্ৰায় ১০-১৫ শতাংশ দম্পতীৰ জীৱনত বন্ধ্যাত্বই প্ৰভাৱ পেলোৱাৰ ফলত উত্তৰ-পূৰ্বাঞ্চলত সুলভ তথা উন্নত ফাৰ্টিলিটিত সেৱাৰ প্ৰয়োজনীয়তা বৃদ্ধি পাইছে৷ আৰম্ভণিৰে পৰাই বিৰলা ফাৰ্টিলিটি এণ্ড আই ভি এফ গুৱাহাটীয়ে প্ৰজনন সজাগতা কৰ্মশালা, নাটকৰ জৰিয়তে জ্ঞান বিনিময়, স্ত্ৰী ৰোগ বিশেষজ্ঞৰ সংযোগ কাৰ্যসূচী আৰু সমগ্ৰ চহৰ, গ্ৰামাঞ্চলত নিদান শিবিৰকে ধৰি বিভিন্ন ধৰণে প্ৰচাৰৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে৷ তদুপৰি এই কেন্দ্ৰটোৱে প্ৰজনন ক্ষমতাক কেন্দ্ৰ কৰি থকা অপপ্ৰচাৰ ৰোধ কৰাত আৰু আগতীয়াকৈ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাত মনোনিবেশ কৰিছে৷ বিগত দুবছৰত বিৰলা ফাৰ্টিলিটি এণ্ড আই ভি এফে সমগ্ৰ অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ বহুসংখ্যক ৰোগীক চিকিৎসা সেৱা প্ৰদান কৰি আহিছে৷
এই সন্দৰ্ভত প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্যবাহী বিষয়া অভিশেষ আগৰৱালাই কয়– ‘সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে ইয়াৰ সংযোগৰ প্ৰতি লক্ষ্য ৰাখি দেশজুৰি ফাৰ্টিলিটি কেয়াৰক অধিক সুলভ কৰি তোলাৰ ক্ষেত্ৰত গুৱাহাটীৰ এই কেন্দ্ৰটো আমাৰ বাবে সদায়ে এক কেন্দ্ৰবিন্দু হৈ আহিছে৷ যোৱা দুবছৰত কেন্দ্ৰটোৱে আই ভি এফ চিকিৎসাৰ ক্ষেত্ৰত বিশেষজ্ঞতা আগবঢ়োৱাৰ লগতে পি চি অ’ এছকে ধৰি অন্যান্য ক্ষেত্ৰতো বিশেষ সেৱা আগবঢ়োৱাত সফল হৈছে৷ অনুষ্ঠানত বিৰলা ফাৰ্টিলিটি এণ্ড আই ভি এফৰ গুৱাহাটী কেন্দ্ৰৰ মুৰব্বী তথা বিশিষ্ট চিকিৎসক ডাঃ কল্পনা জৈন উপস্থিত থাকে।
No comments:
Post a Comment