এফ আই চি চি আই এফ এল অ’ নৰ্থ ইষ্টৰ ২০২৫-২৬ বৰ্ষৰ বাবে চেঞ্জ অৱ গাৰ্ডৰ ঘোষণা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday, 1 April 2025

এফ আই চি চি আই এফ এল অ’ নৰ্থ ইষ্টৰ ২০২৫-২৬ বৰ্ষৰ বাবে চেঞ্জ অৱ গাৰ্ডৰ ঘোষণা


 


W7s news,,গুৱাহাটী, ১ এপ্ৰিল, ২০২৫: এফ আই চি চি আই এফ এল অ’ৰ নৰ্থ ইষ্ট চেপ্টাৰে ২০২৫-২৬ বৰ্ষৰ বাবে এক নতুন নেতৃত্ব দলৰ নিযুক্তিৰ সৈতে নতুন অধ্যায়ৰ পাতনি মেলিবলৈ সাজু হৈছে । নতুন নেতৃত্ব নিযুক্তি উপলক্ষে যোৱা অলপতে গুৱাহাটীৰ ভিভান্টাত এক বিশেষ 'চেঞ্জ অৱ গাৰ্ড’ অনুষ্ঠানৰ আয়োজন কৰা হয়। ইয়াৰ পিছতে নতুন দিল্লীৰ এফ আই চি চি আই ফেডাৰেচন হাউছত অনুষ্ঠিত হয় এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠান।

এই পূৰ্বোত্তৰ অধ্যায়ৰ অধ্যক্ষা হিচাপে দায়িত্ব গ্ৰহণ কৰিছে ব্যৱসায়, সামাজিক উদ্যোগীকৰণ আৰু মহিলা সৱলীকৰণৰ বিশদ অভিজ্ঞতাৰে পৰিপুষ্ট এগৰাকী দক্ষ নেত্ৰী ৰশ্মি মনচন্দাই। উত্তৰ-পূৰ্বাঞ্চলৰ মহিলাসকলক স্বাৱলম্বী কৰি তেওঁলোকৰ উন্নয়নৰ পথ সুগম কৰা লক্ষ্য আগত ৰখা এই কাৰ্য্যক্ৰমক তেওঁ দূৰদৰ্শিতা আৰু নিষ্ঠাৰে আৰু অধিক শক্তিশালী কৰাৰ বাবে প্ৰতিশ্ৰুতি ব্যক্ত কৰে।  

নৱ নিযুক্ত মূল সমিতিৰ সদস্যসকলে অধ্যক্ষাগৰাকীৰ এই পদক্ষেপক সফল কৰি তোলাত সহায় আগবঢ়াব। সমিতিখনত আছে:

প্ৰণীতা বৰুৱা – জ্যেষ্ঠ উপাধ্যক্ষা

বেলা নাওকা – উপাধ্যক্ষা 

লতিকা ঝুনঝুনৱালা – সচিব 

মনশ্ৰী প্ৰকাশ – যুটীয়া সচিব 

নেহা খাণ্ডেলৱাল – কোষাধ্যক্ষ 

গীতাঞ্জলি কাকতি – যুটীয়া কোষাধ্যক্ষ

শ্ৰীমতী ৰশ্মি মনচন্দাৰ নেতৃত্বত মহিলাৰ শিক্ষা, উদ্যোগীকৰণ বিকাশ, সুৰক্ষা, স্বাস্থ্যসেৱা, দক্ষতা বিকাশ আৰু আৰ্থিক স্বাধীনতাৰ প্ৰসাৰৰ ক্ষেত্ৰত এফ আই চি চি আই এফ এল অ’ নৰ্থ ইষ্টে অধিক শক্তিশালী ভূমিকা গ্ৰহণ কৰিব। নতুন সমিতিখনে মহিলা সবলীকৰণক আৰু অধিক আগুৱাই নিয়াৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ আৰু ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰিবলৈ প্ৰতিশ্ৰুতি ব্যক্ত কৰিছে। 

ইয়াৰ উপৰিও এফ আই চি চি আই এফ এল অ’ নৰ্থ ইষ্টে বিদায়ী ৰাষ্ট্ৰীয় সভাপতি জয়শ্ৰী দাস বাৰ্মাৰ প্ৰতি গভীৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁৰ অসাধাৰণ নেতৃত্ব আৰু নিষ্ঠাৰ বাবেই এফ এল অ’ৰ নেটৱৰ্ক শক্তিশালী হোৱাৰ সমান্তৰালভাৱে অগণন মহিলাক নিজৰ ভৱিষ্যত গঢ়ি তোলাৰ পথত আত্মবিশ্বাসেৰে আগবাঢ়ি যোৱাত প্ৰেৰণা যোগাবলৈ সক্ষম হৈছিল। 

অধ্যায়টোৱে এটা নতুন পৰ্যায়ৰ দিশে আগবঢ়াৰ লগে লগে পূৰ্বৰ সমিতিসমূহে গঢ় দি যোৱা শক্তিশালী ভেটিৰ ওপৰত নতুন সমিতিখনে এক অৰ্থৱহ পৰিৱৰ্তন অনাৰ দিশত কাম কৰিব, যাৰ জৰিয়তে অঞ্চলটোত এক সুদূৰপ্ৰসাৰী প্ৰভাৱ পৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here