লণ্ডনত অনুষ্ঠিত সন্মানীয় এছ টি ই এম এংগেজমেণ্ট অনুষ্ঠানত মডাৰ্ণ ইংলিছ স্কুলৰ উপাধ্যক্ষৰ উত্তৰ-পূব ভাৰতক প্ৰতিনিধিত্ব কৰি অংশগ্ৰহণ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday, 8 March 2025

লণ্ডনত অনুষ্ঠিত সন্মানীয় এছ টি ই এম এংগেজমেণ্ট অনুষ্ঠানত মডাৰ্ণ ইংলিছ স্কুলৰ উপাধ্যক্ষৰ উত্তৰ-পূব ভাৰতক প্ৰতিনিধিত্ব কৰি অংশগ্ৰহণ




W7s news,,গুৱাহাটী, ৮ মাৰ্চ, ২০২৫: গুৱাহাটীৰ কাহিলীপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুলৰ উপাধ্যক্ষ সুস্মিতা চন্দাই অৰ্জন কৰিলে এক গৌৰৱময় কৃতিত্ব। লণ্ডনৰ চায়েন্স মিউজিয়াম গ্ৰুপৰ সহযোগত আয়োজন কৰা সন্মানীয় গ্ৰেট চেলেঞ্জ ফাণ্ড প্ৰজেক্টৰ এছ টি ই এম এংগেজমেণ্ট এণ্ড লাৰ্ণিং প্ৰগ্ৰামত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰে সুস্মিতা চন্দাই। ২০২৫ চনৰ ৩ মাৰ্চৰ পৰা ৭ মাৰ্চলৈকে অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত উত্তৰ-পূব ভাৰতক প্ৰতিনিধিত্ব কৰে মডাৰ্ণ ইংলিছ স্কুলৰ উপাধ্যক্ষগৰাকীয়ে।



উল্লেখ্য যে, এই সন্মানীয় পদক্ষেপৰ বাবে উত্তৰ-পূবৰ পৰা নিৰ্বাচিত একমাত্ৰ শিক্ষক দুগৰাকী আছিল সুস্মিতা চন্দা আৰু পি এম শ্ৰী কে ভি খানাপাৰাৰ পদাৰ্থ বিজ্ঞানৰ শিক্ষক ৰাকেশ কুমাৰ। ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা নিৰ্বাচিত ১০ গৰাকী বিশিষ্ট শিক্ষকৰ এটা দলৰ অংশ হিচাপে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে দুয়োগৰাকী শিক্ষকে। মন কৰিবলগীয়া যে, এই কাৰ্যসূচীৰ বাবে নিৰ্বাচিত ভাৰতীয় শিক্ষকসকলৰ ভিতৰত চৰকাৰী আৰু ব্যক্তিগত শিক্ষানুষ্ঠানৰ বিশেষজ্ঞৰ লগতে নেশ্যনেল কাউন্সিল অৱ চায়েন্স মিউজিয়াম (এন চি এছ এম)ৰ সদস্যও আছিল।



এই কাৰ্যসূচীৰ মূল উদ্দেশ্য আছিল ব্ৰিটেইন আৰু ভাৰতৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰা আৰু দুয়োখন দেশৰ প্ৰধান বিজ্ঞান প্ৰতিষ্ঠান- ভাৰতৰ নেশ্যনেল কাউন্সিল অৱ চায়েন্স মিউজিয়ামছ (এন চি এছ এম) আৰু ব্ৰিটেইনৰ চায়েন্স মিউজিয়াম গ্ৰুপৰ মাজত সহযোগিতাৰ নতুন দিগন্ত মুকলি কৰা। ভ্ৰমণৰ অংশ হিচাপে সুস্মিতা চন্দাই এছ টি ই এম ভিত্তিক বিভিন্ন সমৃদ্ধিশালী অভিজ্ঞতাত অংশগ্ৰহণ কৰে, য’ত অন্তৰ্ভুক্ত আছিল:



‘চায়েন্স কেপিটেল’ পদ্ধতি গভীৰভাৱে বুজি ছাত্ৰ-ছাত্ৰীৰ বাবে শিক্ষণ প্ৰক্ৰিয়াক অধিক আকৰ্ষণীয় আৰু ফলপ্ৰসূ কৰি তুলিবলৈ ইয়াৰ কৌশলগত ৰূপায়ণ।

আন্তঃৰাষ্ট্ৰীয় এছ টি ই এম কাৰ্য্যকলাপ পৰ্যবেক্ষণ কৰি ইয়াৰ প্ৰত্যাহ্বান আৰু সুযোগ বিশ্লেষণ।

উদ্ভাৱনীমূলক এছ টি ই এম কৌশল অন্বেষণ কৰিবলৈ হাতে-কামে কৰা প্ৰদৰ্শন আৰু কৰ্মশালাত অংশগ্ৰহণ।

সকলো দিশৰ বিভিন্ন বিভাগৰ বিজ্ঞান সংগ্ৰহালয় বিশেষজ্ঞৰ সৈতে আলোচনাৰ জৰিয়তে জ্ঞান আৰু অভিজ্ঞতা বিনিময়।

২০২৫ চনৰ ৬ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ‘স্পেচ লেটছ’ অনুষ্ঠানত অংশগ্ৰহণ কৰি দৰ্শকৰ সৈতে জড়িত হোৱাৰ কৌশল আৰু আধুনিক পাঠদান পদ্ধতিৰ বিষয়ে অন্তৰ্দৃষ্টি লাভ কৰা।


এই উল্লেখযোগ্য কৃতিত্ব সন্দৰ্ভত মডাৰ্ণ ইংলিছ স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী জোনালী দাসে কয়, “সুস্মিতা চন্দা এই সন্মানীয় কাৰ্যসূচীৰ বাবে নিৰ্বাচিত হোৱাটো কেৱল তেওঁৰ বাবে ব্যক্তিগত কৃতিত্বই নহয়, মডাৰ্ণ ইংলিছ স্কুলৰ বাবেও এক উল্লেখযোগ্য কৃতিত্ব। ইয়ে এছ টি ই এম শিক্ষা আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ক্ষেত্ৰত উৎকৃষ্টতাৰ প্ৰতি আমাৰ দায়বদ্ধতাক আৰু অধিক শক্তিশালী কৰিছে।"


ইফালে, নিজৰ অভিজ্ঞতা ব্যক্ত কৰি সুস্মিতা চন্দাই কয়, “এই কাৰ্যসূচীয়ে মোক এছ টি ই এম শিক্ষাৰ আন্তঃৰাষ্ট্ৰীয় উত্তম পদ্ধতিসমূহ বুজিবলৈ এক সুন্দৰ সুযোগ প্ৰদান কৰিছে। ইয়াত লাভ কৰা অন্তৰ্দৃষ্টি আৰু পাঠদান পদ্ধতিয়ে আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষণ অভিজ্ঞতাক আৰু অধিক সমৃদ্ধ কৰিব।”

উল্লেখ্য যে, মডাৰ্ণ ইংলিছ স্কুলে তেওঁলোকৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে বিশ্বব্যাপী শৈক্ষিক সুযোগ সৃষ্টিৰ বাবে নিজৰ প্ৰতিশ্ৰুতি প্ৰদৰ্শন কৰি আহিছে। ইতিমধ্যে কাহিলীপাৰাৰ মডাৰ্ণ ইংলিছ স্কুলে উত্তৰ-পূব ভাৰতৰ এক অভিনৱ আৰু ভৱিষ্যতমুখী শিক্ষাৰ কেন্দ্ৰ হিচাপে নিজৰ স্থান আৰু অধিক সুদৃঢ় কৰি তুলিছে।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here