W7s news,,গুৱাহাটী, ৫ মাৰ্চ :গুৱাহাটী প্ৰেছ ক্লাবত বুধবাৰে কন্ঠশিল্পী ডলী তালুকদাৰৰ
কন্ঠত 'পল... পল দ্যা ম'মেন্ট্ ছ' শীর্ষক এটা আধুনিক গীতৰ অডিঅ'/ভিডিঅ' মুকলি কৰা হয়। বিশিষ্ট চিকিৎসক, সাংস্কৃতিককর্মী,সুগায়ক, ডাঃ অঞ্জনজোতি চৌধুৰীয়ে গীতটো মুকলি কৰি কন্ঠশিল্পী
ডলী তালুকদাৰৰ ভূয়সী প্ৰশংসা কৰে। লগতে এই গীতটোৱে শ্ৰোতা দৰ্শকৰ বিশেষ সমাদৰ লাভ কৰিব বুলি আশা প্ৰকাশ কৰে। গীতটোত ডলী তালুকদাৰে কন্ঠ দিয়াৰ লগতে সুৰ দিয়ে আৰু গীতৰ ভিডিঅ'ত অভিনয়ো কৰে। গীতটি সংগীতৰে সজাইছে ৰমেশ হাজৰিকাই আৰু ভিডিঅ'টিত সহ অভিনয় কৰিছে অভিনেতা ব্ৰজেন ভাইকণে। মুকলি অনুষ্ঠানটোত ডাঃ বেদব্ৰত পাঠক, মৌচম বৰা,কবি প্ৰণব কুমাৰ বৰ্মন,সীতাৰাণী হাজৰিকা, আৰ জে সুজিতা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়।লগতে অনুষ্ঠানটোত কন্ঠশিল্পী ডলী তালুকদাৰৰ লগতে উপস্থিত থকা সকলোৱে প্ৰয়াত গণশিল্পী ৰাজীব শদিয়ালৈ শ্ৰদ্ধাঞ্জলী নিবেদন কৰে।
গীতটোৰ আঁৰৰ কথা উল্লেখ কৰি কন্ঠশিল্পী ডলী তালুকদাৰে কয়-
"পল... পল দ্যা ম'মেন্ট্ ছ'
.গীতটি মোৰ সংগীত যাত্ৰাৰ বিৰতিৰ পিছৰ নতুন যাত্ৰা। মোৰ প্ৰথম গীতৰ এলবাম "প্ৰথম পৰিচয়" ৰ পিছত সুৰ,কথা আৰু সংগীত পৰিচালনাৰে এইটো নতুন গীত। যিটো মোৰ সপোন,হেপাঁহ আৰু আশা মনত আছিল তাক বাস্তব কৰাৰ চেষ্টা মাথো। কবি প্ৰণব কুমাৰ বৰ্মনৰ কবিতা সদায়ে মোৰ প্ৰিয়। সেয়েহে তেওঁ লিখা গীত এটি গোৱাৰ মোৰ সপোন আছিল। লগতে আছিল নিজে সুৰ কৰি কন্ঠ নিগৰোৱাৰ হেঁপাহ আছিল। মোৰ এই স্ংগীত যাত্ৰাত তিনিওটি সপোন পূৰ্ণ হোৱাৰ পথত আগবঢ়াৰ বাবে ঈশ্বৰক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো।লগতে মোৰ স্বামী ডাঃ ৰঞ্জন কুমাৰ দাসৰ সহযোগিতা আৰু বহুতো শুভকাংক্ষীৰ শুভেচ্ছা আৰু উৎসাহৰ বাবে মোৰ এই যাত্ৰা পুনৰ আগবঢ়াত উজু হৈছে। আশাকৰো শ্ৰোতাই মোৰ গীতটি আদৰি ল'ব।' গীতটো মুকলি অনুষ্ঠানত বহু সংখ্যক গণ্য মান্য লোক উপস্থিত থাকে।
অনুষ্ঠানটো সুন্দৰকৈ আঁত ধৰি চলাই নিয়ে মঞ্চ আৰু আকাশবাণীৰ অংশকালীন জনপ্ৰিয় ঘোষিকা ময়ুৰী দত্তই।
No comments:
Post a Comment