W7s news,,গুৱাহাটী , মাৰ্চ ২৯ , ২০২৫ : গুৱাহাটী বিশ্ববিদ্যালয়ে পৰীক্ষা সম্পৰ্কীয় বিভিন্ন অভিযোগ নিৰাময়ৰ ক্ষেত্ৰত তথা অধিক পৰীক্ষা পদ্ধতি অধিক সুশৃংখলিত কৰাৰ উদ্দেশ্যে আৰু হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ সুবিধাৰ্থে এক নতুন ব্যৱস্থা প্ৰৱৰ্তন কৰিছে।উক্ত ব্যৱস্থাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে ডিজিটেলভাৱে নিজৰ সমস্যা প্ৰকাশ কৰিব পাৰিব যাৰ ফলত পৰীক্ষা নিয়ন্ত্ৰকৰ কাৰ্যালয়লৈ ব্যক্তিগতভাৱে যোৱাৰ প্ৰয়োজনীয়তা নাইকিয়া হ’ব। ২৮ মাৰ্চ ,২০২৫ তাৰিখে উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই অনুমোদন জনোৱা এই পদক্ষেপে পৰীক্ষা সংক্ৰান্ততীয় প্ৰক্ৰিয়াটো দ্ৰুত, অধিক কাৰ্যক্ষম আৰু ছাত্ৰ-ছাত্ৰীৰ অনুকূল কৰি তুলিব বুলি আশা কৰা হৈছে।
বিশ্ববিদ্যালয়ৰ এক অধিসূচনা (Memo No. GU/Regr(SF)/Notification/Examination/2025/57) অনুসৰি বিশ্ববিদ্যালয়খনে ইতিমধ্যেই শিক্ষাৰ্থীৰ অভিযোগসমূহ গ্ৰহণ কৰিবলৈ নিৰ্দিষ্ট ইমেইল আইডিৰ ব্যবস্থা কৰিছে।স্নাতক মহলাৰ শিক্ষাৰ্থীসকলে grievance_UG_exam@gauhati.ac.in আৰু স্নাতকোত্তৰ মহলাৰ শিক্ষাৰ্থীসকলে grievance_PG_exam@gauhati.ac.in ৰ জৰিয়তে নিজৰ সমস্যাসমূহ প্ৰেৰণ কৰিব পাৰিব। ছাত্ৰ ছাত্ৰীসকলে সমস্যাসমূহ বৈধ বুলি গণ্য কৰিবলৈ নিজ নিজ সংযুক্ত মহাবিদ্যালয়ৰ অধ্যক্ষ বা বিশ্ববিদ্যালয়ৰ পাঠদান বিভাগৰ মুৰব্বীৰ অনুমোদিত হব লাগিব তথা ইমেইলৰ সৈতে স্কেন কৰা অনুমোদিত কপি এটা সংলগ্ন কৰিব লাগিব।
অধিসূচনা অনুসৰি বিশ্ববিদ্যালয়ে নিয়মীয়া পৰীক্ষা সম্পৰ্কীয় অভিযোগসমূহ ৭২ কৰ্মঘণ্টাৰ ভিতৰত সমাধান কৰা হ’ব তথা ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ অভিযোগৰ অৱস্থাৰ বিষয়ে ইমেইলযোগে আপডেট লাভ কৰিব। প্ৰয়োজনসাপেক্ষে শাৰীৰিক উপস্থিতিৰ প্ৰয়োজন হোৱা ক্ষেত্ৰত তেওঁলোকক অৱগত কৰা হ’ব। যদি কোনো শিক্ষাৰ্থী ব্যক্তিগতভাৱে উপস্থিত থাকিব নোৱাৰে, তেন্তে তেওঁ তেওঁলোকৰ হৈ কাম কৰিবলৈ প্ৰতিনিধি অথবা অভিভাৱকক অনুমোদন কৰিব পাৰিব । নতুন ব্যৱস্থাটোত ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন দিশত সহায় কৰিবলৈ দৈনিক দুপৰীয়া ২ বজাৰ পৰা বিয়লি ৫ বজালৈ এটা হেল্পডেস্ক কাৰ্যক্ষম হ’ব। সু দক্ষ কৰ্মচাৰীৰে গঠিত এই ডেস্কখনে অভিযোগসমূহ কেনেকৈ সঠিকভাৱে দাখিল কৰিব লাগে তাৰ নিৰ্দেশনা প্ৰদান কৰিব, যাতে আবেদনসমূহ সম্পূৰ্ণ আৰু তাৎক্ষণিক প্ৰক্ৰিয়াকৰণৰ বাবে সাজু হোৱাটো নিশ্চিত হৈ উঠে ।
বিশ্ববিদ্যালয়ৰ অধীনত ৩০০ৰো অধিক সংযুক্ত মহাবিদ্যালয় থকাৰ বাবে এই ডিজিটেল পদক্ষেপে সমগ্ৰ অসমৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে পৰীক্ষা সংক্ৰান্তীয় সমস্যাসমূহ যথেষ্ট সহজ কৰি তুলিব বুলি আশা কৰা হৈছে। তদুপৰি এই পদক্ষেপে শৈক্ষিক সমস্যাসমূহ মোকাবিলা কৰাৰ ক্ষেত্ৰত স্বচ্ছতা আৰু দক্ষতা ব্যাপকভাৱে বৃদ্ধি কৰিব, যাৰ ফলত এক সমস্যাসমূহ নিৰ্ধাৰিত সময়ত সমাধান হ’ব। এই ডিজিটেল পদক্ষেপৰ জৰিয়তে গুৱাহাটী বিশ্ববিদ্যালয়ে ছাত্ৰ-ছাত্ৰীৰ কল্যাণক অগ্ৰাধিকাৰ দি প্ৰশাসনিক দক্ষতা বৃদ্ধি কৰাৰ লক্ষ্য লৈছে।
No comments:
Post a Comment