গুৱাহাটীত মুকলি হ'ল উত্তৰ-পূবৰ সৰ্ববৃহৎ পিলাটেছ আৰু ফিটনেছ চেণ্টাৰ ''ৰিচুৱেল' - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 7 March 2025

গুৱাহাটীত মুকলি হ'ল উত্তৰ-পূবৰ সৰ্ববৃহৎ পিলাটেছ আৰু ফিটনেছ চেণ্টাৰ ''ৰিচুৱেল'

 



W7s news গুৱাহাটী:  গুৱাহাটীবাসীৰ বাবে শুকুৰবাৰে গুৱাহাটীৰ খানাপাৰাত মুকলি কৰা হ'ল উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ পিলাটেছ আৰু ফিটনেছ চেণ্টাৰ "ৰিচুৱেল"। এটা সুস্থ মন আৰু শৰীৰ লৈ আগুৱাই যোৱাৰ বাবে হলিউডৰ চেলিব্রিটি, অলিম্পিক খেলুৱৈসকলে যিসমূহ সঁজুলি ব্যৱহাৰ কৰে বা বিশ্বৰ শীর্ষ ফিজিঅ' থেৰাপিষ্টসকলে যিসমূহ সঁজুলি এইক্ষেত্রত ব্যৱহাৰৰ পৰামৰ্শ দিয়ে সেই সকলোবিলাকেই "ৰিচুৱেল ত উপলব্ধ।"ৰিচুৱেল ক এনে এক বিশেষ ৱেলনেছ চেণ্টাৰৰূপে গঢ়ি তোলা হৈছে যত আহিলে আপোনাৰ ফিটনেছে সামগ্রিক সুস্থতাক বান্ধি ৰাখিব পাৰে।  উত্তৰ-পূবৰ বৃহত্তম এই পিলাটেছ এণ্ড ফিটনেছ চেণ্টাৰ "ৰিচুৱেল" উদ্বোধন কৰে জ্যেষ্ঠ সাংবাদিক তথা পৰ্বতাৰোহী প্ৰণয় বৰদলৈ আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ এলভিছ হাজৰিকাই। জ্যেষ্ঠ সাংবাদিক তথা পৰ্বতাৰোহী প্ৰণয় বৰদলৈয়ে ভাষণত কয়-শাৰীৰিক ফিট্ নেছৰ লগতে মানসিক ফিট্ নেছ অতি জৰুৰী। যুৱপ্ৰজন্মৰ মাজত অতি  মানসিক ফিট্‌ নে ছ জৰুৰী হৈ। নিজকে সুস্থ কৰি ৰাখিবলৈ নিজৰ বাবে আধাঘন্টা সময় দিব লাগে।মানুহে অসম্ভক সম্ভৱ কৰি আছে। এই চেণ্টাৰে বহু মানুহক সকাহ দিব বুলি আশা কৰিলো। ডৰথিৰ এই লক্ষ্য পূৰণ হ'ব বুলি আশা কৰিলোঁ।'আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ এলভিছ হাজৰিকাই ভাষণত কয়-ফিট্ নে ছ জীৱনত বহু জৰুৰী। গুৱাহাটীত এনে দুই তিনিটা চেণ্টাৰ থকা জৰুৰী। ক্ৰীড়াৰ সৈতে জড়িত সকলো বহু পৰিমাণে ইয়াৰ জড়িয়তে উপকৃত হ'ব বুলি আশা কৰিলোঁ।'ৰিচুৱেল' ৰ জন্ম দিছে পিলাটেছৰ পৰিৱৰ্তনশীল শক্তি আৰু মননশীল আন্দোলনক উত্তৰ-পূব ভাৰতৰ জনসাধাৰণৰ মাজলৈ অনাৰ বাবে সুদীর্ঘ সময়জুৰি অভিযান চলাই থকা এগৰাকী বিশিষ্ট উদ্যোগী ড'ৰথীয়ে। "ৰিচুৱেল"ত আছে কঁকালৰ বিষ, বাতবিষ, অস্ত্রোপচাৰৰ পিছৰ অৱস্থা আদিৰ পৰা উপশম পোৱাৰ সকলো ব্যৱস্থা । কেৱল সিমানেই নহয়, আমি বহুতেই উঠোতে-বহোতে-খাওতে-শোওতে অজানিতে এনে কিছুমান ভুল ভংগীমাৰ আশ্রয় লও যিবিলাকে আমাৰ শৰীৰটো বিষময় কৰি তোলে।'ৰিচুৱেল'এ সেই সকলো ভুল ভংগীমা আপোনাক দেখুৱাই কেনেধৰণৰ শুদ্ধ ভংগীমাৰে আমাৰ শৰীৰটো বিষমুক্ত কৰি ৰখাৰ লগতে মনটোকো প্রফুল্লিত কৰি ৰাখিব পাৰি সেই পথৰো সন্ধান দিব। ইয়াত ষ্টেবিলিটি চেয়াৰ, কেডিলাক টাৱাৰ, স্পাইন কাৰেক্টৰ সকলো ব্যৱস্থাই আপুনি লাভ কৰিব যিয়ে আপোনাৰ বাবে এটা বিষবিহীন নিৰোগী জীৱন যাপনৰ বাট মুকলি কৰি দিব। এককথাত ক'বলৈ গ'লে সকলো ধৰণৰ বিষৰ চিকিৎসা বিশেষজ্ঞ "ৰিচুৱেল "ত উপলব্ধ। বিশ্বমানৰ বিশেষজ্ঞ, প্রশিক্ষক আৰু পেছাদাৰী থেৰাপিষ্টৰ এটা দল ইয়াত সদায়ে উপলব্ধ থাকিব আপোনাৰ মুখত হাঁহি বিৰিঙাবলৈ। কোনোধৰণৰ বিষেই যাতে আপোনাৰ সুন্দৰ জীৱনটো বিষময় কৰি তুলিব নোৱাৰে তাৰ বাবেই আমাৰ এই প্ৰয়াস। জ্যেষ্ঠ নাগৰিকসকলৰ উপৰিও প্ৰসৱৰ পূৰ্বে আৰু প্ৰসৱোত্তৰ কালত মাতৃসকলে সম্মুখীন হৈ অহা বিভিন্ন স্বাস্থ্যজনিত সমস্যাও দুৰীকৰণৰ বাবেও "ৰিচুৱেল" সদায়েই সাজু।

আজি এই প্রতিষ্ঠানটোৰ উদ্বোধনী অনুষ্ঠানত সংবাদ মাধ্যমক সম্বোধন কৰি "ৰিচুৱেল ৰ প্ৰতিষ্ঠাপক পৰিচালক ড'ৰথীয়ে কয় যে ৰিচুৱেল রেলনেছ চেণ্টাৰৰ আঁৰৰ প্ৰেৰণা গভীৰভাৱে ব্যক্তিগত। গৰ্ভাৱস্থাৰ অষ্টম মাহত তেওঁ এনে এক ভয়ংকৰ অভিজ্ঞতাৰ সন্মুখীন হৈছিল যি কেৱল মাতৃ হ'বলৈ আগবঢ়া মহিলাসকলেহে অনুভৱ কৰিব পাৰিব। ফলত তেওঁৰ শৰীৰত বাহ লৈছিল দীর্ঘদিনীয়া বিষ, শাৰীৰিক ভংগীমাৰ ভাৰসাম্যহীনতা আৰু অসুস্থতা। আৰম্ভ হৈছিল হতাশাৰ সৈতে এখন দীর্ঘদিনীয়া খুঁজ। যেতিয়া গতানুগতিক চিকিৎসাই তেওঁক স্থায়ী সকাহ দিব নোৱাৰিলে, তেতিয়াই ড'ৰথীয়ে সন্ধান পালে পিলাটেছৰ। যিটো পদ্ধতি সম্পূর্ণ বিজ্ঞানসন্মত আৰু যিয়ে স্নায়ু-পেশী সকলোৰে স্বাভাৱিক সঞ্চালনৰ পথ তেওঁক দেখুৱালে। সময়ৰ লগে লগে শৰীৰ আৰু মনৰ নিয়ন্ত্ৰিত গতিবিধি আৰু দেহগত চিকিৎসাৰ জৰিয়তে তেওঁ কেৱল সুস্থ হোৱাই নহয়, এনে এক শক্তিশালী ব্যৱস্থাও আৱিষ্কাৰ কৰিলে যিয়ে আনকো একেধৰণৰ সংগ্ৰামৰ সন্মুখীন হোৱাত সহায় কৰিব পাৰে বুলি অনুভৱ কৰিলে। তেওঁ আৰু কয় যে পিলাটেছ কেৱল এক ফিটনেছ ট্রেন্ড নহয়-এয়া পুনর্বাসন আৰু শক্তি প্ৰশিক্ষণৰ এক বিশ্বব্যাপী স্বীকৃতিপ্রাপ্ত পদ্ধতি। ই হৈছে দ্রুতগতিত আৰোগ্যৰ এটা প্ৰক্ৰিয়া। পিলাটেছে মূল পেশীসমূহ শক্তিশালী কৰে, মেৰুদণ্ডৰ প্ৰান্তিকৰণ উন্নত কৰে আৰু গতিশীলতা বৃদ্ধি কৰে। যাৰ বাবে ই বিশ্বৰ অন্যতম ফলপ্ৰসূ পুনর্বাসনমূলক ব্যায়ামৰূপে স্বীকৃত হৈছে। আজিৰ উদ্বোধনী অনুষ্ঠানত সংবাদ মাধ্যমৰ বাবে পিলাটেছ বিশেষজ্ঞ আৰু বিষ নিৰাময় বিশেষজ্ঞসকলে এক প্রদর্শনীও অনুষ্ঠিত কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here