ওড়িছাৰ বিৰুদ্ধে ড্ৰ খেলি অপৰাজেয় যাত্ৰা অব্যাহত নৰ্থ ইষ্ট ইউনাইটেডৰ
ওড়িছা এফ চি ঃ ২ [থৈবা সিং ৭৮ মিনিট, ভানলালৰুৱাটফেলা ৯০ মিনিট ]
নৰ্থ ইষ্ট ইউনাইটেড ঃ ২ [আজাৰাই ৬৭, ৮৩ মিনিট]
ভূৱনেশ্বৰ, ৩ ফেব্ৰুৱাৰী ঃ নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে চলিত একাদশ ইণ্ডিয়ান ছুপাৰ লীগ [আই এছ এল] ত নিজৰ অপৰাজেয় যাত্ৰা আঠখন মেচলৈ নিবলৈ সক্ষম হৈছে৷ আজি ভূৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামতহোৱা খেলত দলে ওড়িছা এফ চিৰ বিৰুদ্ধে ২-২ গলত ড্ৰ খেলে৷ অৱশ্যে নৰ্থ ইষ্ট ইউনাইটেডে মেচত দুবাৰকৈ অগ্ৰগতি লৈছিল৷ ইঞ্জুৰী টাইমত গল কৰি ঘৰত পৰাজয় ৰক্ষা কৰে ওড়িছাই৷
গুৱাহাটীত খেলা অন্তিম মেচত জয়লাভ কৰি তথা সাতখন খেলত অপৰাজেয় হৈ থকা নৰ্থ ইষ্ট ইউনাইটেডে আজিও আত্মবিশ্বাসৰে খেলি প্ৰথমে গল কৰিবলৈ সক্ষম হয়৷ অৱশ্যে খেলৰ প্ৰথমাৰ্ধত উভয় দলে আক্ৰমন কৰাৰ পৰিবৰ্তে অধিক সময় বল নিজৰ নিয়ন্ত্ৰত ৰখাৰ চেষ্টা কৰাত গল হোৱা নাছিল৷
দ্বিতীয়াৰ্ধত নৰ্থ ইষ্ট ইউনাইটেডে ৰণনীতি সলনি কৰি আক্ৰমণ কৰে৷ ৬৭ মিনিটত আলাউদ্দিন আজাৰায়ে গুৱাহাটীৰ দলটোক প্ৰথমে অগ্ৰগতি দিয়ে৷ ছামটেৰ সহযোগত গল কৰে মৰক্কোৰ ষ্টাইকাৰজনে৷ কিন্তু থৈবা সিঙে ৭৮ মিনিটত ওড়িছা দলৰ হৈ গল কৰি মেচত সমতা স্থাপন কৰে৷
খেলৰ ৮৩ মিনিটত আজাৰায়ে পুনৰ গল কৰি নৰ্থ ইষ্ট ইউনাইটেডক ২-১ অগ্ৰগতি দিয়ে৷ এয়া আজাৰাইৰ লীগত ১৮ সংখ্যক গল৷ কিন্তু অগ্ৰগতিৰ পাছতো তিনি পইণ্ট নাপালে নৰ্থ ইষ্ট ইউনাইটেডে৷ ইঞ্জৰী টাইমত ভানলালৰুৱাটফেলাই গল কৰি মেচ ড্ৰ কৰে৷
উল্লেখ্য যে ইয়াৰপূৰ্বে গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডে ৩-২ গলত ওড়িছা দলক পৰাস্ত কৰিছিল৷ নৰ্থ ইষ্ট ইউনাইটেডে ১৯ খন মেচত ২৯ পইণ্টৰে তালিকাৰ চতুৰ্থ স্থানত থাকিল৷ ইফালে, ওড়িছা দলে ১৮ মেচত ২৫ পইণ্টৰে তালিকাৰ সপ্তম স্থানত থাকিল৷
উল্লেখ্য যে অগ্ৰগতি লৈ মেচ জয় কৰিব নোৱাৰাটো নৰ্থ ইষ্ট ইউনাইটেডৰ এইবাৰ সমাধান নহোৱা সমস্যা হৈ পৰিছে৷ দলৰ বাকী থকা লীগ মেচত প্ৰতিটো পইণ্ট গুৰুত্বপূৰ্ণ হ’ব৷
নৰ্থ ইষ্ট ইউনাইটেডে পৰবৰ্তী মেচখন মুম্বাই চিটী এফ চিৰ বিৰুদ্ধে খেলিব৷ এয়া নৰ্থ ইষ্ট ইউনাইটেডৰ ঘৰুৱা খেল যদিও দলে গুৱাহাটীৰ পৰিবৰ্তে খেলখন শ্বিলঙত খেলিব৷ অহা সাত ফেব্ৰুৱাৰীত উত্তৰ-পূৱৰ দ্বিতীয় ৰাজ্য হিচাপে মেঘালয়ত অনুষ্ঠিত হ’ব আই এছ এলৰ খেল৷
ইফালে, ওড়িছা এফ চিয়ে পৰবৰ্তী খেলখন অহা ছয় ফেব্ৰুৱাৰীত খেলিব এফ চি গোৱাৰ বিৰুদ্ধে৷ গোৱাৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত এই মেচখন অনুষ্ঠিত হ’ব৷
No comments:
Post a Comment