বজাৰত নতুন ছানকিছাৰঃ মেবেলাইন নিউ ইয়র্কৰ গেম-চেঞ্জিং ২-ইন-১ হাইলাইটাৰ আৰু ব্লাছ ডুঅ’ মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday, 10 February 2025

বজাৰত নতুন ছানকিছাৰঃ মেবেলাইন নিউ ইয়র্কৰ গেম-চেঞ্জিং ২-ইন-১ হাইলাইটাৰ আৰু ব্লাছ ডুঅ’ মুকলি


 

পলকতে সোণালী সৌন্দৰ্য্য: মেবেলাইনৰ ছানকিছাৰ হাইলাইটাৰ আৰু ব্লাছে ক্ষণিকতে দিব সোণালী মুহূৰ্তৰ আভা

W7s news,,মুম্বাই, ৯ ফেব্ৰুৱাৰী, ২০২৫: মেবেলাইন নিউয়ৰ্কে ঘোষণা কৰিছে তেওঁলোকৰ নতুন গ্ল’-টু এচেন্সিয়েল ছানকিছাৰ হাইলাইটাৰ আৰু ব্লাছ। এই উদ্ভাৱনীমূলক  ২-ইন-১ প্ৰডাক্টটোৱে কম সময়তে হাইলাইটাৰৰ উজ্জ্বলতাৰ সৈতে ব্লাছৰ উষ্মতাৰ সংমিশ্ৰণ ঘটায়। উল্লেখ্য যে, এই ছানকিছাৰ হাইলাইটাৰ আৰু ব্লাছ মাত্ৰ এবাৰ ব্যৱহাৰৰ দ্বাৰাই সোণালী আভা পাব পৰাকৈ প্ৰস্তুত কৰা হৈছে, যিটো ১২ ঘণ্টালৈকে থাকে। দিন হওক বা ৰাতি, সৌন্দৰ্য বিলাসীসকলৰ বাবে এক অনন্য লুকৰ সংগী হ’ব এই ছানকিছাৰ। মাত্ৰ এবাৰ ব্যৱহাৰে গ্ৰাহকক প্ৰদান কৰিব গোটেই দিনটোৰ বাবে উজ্বলতা।

উল্লেখ্য যে, গ্ল’-অন-দ্য-গ’ৰ বাবে প্ৰস্তুত কৰা ছানকিছাৰে ন্যূনতম প্রচেষ্টাত দীপ্তিময় সৌন্দৰ্য প্ৰদান কৰে। ইয়াৰ প্লাছ ডট এপ্লিকেটৰে সঠিক প্রয়োগ নিশ্চিত কৰাৰ লগতে দিয়ে নিখুঁত ফিনিছিং। আনহাতে মেল্ট-টু-স্কিন পিগমেণ্টছ লাইট-ৰিফ্লেক্টিং পাৰ্লছৰ সৈতে মিলি গোটেই দিনটোৰ বাবে প্ৰদান কৰে উজ্বলতা। তদুপৰি ভিটামিন ই ৰে সমৃদ্ধ ছানকিছাৰে এটা পাতল, আৰ্দ্ৰ অনুভূতি প্ৰদান কৰাৰ লগতে দীঘলীয়া সময়ৰ বাবে সতেজ আৰাম প্ৰদান কৰে। বিলাসী পেকেজিঙৰ সৈতে এই প্ৰসাধন যিমানেই মাৰ্জিত আৰু ব্যৱহাৰিক, সিমানেই ফলপ্ৰসূও। এই প্ৰসাধন আপোনাৰ ভ্যানিটি বা বেগ একে সময়তে দুয়োটাৰ বাবেই উপযোগী।

সৌন্দৰ্য্য বিলাসীসকলে আৰু এতিয়া সোণালী মুহূৰ্তৰ বাবে অপেক্ষা কৰাৰ প্ৰয়োজন নাই। ছানকিছাৰৰ মেল্ট-টু-স্কিনৰ বিশেষ ফৰ্মুলাই ছালৰ সৈতে মিহলি হৈ গোটেই বছৰজুৰি প্ৰদান কৰিব এক প্ৰাকৃতিক আৰু উজ্জ্বল দীপ্তি।

মন কৰিবলগীয়া যে, সাধাৰণ ব্ৰাঞ্চ হওক বা নিশাৰ তৰালী আকাশৰ তলত পাৰ কৰা সময়ৰ বাবে হওক, পাঁচটা অনন্য শ্বেডৰ সৈতে ছানকিছাৰ, প্ৰতিটো মুহূৰ্তত প্ৰতিখন ছালৰ বাবে উপযোগী। এই বহুমুখী শ্বেডবোৰ ব্লাছ, ব্রঞ্জাৰ আৰু হাইলাইটাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি। কেৱল এটা ডট, ব্লেণ্ড, আৰু তাৰ পিছতে লাভ কৰিব পাৰিব ছানকিছড সৌন্দৰ্য্যৰ অনুভূতি। পাঁচটা শ্বেডৰ প্রত্যেকটিয়ে ছালত যোগ কৰিব উষ্ণতা আৰু দীপ্তিময়তা। 

- ডাউনটাউন ৰাছ - পিচ

- আপটাউন গ্লো - কোৰাল

- শ্বেডছ অন – ৰোজ গোল্ড

- মিডনাইট শ্বিমাৰ – গোল্ড

- ইলেক্ট্ৰিক ব্ৰঞ্জ – ব্ৰাউন

এতিয়া কেৱল মাত্ৰ ৬৯৯ টকা মূল্যতে এই ছানকিছাৰ উপলব্ধ হ’ব সকলো ই-কমাৰ্চ প্লেটফৰ্ম লগতে শ্বপাৰ্ছ ষ্টপ, লাইফষ্টাইলৰ দৰে খুচুৰা বিপণীত।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here