জামছেদপুৰ, ১২ ফেব্ৰুৱাৰী ঃ ক্ৰমাগত আঠখন মেচত অপৰাজেয় হৈ থকা নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ এই সাফল্যৰ যাত্ৰা ছিলঙত খেলা অন্তিম মেচত মুম্বাই চিটীৰ বিৰুদ্ধে পৰাজয়ৰ লগে লগে সমাপ্ত হয়৷ নতুন আশাৰে দলে কাইলৈ চলিত একাদশ ইণ্ডিয়ান ছুপাৰ লীগৰ জামছেদপুৰত হ’বলগা এখন গুৰুত্বপূৰ্ণ মেচত জামছেদপুৰ এফ চিৰ মুখামুখি হ’ব৷ অৱশ্যে বাহিৰত খেলা মেচত এতিয়াও নৰ্থ ইষ্ট ইউনাইটেড পাঁচখনত অপৰাজেয় হৈ আছে৷
নৰ্থ ইষ্ট ইউনাইটেডে ২০ খন মেচত ২৯ পইণ্টৰে তালিকাৰ ষষ্ঠ স্থানত আছে৷ কাইলৈৰ মেচত জয়লাভ কৰিলে দলে চতুৰ্থ স্থানলৈ উত্তৰণ কৰিব পাৰিব৷ ইয়াৰপূৰ্বে গুৱাহাটীত দলে ৫- ০ গ’লত জামছেদপুৰৰ বিৰুদ্ধে জয়লাভ কৰিছিল৷ কাইলৈ আলহী দলটোৱে প্ৰতিযোগিতাখনত লীগ ডাবল সম্পূৰ্ণ কৰাৰ আন এক সুযোগ পাব৷
কিন্তু নৰ্থ ইষ্ট ইউনাইটেডৰ বিৰুদ্ধে ঘৰত খেলা পাঁচখন খেলৰ কোনো এখনতে পৰাজয়ৰ সন্মুখীন হোৱা নাই জামছেদপুৰ৷ দুখনত জয় তথা তিনিবাৰ ড্ৰ’ কৰিছে৷ চলিত ছিজনত গৃহ ষ্টেডিয়ামত উৎসাহজনক দৌৰত আগবাঢ়িছে জামছেদপুৰ৷ ১০ খন খেলৰ ভিতৰত আঠখন খেলতে জয়লাভ কৰিছে দলে৷
জামছেদপুৰ দলে লীগত ১৯ খন খেলৰ পৰা ৩৪ পইণ্ট লাভ কৰি বৰ্তমান তৃতীয় স্থানত আছে৷ দলে এঘাৰখনত জয় আৰু এখন ড্ৰ’ খেলিছে৷ কাইলৈৰ মেচত দলৰ লক্ষ্য হ’ব জয়ৰে দ্বিতীয় স্থানত উপনিত হোৱা৷ উল্লেখ্য যে দ্বিতীয় স্থান লাভ কৰিলে দলে এলিমিনেটৰত অংশগ্ৰহণ কৰিব নালাগে আৰু পোনপটীয়াকৈ ছেমিফাইনেললৈ যোগ্যতা অৰ্জন কৰিব পাৰিব৷
ইফালে, চলিত লীগত ওড়িছা এফ চিৰ লগতে সমানে আঠখন মেচ ড্ৰ খেলিছে নৰ্থ ইষ্ট ইউনাইটেডে৷ দলে পূৰ্বৰ পাঁচখন খেলত এবাৰ জয়লাভ কৰাৰ বিপৰীতে তিনিখন ড্ৰ খেলিছে৷ লীগৰ শীৰ্ষ ছটা স্থানত থকাৰ বাবে বাকী থকা প্ৰতিখন মেচ সমীকৰণৰত নৰ্থ ইষ্ট ইউনাইটেডে দৃষ্টি ৰাখিছে৷
‘নৰ্থ ইষ্ট ইউনাইটেডৰ বিৰুদ্ধে আমাৰ শেষৰখন মেচৰ ফলাফল নিৰাশজনক আছিল৷ সেয়ে আমি কাইলৈৰ মেচখন ইতিবাচকভাৱে আগবঢ়াই নিব লাগিব আৰু কঠোৰ পৰিশ্ৰম কৰিব লাগিব৷ এই মেচখনৰ ইতিবাচক ফলাফলে আমাক সুে.যাগ দিব৷’ জামছেদপুৰ এফ চিৰ মুখ্য প্ৰশিক্ষক খালিদ জামিলে আজি কয়৷
ইফালে, নৰ্থ ইষ্ট ইউনাইটেডৰ মুখ্য প্ৰশিক্ষক জুয়ান পেড্ৰ’ বেনালিয়ে কয় ‘জমছেদপুৰ এফ চি অতি বিপজ্জনক দল৷ তেওঁলোকৰ বিৰুদ্ধে যিকোনো ভুলৰ ফলত এটা গ’ল হ’ব পাৰে৷ আমি যিমান পাৰি সিমান পইণ্ট লাভ কৰি প্লে অফৰ বাবে যোগ্যতা অৰ্জন কৰিব লাগিব৷ কাইলৈৰ মেচৰ লক্ষ্য হ’ল তিনি পইণ্ট লাভ কৰা৷
আই এছ এলত দুয়ো দলে এতিয়ালৈকে ১৫ বাৰ মুখামুখি হৈছে৷ জামছেদপুৰে ইয়াৰে ছয়খন খেলত জয়লাভ কৰিছে৷ আনহাতে, নৰ্থ ইষ্ট ইউনাইটেডে তিনিবাৰকৈ বিজয়ী হৈ ওলাই আহিছে৷ ছখন মেচ ড্ৰ’ৰ সৃষ্টি হৈছে৷
No comments:
Post a Comment