২১ সংখ্যক লিভন মেগা মিছ নৰ্থ ইষ্ট খিতাপ দখল কৰে ফেইৰ’ইজাম ক্রিষ্টিনা দেৱী, গ্ৰেচি নন্দি আৰু চয়নিকা সন্দিকৈয়ে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday, 1 February 2025

২১ সংখ্যক লিভন মেগা মিছ নৰ্থ ইষ্ট খিতাপ দখল কৰে ফেইৰ’ইজাম ক্রিষ্টিনা দেৱী, গ্ৰেচি নন্দি আৰু চয়নিকা সন্দিকৈয়ে


 

W7s news,,গুৱাহাটী; ১ ফেব্ৰুৱাৰী, ২০২৫: গুৱাহাটীৰ আই টি এ সাংস্কৃতিক কমপ্লেক্সত আড়ম্বৰপূৰ্ণ এক দৰ্শনীয় সন্ধিয়াৰ মাজতে মণিপুৰৰ পৰা ফেইৰ’ইজাম ক্ৰীষ্টিনা দেৱী, মেঘালয়ৰ গ্ৰেচি নন্দী আৰু অসমৰ চয়নিকা সন্দিকৈক ২১ সংখ্যক লিভন মেগা মিছ নৰ্থ ইষ্ট ২০২৫ হিচাপে বিজয়ী মুকুট পিন্ধোৱা হয়। কোনো ৰানাৰ্ছ আপ নথকাৰ বাবে তিনিওজনে সমান বিশেষাধিকাৰ আৰু দায়িত্ব ভাগ কৰিব, আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অসাধাৰণ প্ৰতিভা আৰু সৌন্দৰ্য্যক প্ৰতিনিধিত্ব কৰিব। ফেশ্বন উদ্যোগী অভিজীত সিংহৰ ধাৰণা, মেগা এণ্টাৰটেইনমেণ্টৰ প্ৰযোজনা আৰু মেগা এক্টিভেচনৰ বিপননত প্ৰস্তুত এই অনুষ্ঠানটো দীৰ্ঘদিন ধৰি উত্তৰ-পূব ভাৰতৰ যুৱতীসকলক সবলীকৰণৰ প্ৰধান মঞ্চ হৈ আহিছে। এই সংস্কৰণে আঠ চহৰৰ অডিচন ভ্ৰমণৰ সময়ত অপৰিসীম উত্তেজনা আকৰ্ষণ কৰিছিল আৰু ৫৭ গৰাকী চূড়ান্ত প্ৰতিযোগীৰ বাবে গুৱাহাটীত এক সপ্তাহজোৰাগ্ৰুমিং আৰু প্ৰশিক্ষণ শিবিৰত শিখৰত উপনীত হৈছিল।


বিজয়ীসকলৰ যাত্ৰাৰ বিষয়ে মেগা এণ্টাৰটেইনমেণ্টৰ প্ৰতিষ্ঠাপক অভিজীত সিংহই কয়, “ক্ৰিষ্টিনা, গ্ৰেচি আৰু চয়নিকাক তেওঁলোকৰ সুপ্ৰাপ্য জয়ৰ বাবে মোৰ আন্তৰিক অভিনন্দন। বিগত দুটা দশক ধৰি মেগা মিছ নৰ্থ ইষ্টে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিভাৱান যুৱতীসকলৰ বাবে বিশ্বব্যাপী সুযোগ আগবঢ়োৱা এক মঞ্চলৈ বিকশিত হৈছে। এই বছৰৰ বিজয়ীসকলে সবলীকৰণ, শক্তি আৰু সাংস্কৃতিক গৌৰৱৰ মনোভাৱক মূৰ্ত কৰি তুলিছে আৰু মই আন্তঃৰাষ্ট্ৰীয় মঞ্চত তেওঁলোকক জিলিকি থকা দেখিবলৈ আগ্ৰহী।”


গুৱাহাটীৰ ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিৰ বিএ ইংৰাজী পাঠ্যক্ৰমৰ ছাত্ৰী ফেইৰ’ইজাম ক্ৰীষ্টিনা দেৱীৰ ঘৰ মণিপুৰৰ ইম্ফলত। তেওঁৰ পিতৃ ব্যৱসায়ী আৰু মাতৃ গৃহিণী। মেঘালয়ৰ শ্বিলংৰ গ্ৰেচি নণ্ডী ছেইণ্ট এডমাণ্ড কলেজৰ বিএ ২য় বৰ্ষৰ ছাত্ৰী। তেওঁৰ পিতৃ চৰকাৰী কৰ্মচাৰী, আৰু মাতৃয়ে পাৰ্লাৰৰ ব্যৱসায় চলায়। অসমৰ কাৰ্বি আংলঙৰ ডিফু চৰকাৰী মহাবিদ্যালয়ত বিএছচি অধ্যয়ন কৰি থকা চয়নিকা সন্দিকৈয়ে তেওঁৰ গৃহিণী মাতৃক তেওঁৰ যাত্ৰাৰ বাবে অনুপ্ৰেৰণা যোগোৱাৰ কৃতিত্ব দিয়ে।

টাইটেল স্পনছৰ হিচাপে লিভনে বিজয়ীসকলক তেওঁলোকৰ কৃতিত্বৰ বাবে অভিনন্দন জনায়। মেৰিকো লিমিটেডৰ মুখ্য বিপণন বিষয়া সোমাশ্ৰী বসু আৱস্থীয়ে কয়, “২১ সংখ্যক মেগা মিছ নৰ্থ ইষ্টৰ বিজয়ীসকলক অভিনন্দন! লিভন সদায় GenZ আৰু যুৱতীসকলৰ বাবে এক বিশ্বাসযোগ্য হেয়াৰ ষ্টাইলিং সংগী হৈ আহিছে, যিয়ে তেওঁলোকক নিজৰ অনন্য ষ্টাইল আত্মবিশ্বাসেৰে প্ৰকাশ কৰিবলৈ অনুপ্ৰাণিত কৰিছে। মেগা মিছ নৰ্থ ইষ্টৰ সৈতে আমাৰ অংশীদাৰিত্বই আমাৰ ব্ৰেণ্ড দৰ্শন #SalonHairOnTheGo নিখুঁতভাৱে মূৰ্ত কৰি তুলিছে। লিভনত আমি পৰিৱৰ্তনশীল যাত্ৰাক সমৰ্থন কৰাত অপৰিসীম গৌৰৱ অনুভৱ কৰোঁ, আৰু এইবাৰৰ বিজয়ীসকলে সঁচাকৈয়ে বাধাসমূহ অতিক্ৰম কৰি উত্তৰ-পূবৰ সজীৱ সংস্কৃতি আৰু সৌন্দৰ্য্যক প্ৰতিফলিত কৰি বিশ্বব্যাপী সুযোগসমূহ সংগ্ৰহ কৰিছে। এই বিশিষ্ট অনুষ্ঠানৰ অংশ হ’বলৈ পাই আমি ৰোমাঞ্চিত হৈছো।” 

এই প্ৰতিযোগিতাৰ বিজয়ীসকলে ভাৰতক আন্তঃৰাষ্ট্ৰীয় মঞ্চত প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভৰ সমান্তৰালভাৱে ৫০ হাজাৰ টকাৰো অধিক মূল্যৰ পুৰস্কাৰো লাভ কৰিব। তদুপৰি, ভ্ৰমণৰ সুযোগ, মেগা এণ্টাৰটেইনমেণ্টৰ পেছাদাৰী প্ৰতিনিধিত্ব, ব্ৰেণ্ড এংগেজমেণ্ট, শ্বুট, যুৱ আৰু ফেশ্বন ইভেণ্টত উপস্থিতি আদি বহুতো বিশেষ সুযোগো তেওঁলোকে লাভ কৰিবলৈ সক্ষম হ’ব। গুৱাহাটীস্থিত জনসংযোগ প্ৰতিষ্ঠান লাইফছ পাৰ্পলে বিজয়ীসকলক তেওঁলোকৰ কাৰ্যকালত সুনাম ব্যৱস্থাপনাৰ পৰামৰ্শও প্ৰদান কৰিব।এই বিশেষ অনুষ্ঠানটোৰ আন্তৰ্জাতিক গুৰুত্ব অধিক বৃদ্ধি কৰি গ্ৰেণ্ড ফিনালেত বিশেষ অতিথি হিচাপে উপস্থিত থাকে মিষ্টাৰ ইণ্টাৰনেশ্যনেল ২০২৪ৰ বিজয়ী স্পেইনৰ ফ্ৰান জাফ্ৰা।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here