W7s news,,গুৱাহাটী, ২২ জানুৱাৰী, ২০২৫: কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ প্ৰধান বাণিজ্য প্ৰসাৰ সংস্থা ইণ্ডিয়া ট্ৰেড প্ৰমোচন অৰ্গেনাইজেশ্যন (আইটিপিঅ’)ৰ উদ্যোগত আয়োজন কৰা হৈছে ১৪ সংখ্যক ইষ্ট হিমালয়ান ট্ৰেড ফেয়াৰ (ইএইচটিএফ) আৰু প্ৰথম ইষ্ট হিমালয়ান এগ্ৰি এক্সপ’ ২০২৫ৰ। এই বিশেষ অনুষ্ঠানটো অহা ২৩-২৯ জানুৱাৰীলৈ গুৱাহাটীৰ চান্দমাৰীস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হ'ব।
বুধবাৰে এক সংবাদমেল সম্বোধন কৰি আইটিপিঅ'ৰ অফিচাৰ অন স্পেচিয়েল ডিউটি (অ'এছডি-এডমিন) লেফটেনেণ্ট কৰ্ণেল হৰ্ষ কণ্ডিল্যই কয় যে এই সাত দিনীয়া অনুষ্ঠানটোৱে স্থানীয় নাগৰিকসকলৰ বাবে প্ৰত্যক্ষ ক্ৰয়ৰ সুযোগ প্ৰদান কৰিব আৰু বিক্ৰেতাসকলৰ বাবে তেওঁলোকৰ সামগ্ৰী প্ৰদৰ্শন কৰাৰ এক আদৰ্শ মঞ্চ সৃষ্টি কৰিব। তেওঁ কয়, "এই মেলাখন অংশগ্ৰহণকাৰীসকলৰ বাবে এক সোণালী সুযোগ হিচাপে পৰিগণিত হ’ব, য'ত তেওঁলোকে তেওঁলোকৰ সামগ্ৰী প্ৰদৰ্শন আৰু বিক্ৰী কৰিব পাৰিব। ইয়াৰ উপৰিও স্থানীয় ক্ৰেতাৰ সৈতে সম্পৰ্ক গঢ়ি তোলাৰ লগতে চুবুৰীয়া দেশৰ সৈতে ব্যৱসায়িক নেটৱৰ্ক গঢ়ি তোলা সম্ভৱ হ’ব। এই মেলাৰ বিশেষত্ব হৈছে যে এমএছএমই গোট, আত্মসহায়ক গোট, মহিলা উদ্যোগী আৰু ষ্টাৰ্টআপসমূহে তেওঁলোকৰ সামগ্ৰীৰ আঁৰৰ কাহিনীবোৰ প্ৰকাশ কৰিব, তেওঁলোকৰ প্ৰদেশৰ ঐতিহ্য উপস্থাপন কৰিব আৰু নতুন প্ৰযুক্তি গ্ৰহণ কৰিব। এই মেলাখনৰ বিষয়বস্তু হৈছে 'আত্মনিৰ্ভৰ ভাৰত'।”
অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ সহযোগত আয়োজিত এই মেলাত বিভিন্ন ধৰণৰ উপভোক্তা সামগ্ৰী প্ৰদৰ্শন কৰা হ’ব। ইয়াত বৈদ্যুতিক সঁজুলি, ইলেক্ট্ৰনিক সামগ্ৰী, পাকঘৰৰ সামগ্ৰী, খাদ্য সামগ্ৰী, প্ৰসাধন সামগ্ৰী আৰু সৌন্দৰ্য্য সামগ্ৰী, টেক্সটাইল আৰু কাপোৰ, চামৰাৰ সামগ্ৰী, হস্তশিল্প, আচবাব, কাৰ্পেট, পাটৰ সামগ্ৰী, কিতাপ, ষ্টেচনাৰী, আৰু কৰ্পৰেট উপহাৰ আদি অন্তৰ্ভুক্ত হৈ আছে। এই প্ৰদৰ্শনীত আত্মসহায়ক গোটৰ সামগ্ৰীও প্ৰদৰ্শিত হ’ব।
মেলাত কৃষি আৰু উদ্যান শস্য খণ্ডৰ বাবে এটা সুকীয়া শিতান থাকিব, য’ত প্ৰক্ৰিয়াকৃত আৰু হিমায়িত খাদ্য, জৈৱিক সামগ্ৰী, মছলা, দুগ্ধজাত সামগ্ৰী, চাহ, কফি, জলজ আৰু সামুদ্ৰিক সামগ্ৰী, কৃষি সঁজুলি, আৰু অন্যান্য কৃষি সম্পৰ্কীয় সামগ্ৰীসমূহ উপস্থাপন কৰা হ’ব।
ইয়াৰ উপৰিও মূলধনী আৰু সেৱা খণ্ডৰ সামগ্ৰী যেনে অভিযান্ত্ৰিক সঁজুলি, চিকিৎসালয় আৰু নাৰ্চিং হোমৰ সঁজুলি, পৰীক্ষাগাৰ আৰু নিদান কেন্দ্ৰৰ সঁজুলি, বীমা আৰু বেংকিং সেৱা, পৰ্যটন খণ্ডৰ প্ৰদৰ্শনী, এন জি অ’, আই টি আৰু কম্পিউটাৰ খণ্ডৰ সামগ্ৰীও এই বৃহৎ মেলাত উপস্থাপন কৰা হ’ব।
ইণ্ডিয়া ট্ৰেড প্ৰমোচন অৰ্গেনাইজেশ্যন (আইটিপিঅ’) হৈছে বাণিজ্য মেলা আয়োজনত অগ্ৰণী ভূমিকা পালন কৰা ভাৰতৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনস্থ প্ৰধান বাণিজ্য প্ৰচাৰ সংস্থা। বাণিজ্য আৰু উদ্যোগৰ ক্ষেত্ৰত দেশৰ সাফল্যসমূহ বিশ্ববাসীৰ আগত প্ৰদৰ্শনৰ বাবে আই টি পি অ’ প্ৰতিশ্ৰুতিবদ্ধ। দেশৰ কেন্দ্ৰীয় বাণিজ্য প্ৰসাৰ সংস্থা হিচাপে আই টি পি অ’ই প্ৰতিষ্ঠাৰ পৰাই ৰাষ্ট্ৰীয় বাণিজ্যৰ বিকাশ আৰু সম্প্ৰসাৰণত পথ প্ৰদৰ্শকৰ ভূমিকা পালন কৰি আহিছে।
No comments:
Post a Comment