অসমীয়া চলচ্চিত্ৰ "শীতৰে সেমেকা ৰাতি"ৰ গীত মুকলি - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Saturday, 18 January 2025

demo-image

অসমীয়া চলচ্চিত্ৰ "শীতৰে সেমেকা ৰাতি"ৰ গীত মুকলি

Responsive Ads Here

IMG-20250118-WA0052

 

W7s news,,গুৱাহাটী, ১৮ জানুৱাৰী: অহা ৩১ জানুৱাৰীত মুক্তি পাবলগীয়া অসমীয়া ছবি "শীতৰে সেমেকা ৰাতি" ৰ কেইটিমান গীত আজি সন্ধিয়া পাণবজাৰৰ হেৰিটেজ ব্ৰহ্মপুত্ৰত আয়োজিত এক অনুষ্ঠানত মুকলি কৰা হয়। ডিজাইনাৰ, অভিনেতা আৰু এগৰাকী পৰিচালক হিচাপে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো সমাদৃত দীপাংকৰ কাশ্যপৰ দ্বাৰা পৰিচালিত এই নতুন ছবিখনে "প্ৰেম" ক নতুন দৃষ্টিকোেণেৰে দৰ্শকৰ সন্মুখত উপস্থাপন কৰিব।

ড° সঞ্জীৱ নাৰায়ণৰ তত্ত্বাৱধানত নিৰ্মিত এই ছবিখনৰ প্ৰযোজনা দীপাংকৰ কাশ্যপ আৰু ড° অক্ষতা নাৰায়ণৰ। তৃষা শইকীয়া, জিত চলিহা, দীপাংকৰ ৰয়, চিমি ৰায়ন আৰু অঞ্চিত, পলাশ্ৰী দাস, হৃষিকেশ দত্ত, অতিথি শিল্পী সিদ্ধাৰ্থ নিপন গোস্বামীৰ লগতে আন কেইবাগৰাকীও ন-পুৰণি অভিনেতা-অভিনেত্ৰী অভিনীত এই ছবিখনৰ কাহিনীভাগ লিখিছে এনড্ৰিউ ধনৰাজ গিৰিয়ে আৰু চিত্ৰনাট্য অভিজিৎ নায়কৰ। কাষ্টিং ডাইৰেক্টৰ কপিল বৰা, চিত্ৰগ্ৰহণ ৰামজ্যোতি কৃষ্ণচৰণৰ আৰু সহকাৰী পৰিচালক বিজিত বৰগোঁহাই। ৰূপসজ্জা পূজা দত্তৰ, সম্পাদনা ৰাতুল দত্তৰ আৰু ছাউণ্ড ডিজাইনিঙত আছে স্বপনীল গগৈ।  



ছবিখনৰ গীতৰ কথা অনুপম নাথৰ। সংগীত পৰিচালনা কৰিছে প্ৰিয়ংকু বৰদলৈয়ে। কণ্ঠদান কৰিছে পদ্মনাভ বৰদলৈ আৰু নীহাৰ কাশ্যপে। কৰিঅ'গ্ৰাফাৰ উদয় শংকৰৰ। এল জি বি টি কিউ আই কৰ্মী মিলিন দত্ত আৰু ছবিখনৰ কলা কুশলী সকলে অনুষ্ঠানত উপস্থিত থাকি চিনেমাখনৰ গীত মুকলি কৰে।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *