উৎকৃষ্ট সোৱাদ আৰু অসমৰ দুগ্ধ উদ্যোগৰ বিকাশৰ লক্ষ্যৰে মাঘ বিহু উদযাপন পূৰবী ডেইৰীৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday, 11 January 2025

উৎকৃষ্ট সোৱাদ আৰু অসমৰ দুগ্ধ উদ্যোগৰ বিকাশৰ লক্ষ্যৰে মাঘ বিহু উদযাপন পূৰবী ডেইৰীৰ


 


W7s news,,গুৱাহাটী, ১১ জানুৱাৰী, ২০২৫: উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ দুগ্ধ সমবায় পূৰবী ডেইৰীয়ে শনিবাৰে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত অত্যাধুনিক দুগ্ধ প্ৰক্ৰিয়াকৰণ প্ৰকল্পত উদযাপন কৰে প্ৰাক-মাঘ বিহু উৎসৱ।এই বিশেষ দিনটোত পূৰবী ডেইৰীয়ে ২০২৫ চনৰ ভিতৰত অসমৰ দুগ্ধ উদ্যোগৰ উন্নয়নৰ বাবে এক সুদূৰপ্ৰসাৰী পৰিকল্পনাৰ কথা ঘোষণা কৰে। অনুষ্ঠানত পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেড (ৱামুল)ৰ পৰিচালন সঞ্চালক সমীৰ কুমাৰ পাৰিদাই ৰাজ্যৰ দুগ্ধ ভিত্তিক অৰ্থনীতি শক্তিশালী কৰাত সহায়ক হোৱা দুগ্ধ সমবায়খনৰ বিভিন্ন পদক্ষেপৰ বিষয়ে সাংবাদিকক অৱগত কৰে।

ৱামুলৰ পৰিচালন সঞ্চালক সমীৰ কুমাৰ পাৰিদাই কয়, ''কৃষক সৱলীকৰণ আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত পূৰবী ডেইৰীয়ে অগ্ৰণী ভূমিকা পালন কৰি আছে। আমি গাখীৰৰ উৎপাদন বৃদ্ধি, কৃষকক উচিত মজুৰি প্ৰদান আৰু গ্ৰাহকক মানসম্পন্ন দুগ্ধজাত সামগ্ৰী যোগান ধৰাৰ বাবে অহৰহ কাম কৰি আছো। আমাৰ লক্ষ্য হৈছে অসমত স্বাৱলম্বী দুগ্ধ উদ্যোগ গঢ়ি তোলা।"দুগ্ধ খণ্ডৰ উত্থানৰ হকে ১০ জানুৱাৰীৰ কেবিনেটত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বাবে তেওঁ অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে।যোৱা ১০ জানুৱাৰী ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত অসম কেবিনেট বৈঠকত ৰাজ্যৰ দুগ্ধ খণ্ডৰ সৈতে জড়িত কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে যোৰহাট আৰু ডিব্ৰুগড়ত প্ৰতিদিনে এক লাখ লিটাৰ (টিএলপিডি) ক্ষমতাসম্পন্ন ১৫০ কোটি টকা মূল্যৰ দুটা নতুন গাখীৰ প্ৰক্ৰিয়াকৰণ প্লাণ্টৰ বাবে অনুমোদন দিয়া হৈছে। লগতে, আগন্তুক দিনত ধেমাজি আৰু কাছাৰতো অনুৰূপ দুটা উদ্যোগৰ পৰিকল্পনা কৰা হৈছে। ৰাজ্যৰ হাজাৰোধিক দুগ্ধ উৎপাদকৰ জীৱিকা বৃদ্ধিৰ উদ্দেশ্যে অসম কেবিনেটে সমবায় সমিতিৰ জৰিয়তে নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰা দুগ্ধ উৎপাদকসকলৰ বাবে ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ (ডিবিটি)ৰ জৰিয়তে প্ৰতি লিটাৰত ৫ টকাকৈ বৰঙণি প্ৰদানৰ বাবে অনুমোদন জনায়।এই পদক্ষেপে পূৰবী (ৱামুল আৰু য়ামুল)ৰ দৰে দুগ্ধ সমবায়ৰ সৈতে জড়িত কৃষকসকলক লাভান্বিত কৰিব বুলি মুখ্যমন্ত্ৰীয়ে কয়।ইয়াৰোপৰি, পূৰবী ডেইৰীৰ বিষয়াগৰাকীয়ে গাখীৰ সংগ্ৰহ নেটৱৰ্কৰ সম্প্ৰসাৰণ, আৰু নতুন সামগ্ৰীৰ প্ৰৱৰ্তনৰ দৰে ২০২৫ চনৰ বাবে কেইবাটাও নতুন পদক্ষেপৰ কথা উল্লেখ কৰে। পাৰিদাই ৱামুলৰ সৈতে জড়িত হৈ থকা হাজাৰ হাজাৰ দুগ্ধ উৎপাদকৰ জীৱিকা উন্নত কৰাৰ লগতে ক্ষমতা নিৰ্মাণ কাৰ্যসূচী তথা উন্নত বজাৰ সংযোগৰ জৰিয়তে তেওঁলোকৰ উপাৰ্জন বৃদ্ধি কৰাৰ বাবে সমবায়ৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।


মাঘ বিহুৰ এই আনন্দেৰে পৰিপূৰ্ণ শস্য চপোৱাৰ বতৰ উদযাপন কৰাৰ সময়ত সমবায়ৰ দুগ্ধ উৎপাদকসকলক বৰঙণি হিচাপে প্ৰতি কেজিত ৫/- টকাকৈ আগবঢ়োৱাৰ বাবে প্ৰদত্ত ৰাজ্যিক মন্ত্ৰীসভাৰ অনুমোদনে পূৰবীৰ সমূহ দুগ্ধ যোগানকাৰীৰ মাজত উল্লাসৰ সৃষ্টি কৰিছে। ৰাজ্য চৰকাৰ আৰু বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰীলৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই সিদ্ধান্তই অসমৰ সমবায় দুগ্ধ খণ্ডক শক্তিশালী কৰাৰ ক্ষেত্ৰত বহুখিনি সহায় কৰিব। অসম চৰকাৰ আৰু ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব’ৰ্ড (এনডিডিবি)ৰ নিৰন্তৰ সহযোগত পূৰবী এতিয়া এক বিশ্বাসযোগ্য আৰু জনপ্ৰিয় ব্ৰেণ্ডত পৰিণত হৈছে। "পূব অসম দুগ্ধ উৎপাদক সমবায় ইউনিয়ন লিমিটেড (য়ামুল)ও এতিয়া ৱামুলৰ দৰে অনুৰূপ পৰিৱৰ্তনৰ যাত্ৰাত নামিছে। অসম চৰকাৰে শিলচৰত নতুন দুগ্ধ শাখাৰ বাবে অনুমোদন জনোৱাৰ লগতে বৰাক উপত্যকাতো পূৰবীৰ ছত্ৰছায়াত উন্নয়নমূলক কাম-কাজ হাতত লোৱাৰ পৰিকল্পনা কৰিছে। অসম চৰকাৰ আৰু এন ডি ডি বিৰ যৌথ উদ্যোগ নৰ্থ ইষ্ট ডেইৰী এণ্ড ফুডছ লিমিটেড (এনইডিএফএল)য়ে পূৰবীৰ যাত্ৰাত এক নতুন দিগন্ত মুকলি কৰিবলৈ সাজু হৈছে।’’  এনইডিএফএলৰ পৰিচালন সঞ্চালক সত্যব্ৰত বসুৱে কয়। 



 ইফালে প্ৰাক-মাঘ বিহু উদযাপনৰ সময়ত পূৰবী ডেইৰীয়ে তেওঁলোকৰ বিভিন্ন দুগ্ধজাত সামগ্ৰী যেনে দৈ, ক্ৰীম, সোৱাদযুক্ত গাখীৰ, লাচি, আইচক্ৰীম আৰু অন্যান্য দুগ্ধজাত সামগ্ৰী প্ৰদৰ্শন কৰে। এই সামগ্ৰীসমূহে পৰম্পৰাগত অসমীয়া পিঠা আৰু জলপানত এক অনন্য সোৱাদ যোগ কৰিব। বিগত কেইবছৰমানৰ পৰা বিহু উদযাপনত পূৰবী সামগ্ৰী অপৰিহাৰ্য হৈ পৰিছে।পূৰবী ডেইৰীৰ উদ্যোগত উদযাপিত প্ৰাক-মাঘ বিহুৰ অনুষ্ঠানত আয়োজন কৰা হয় সাংস্কৃতিক অনুষ্ঠানৰো। এই অনুষ্ঠানত উপস্থিত থকা সকলোৱে গ্ৰাম্য জীৱিকা আৰু ৰাজ্যৰ অৰ্থনীতিৰ উন্নয়নত ইতিবাচক প্ৰভাৱ পেলোৱা পূৰবী ডেইৰীৰ প্ৰচেষ্টাৰ শলাগ লয়।আধুনিক পদ্ধতিৰ প্ৰৱৰ্তন, গাখীৰৰ গুণাগুণ উন্নীতকৰণ আৰু কৃষককেন্দ্ৰিক উন্নয়নৰ জৰিয়তে অসমৰ দুগ্ধ উদ্যোগত পূৰবী ডেইৰীয়ে উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। ২০২৫ চনৰ বাবে তেওঁলোকৰ লক্ষ্য হৈছে অসমক পূব ভাৰতৰ আগশাৰীৰ দুগ্ধ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰা আৰু দেশৰ দুগ্ধ উদ্যোগত উল্লেখযোগ্য অৱদান আগবঢ়োৱা।


অসমৰ দুগ্ধউৎপাদক সমাজৰ ঐক্য আৰু দৃঢ়তাৰ প্ৰতীক হিচাপে এক উৎসৱমুখৰ পৰিৱেশত সামৰণি পৰে এই প্ৰাক-মাঘ বিহু উদযাপনৰ। এই অনুষ্ঠানতে ভৱিষ্যতেও নতুনত্ব আৰু উন্নয়নৰ দিশত পদক্ষেপ গ্ৰহণ কৰি যাব বুলি পূৰবী ডেইৰীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here