সদৌ অসম কবি মঞ্চৰ উদ্যোগত সমাজৰত্ন দিনমণি ভাণ্ডাৰ কায়স্থ বটা প্ৰদান আৰু গ্ৰন্থ উন্মোচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday, 6 January 2025

সদৌ অসম কবি মঞ্চৰ উদ্যোগত সমাজৰত্ন দিনমণি ভাণ্ডাৰ কায়স্থ বটা প্ৰদান আৰু গ্ৰন্থ উন্মোচন

 




*জনপ্ৰিয় কবি লেখিকা তথা আবৃত্তিকাৰ ৰঞ্জনা পাঠকলৈ আগবঢ়োৱা হয় এই বটা 


W7S News- “কবিতা তেতিয়াহে থাকিব যেতিয়া অসমীয়া ভাষা জীয়াই থাকিব ৷আমি কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিব লাগিব ৷আমি ম’বাইল আৰু ইন্টাৰনেটত কিতাপ পঢ়িলেও ছপা কিতাপ পঢ়াৰ মাদকতা বেলেগ ” ---এই মন্তব্য জ্যেষ্ঠ সাংবাদিক ডঃ কুমুদ দাসৰ ৷গ্ৰন্থমেলাৰ বাকৰিত উপেন্দ্ৰ নাথ শৰ্মা সোৱৰণী সভাগৃহত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে উদীয়মান লেখক কৌশিক ফুকন  কুমাৰৰ উপন্যাস সীমনাত যি স্বৰ্ণিল পৰশ ”শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰি এই মন্তব্য কৰে ৷উক্ত অনুষ্ঠানত অসম ভিত্তিত কাব্যগ্ৰন্থ প্ৰতিযোগতাৰ বটা প্ৰদান কৰা হয় ৷“এমুঠি  জোনাকৰ অপেক্ষাত “শীৰ্ষক গ্ৰন্থৰ বাবে বটা লাভ কৰে কবি আবৃত্তিকাৰ লেখিকা ৰঞ্জনা পাঠকৰ লগতে বহু কেইগৰাকী জনপ্ৰিয় কবিয়ে ৷এই বটাত আছে স্মাৰক মানপত্ৰ লগতে গামোচা৷ অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ মুৰব্বী অধ্যাপক ডঃ প্ৰশান্ত শৰ্মা ,অবিনেতা তথা পৰিচালক ডাঃ জয় বৰা ,এমট্ৰনৰ উপ প্ৰৱন্ধক দিনমণি ভাণ্ডাৰ কায়স্থ ৰ লগতে বহু বিশিষ্ট ব্যক্তিয়ে ভাষণ প্ৰদান কৰে ৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here