সাত মেচত অপৰাজেয় থাকি তৃতীয় স্থানলৈ উত্তৰণ নৰ্থ ইষ্ট ইউনাইটেড - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday, 29 January 2025

সাত মেচত অপৰাজেয় থাকি তৃতীয় স্থানলৈ উত্তৰণ নৰ্থ ইষ্ট ইউনাইটেড

 




নৰ্থ ইষ্ট ইউনাইটেড ঃ ৪ [গুইলেৰ্মো ১৭ মিনিট, আজাৰাই ৪৫ মিনিট, আখতাৰ ৭৯ মিনিট, বেমামাৰ ৮৯ মিনিট ]

হায়দৰাবাদ এফ চি ঃ ১ [মনোজ মহম্মদ ৭০ মিনিট]


গুৱাহাটী, ২৯ জানুৱাৰী ঃ নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে চলিত একাদশ ইণ্ডিয়ান ছুপাৰ লীগ [আই এছ এল] ত ক্ৰমাগত সাতখন মেচত অপৰাজেয় যাত্ৰা অব্যাহত ৰাখি ১৮ খন মেচত ২৮ পইণ্টৰে তালিকাৰ তৃতীয় স্থানলৈ উত্তৰণ কৰিছে৷ বুধবাৰে গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত খেলা মেচত ঘৰুৱা দলটোৱে হায়দৰাবাদ এফ চিৰ বিৰুদ্ধে ৪-১ গলত জয়লাভ কৰে৷


নৰ্থ ইষ্ট ইউনাইটেডে এই জয়ৰে লীগৰ সঠিক সময়ত সফল প্ৰত্যাৱৰ্তন কৰিলে৷ উল্লেখ্য যে ছখন মেচত অপৰাজেয় হৈ আজি পুনৰ গৃহভূমিৰ খেলপথাৰত নমা নৰ্থ ইষ্ট ইউনাইটেডে যোৱা চাৰিখন মেচ ড্ৰ খেলিছিল৷ ইয়াৰে তিনিখন মেচ দলে গুৱাহাটীতে খেলিছিল৷ সেয়ে বিপক্ষ দুৰ্বল যদিও চাপ আছিল পেড্ৰ’ বেনালিৰ দল৷


কিন্তু খেলৰ প্ৰথমাৰ্ধতে দুটা গল কৰি প্ৰত্যাশিত আৰম্ভণি কৰে নৰ্থ ইষ্ট ইউনাইটেডে৷ ১৭ মিনিটত গুইলেৰ্মো ফাৰ্ণাণ্ডেজে প্ৰথমটো গল কৰাৰ পাছত ৪৫ মিনিটত আজাৰায়ে লীগত ১৬ নম্বৰ গলটো দি বিৰতিলৈ ঘৰুৱা দলক ২-০ ত আগুৱাই ৰাখে৷ প্ৰথম ৪৫ মিনিটৰ খেলত নৰ্থ ইষ্ট ইউনাইটেডে মেচ নিজৰ আয়ত্বতে ৰাখে৷


দ্বিতীয়াৰ্ধত হায়দৰাবাদে খেলুৱৈ সলনি কৰি আক্ৰমন কৰে আৰু সফলো হয়৷ ৭০ মিনিটত মনোজ মহম্মদে দলৰ হৈ একমাত্ৰ গলটো দিয়ে৷ পৰবৰ্তী ২০ মিনিট খেলত নৰ্থ ইষ্ট ইউনাইটেডে পুনৰ আক্ৰমনৰ ৰণনীতি লৈ দুটা গল কৰি চাৰিখন মেচৰ বিৰতিৰ পাছত তিনি পইণ্ট নিশ্চিত কৰিবলৈ সফল হয়৷


৭৯ মিনিটত আছিৰ আখতাৰে আৰু ৮৯ মিনিটত মহম্মদ আলী বেমামাৰে গল কৰি গুৱাহাটীৰ অন্তিম মেচত ঘৰুৱা সমৰ্থকক জয়ৰ অনাবিল সোৱাদ দিয়ে৷ ইয়াৰপূৰ্বে হায়দৰাবাদক ঘৰতে ৫-২ গ’লত পৰাস্ত কৰিছিল নৰ্থ ইষ্ট ইউনাইটেডে৷ 


এয়া নৰ্থ ইষ্ট ইউনাইটেডৰ ১৮ খন খেলত সপ্তম জয়৷ এইবাৰ দলে সাতখন ড্ৰ কৰিছে তথা চাৰিখনত পৰাস্ত হৈছে৷ আনহাতে,  নৰ্থ ইষ্ট ইউনাইটেডে আজি গুৱাহাটীত হায়দৰাবাদৰ বিৰুদ্ধে প্ৰথমটো লীগ ডাবল কৰাৰ গৌৰৱো অৰ্জন কৰিলে৷


ইফালে, জামছেদপুৰক পৰাস্ত কৰি গুৱাহাটীলৈ অহা হায়দৰাবাদ দলে যোৱা তিনিখন খেলত অপৰাজেয় হৈ আছিল যদিও পুনৰ নৰ্থ ইষ্ট ইউনাইটেডৰ সন্মুখত আত্মসমৰ্পন কৰিলে৷ হায়দৰাবাদে ১৮খন মেচত ১৩ পইণ্ট লাভ কৰি ১২ নম্বৰ স্থানত থাকিল৷ দলৰ জয়ৰ সংখ্যা তিনি, বিপৰীতে ১১ খনত পৰাজয় হৈছে৷


নৰ্থ ইষ্ট ইউনাইটেডে লীগৰ পৰৱৰ্তী মেচখন ওড়িছা এফ চিৰ বিৰুদ্ধে অহা তিনি ফেব্ৰুৱাৰীত ভূৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত খেলিব৷ আনহাতে, হায়দৰাবাদ এফ চিয়ে অহা আঠ ফেব্ৰুৱাৰীত গৃহভূমি বালাযোগী ষ্টেডিয়ামত মহমেদান স্প’ৰ্টিঙৰ বিৰুদ্ধে পৰবৰ্তী মেচ খেলিব৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here