শীতৰে সেমেকা ৰাতি"ৰ প্ৰিমিয়াৰ অনুষ্ঠিত - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 31 January 2025

শীতৰে সেমেকা ৰাতি"ৰ প্ৰিমিয়াৰ অনুষ্ঠিত


 

W7s news,গুৱাহাটী, ৩১ জানুৱাৰী: আজি সমগ্ৰ ৰাজ্যতে মুক্তি লাভ কৰে বছৰটোৰ দ্বিতীয়খন অসমীয়া বোলছবি "শীতৰে সেমেকা ৰাতি"য়ে। যোৱাকালি মহানগৰীৰ পাঞ্জাবাৰীত থকা আইদেউ টকীজত চিনেমাখনৰ প্ৰিমিয়াৰ অনুষ্ঠিত হৈ যায়। ডিজাইনাৰ, অভিনেতা আৰু এগৰাকী পৰিচালক হিচাপে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো সমাদৃত দীপাংকৰ কাশ্যপৰ দ্বাৰা পৰিচালিত এই নতুন ছবিখনে "প্ৰেম" ক নতুন দৃষ্টিকোেণেৰে দৰ্শকৰ সন্মুখত উপস্থাপন কৰিছে।

ড° সঞ্জীৱ নাৰায়ণৰ তত্ত্বাৱধানত নিৰ্মিত এই ছবিখনৰ প্ৰযোজনা দীপাংকৰ কাশ্যপ আৰু ড° অক্ষতা নাৰায়ণৰ। তৃষা শইকীয়া, জিত চলিহা, দীপাংকৰ ৰয়, চিমি ৰায়ন, অঞ্চিত, পলাশ্ৰী দাস, হৃষিকেশ দত্ত, অতিথি শিল্পী সিদ্ধাৰ্থ নিপন গোস্বামীৰ লগতে আন কেইবাগৰাকীও ন-পুৰণি অভিনেতা-অভিনেত্ৰী অভিনীত এই ছবিখনৰ কাহিনীভাগ লিখিছে এনড্ৰিউ ধণৰাজগিৰিয়ে আৰু পাণ্ডুলিপি অভিজিৎ নায়কৰ। কাষ্টিং ডাইৰেক্টৰ কপিল বৰা, চিত্ৰগ্ৰহণ ৰামজ্যোতি কৃষ্ণচৰণৰ আৰু সহকাৰী পৰিচালক বিজিত বৰগোঁহাই। ৰূপসজ্জা পূজা দত্তৰ, সম্পাদনা ৰাতুল দত্তৰ আৰু ছাউণ্ড ডিজাইনিঙত আছে স্বপনীল গগৈ। ছবিখনৰ জৰিয়তে প্ৰায় দুটা দশকৰ পিছত অভিনয় জগতলৈ প্ৰত্যাৱৰ্তন ঘটিছে এসময়ৰ মোহময়ী অভিনেত্ৰী তৃষা শইকীয়াৰ। 


ছবিখনৰ গীতৰ কথা অনুপম নাথৰ। সংগীত পৰিচালনা কৰিছে প্ৰিয়ংকু বৰদলৈয়ে। কণ্ঠদান কৰিছে পদ্মনাভ বৰদলৈ আৰু নীহাৰ কাশ্যপে। কৰিঅ'গ্ৰাফাৰ উদয় শংকৰৰ। 

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here