৩১ জানুৱাৰীৰ পৰা বজালীত সাহিত্য সভা, অভিনৱ সংযোজন বিজ্ঞান মেলা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday, 22 January 2025

৩১ জানুৱাৰীৰ পৰা বজালীত সাহিত্য সভা, অভিনৱ সংযোজন বিজ্ঞান মেলা

 



W7S news গুৱাহাটী:  শতবর্ষগৰকা জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশনৰ প্ৰস্তুতি তুংগত উঠিছে। ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ পাঁচ দিনীয়া কাৰ্যসূচীৰে পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত অসম সাহিত্য সভা অধিবেশন অনুষ্ঠিত হ'ব । বুধবাৰে 

অসম সাহিত্য সভাৰ সপ্তসপ্ততিত্বম পাঠশালা অধিৱেশনৰ প্ৰচাৰ উপ সমিতিয়ে  অসম সাহিত্য সভাৰ গুৱাহাটীৰ কাৰ্যালয়ত  সংবাদ মেল সম্বোধন কৰি

এই কথা সদৰী কৰে। সংবাদ মেল যোগে

 প্ৰচাৰ উপ -সমিতিৰ সভাপতি

ড° মনোৰঞ্জন দাসে কয় - "

অধিৱেশনত এইবাৰ 

অভিনৱ সংযোজন হ'ব বিজ্ঞান মেলা। প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিজ্ঞান মেলা।  আমাৰ অধিবেশনত যাতে কোনো ধৰণৰ বিৰ্তকৰ সূত্ৰপাত নহয় তাৰবাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।

মেলাৰ জৰিয়তে অংশগ্রহণকাৰীসকলক বৈজ্ঞানিক জ্ঞান প্রদান কৰিব পাৰিব।

এই মেলাত নেপাল ,ভূটান , অৰুণাচলকে ধৰি চুবুৰীয়া ৰাজ্য ৰাষ্ট্ৰই অংশগ্ৰহণ কৰিব। বিজ্ঞান মেলা প্ৰতিৰক্ষা বিভাগৰ বিভিন্ন সামগ্ৰী  প্ৰদৰ্শন কৰা  হ'ব।

য'ত দুটা তৰা ঘৰসহ প্ৰতিৰক্ষা বিভাগ আদিৰ বিভিন্ন ধৰণৰ সঁজুলি প্রদর্শন কৰা হ'ব।ইয়াৰ সমান্তৰালভাৱে সাহিত্য সভাৰ লগতে বজালী হাট অনুষ্ঠিত কৰা হ'ব। য'ত বজালীৰ স্বকীয় বৈশিষ্ট্যপূর্ণ সা-সামগ্রীসমূহ প্রদর্শন কৰা হ'ব।৩১ জানুৱাৰীৰ পুৱা ৮.৩০ বজাত নামঘৰৰ দ্বাৰ মুকলি হোৱাৰ লগতে ৯ বজাত ভট্টদেৱ ক্ষেত্ৰ আৰু মূল তোৰণ উদ্বোধন কৰাৰ পিছতেই বিজ্ঞানমেলা , গ্ৰন্থ মেলা , প্ৰদৰ্শনী , বজালীহাট উদ্ঘাটন কৰা হ'ব । তদুপৰি সেইদিনা অন্যান্য কাৰ্যসূচীৰ লগতে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব । পহিলা ফেব্ৰুৱাৰীত পুৱা সাহিত্য সভাৰ পতাকা  উত্তোলন কৰাৰ পিছতেই  অন্যন্য কাৰ্যসূচী থাকিব । ২ ফেব্ৰুৱাৰীত অসম সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতিক লৈ শোভাযাত্ৰা কৰা হ'ব । এই শোভাযাত্ৰা গীতাশ্ৰমৰ পৰা আৰম্ভ হৈ ভট্টদেৱ ক্ষেত্ৰত সামৰণি পৰিব। এই শোভাযাত্ৰাত  ২০-২৫ হাজাৰ লোকৰ সমাগম হ'ব বুলি আশা কৰা হৈছে ।  তদুপৰি সাহিত্য সভা অধিৱেশনত  ৮৭ বৰ্গফুট এটা জাপি প্ৰদৰ্শন কৰা হ'ব। এই জাপিটো লিমকা বুক অফ ৰেকৰ্ডত  স্হান পাব । তদুপৰি সাহিত্য সভাৰ অধিৱেশনত পুতলা নাচ,  জুনা নাম, বীৰ নাম , নাগাৰা নাম , ওজাপালি আদিকে ধৰি আলোচনা চক্ৰ আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। ৭-১০  

কোটি টকাৰ বাজেটেৰে আয়োজন কৰা এইবাৰ সাহিত্য সভাত ৬ খন মঞ্চ থাকিব । তদুপৰি 

১০ হাজাৰ মানুহে একেলগে খাদ্য গ্ৰহণৰ ব্যৱস্হা কৰা  হৈছে । অধিৱেশনত তিনিখন ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰদৰ্শন হ'ব। অধিবেশনৰ বাবে ৫৫ খন উপ-সমিতি থাকিব। এই অধিবেশনত আমি ছপা আৰু বৈদ্যুতিন মাধ্যমৰ সম্পাদক সকল উপদেষ্টা হিচাপে থাকিব। তদুপৰি জ্যেষ্ঠ লোকৰ বাবে বিশেষ ব্যৱস্থা থাকিব। এই অধিবেশনত ৮০০ পৃষ্ঠাৰ এখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰা হ'ব।অধিবেশনস্থলীত ২৫০খন গ্রন্থ বিপণী থাকিব।জোষ্ঠ নাগৰিকসকলৰ বাবেও অধিবেশনস্থলীলৈ প্রবেশ-প্রস্থানৰ বিশেষ পথ নির্মাণ কৰা হৈছে। মহিলাসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ গুরুত্ব আৰোপ কৰা হৈছে। পুৰুষ আৰু মহিলাসকলৰ বাবে সুকীয়া সুকীয়া স্বেচ্ছাসেবক নিযুক্তি দিয়া হ'ব যাতে কোনেও মহিলাক অশালীন ব্যৱহাৰ কৰিব নোৱাৰে। আনহাতে, এক বিশাল শোভাযাত্ৰাৰ বাবে প্রস্তুতি প্রায় সম্পূর্ণ হৈছে বুলি উল্লেখ কৰি তেওঁ কয়- 'পশ্চিম প্রান্তৰ গীতাশ্ৰমৰ পৰা ভট্টদের ক্ষেত্ৰলৈ সমগ্র চহৰ সামৰি শোভাযাত্রা উলিওৱা হ'ব। ২০ৰ পৰা ২৫ হাজাৰ লোকে শোভাযাত্রাত অংশগ্রহণ কৰিব বুলি আমি আশা কৰিছো।এই ভ্রাম্যমাণ থিয়েটাৰৰ নাট বিনামূলীয়াকৈ দর্শকে উপভোগ কৰিব পাৰিব। তদুপৰি পুলক বেনাৰ্জী, বিপিন চাওদাং, জুবিন গার্গ, প্রিয়ংকা ভৰালী, ৰামকৃষ্ণ তালুকদাৰ আদিকে ধৰি নবীন-প্রবীণ শিল্পীসকলে অধিৱেশনৰ সাংস্কৃতিক সন্ধিয়াত অনুষ্ঠান পৰিৱেশন কৰিব।' উল্লেখ্য যে কাৰ্যসূচী অনুসৰি ৩১ জানুৱাৰীৰ পুৱা ৮.৩০ বজাত নামঘৰৰ দুৱাৰ মুকলি কৰা হ'ব। ৯ বজাত ভট্টদের ক্ষেত্র আৰু মূল তোৰণ উদঘাটন কৰা হ'ব। সেইদিনাই পুরা ৯.৩০ বজাত বিজ্ঞান মেলা, গ্রন্থমেলা, প্রদর্শনী, বজালী হাট সমন্বিতে বিভিন্ন বিভাগৰ দ্বাৰ উদঘাটন কৰা হ'ব। ১১ বজাত ভট্টদেৱৰ কথা-সাহিত্য বিষয়ত সাহিত্য আলোচনা অনুষ্ঠিত হ'ব। পুরা ১১.৩০ বজাত মেডাম-মে-ফি অনুষ্ঠিত কৰাৰ পাছত বিয়লি ৪ বজাত প্রতিনিধি শিবিৰ মুকলি কৰা হ'ব। ৪.৩০ বজাত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সভা শিক্ষাপীঠ আদর্শ বুনিয়াদী উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হ'ব। ৫.৩০ বজাৰ পৰা সাংস্কৃতিক সম্মিলনৰ কাৰ্যসূচীসমূহ আৰম্ভ হ'ব। সমান্তৰালভাবে নামঘৰৰ চোতালত পুরা ১০ বজাত গুরু আসন স্থাপন আৰু নাম-প্রসংগও অনুষ্ঠিত হ'ব। ১ ফেব্ৰুৱাৰীৰ পুৱা ৮.৪৫ বজাত অসম সাহিত্য সভাৰ মূল পতাকা উত্তোলন কৰা হ'ব। পতাকা বেদীৰ প্ৰথম চক্রত ৭৭খন আৰু দ্বিতীয় চক্রত ১০৮খন পতাকা উত্তোলন কৰা হ'ব। ৯.১৫ বজাত স্মৃতি তর্পণ, ৯.৩০ বজাত শ্বহীদ তর্পণ, ১০.৩০ বজাত স্মৃতিগ্রন্থ আৰু অন্যান্য গ্রন্থ উন্মোচনী সভা, জনগোষ্ঠীয় সাহিত্য সম্মিলন, বিয়লি ৩ বজাত জাতীয় বৌদ্ধিক সম্মিলন আৰু সম্বর্ধনা প্রদান অনুষ্ঠান, ৫ বজাত কবি সম্মিলন, ৫.৩০ বজাত প্রতিনিধি সভা আৰু ৬.৩০ বজাৰ সাংস্কৃতিক সম্মিলনৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব। সেইদিনাই নামঘৰৰ চোতালত দিনৰ ১২.৩০ বজাত ঢুলীয়া নাট পৰিৱেশন কৰা হ'ব। ২ ফেব্রুৱাৰীত পুরা ৯.৩০ বজাত ধ্রুপদী অসমীয়া ভাষা বিষয়ত আলোচনা সত্ৰৰে কাৰ্যসূচী আৰম্ভ হ'ব। পুরা ১১ বজাত অসম সাহিত্য সভাৰ নর নির্বাচিত সভাপতিক লৈ শোভাযাত্রা আৰম্ভ হ'ব। দিনৰ ১.৩০ বজাত প্রথম মুকলি সভা, বিয়লি ৪ বজাত নৱপ্ৰজন্মৰ প্ৰতিভা বিকাশৰ অনুষ্ঠান ৰামধেনু আৰু ৬.৩০ বজাত সাংস্কৃতিক সম্মিলন অনুষ্ঠিত হ'ব। সেইদিনাই নামঘৰৰ চোতালত দিনৰ ১২.৩০ বজাত জুনা নাম আৰু সন্ধিয়া ৬ বজাত পুতলা নাচ প্রদর্শন কৰা হ'ব। গ্রন্থমেলাৰ চোতালত পুৱা ১০ বজাত কৃষক আৰু স্বনির্ভৰশীল উদ্যমী সম্মিলন আৰু বিয়লি ৩ বজাত ডিজিটেল মাধ্যমত অসমীয়া ভাষা-সাহিত্য চর্চা কার্যসূচী অনুষ্ঠিত হ'ব। ৩ ফেব্রুৱাৰীৰ পুরা ৯.৩০ বজাত বুৰঞ্জী সম্মিলন, ১১.৩০ বজাত লোক সাংস্কৃতিক সমাৰোহ, বিয়লি ২ বজাত মুকলি সভা, ৪ বজাত যুৱ সংসদ, ৬.৩০ বজাত সাংস্কৃতিক সম্মিলন অনুষ্ঠিত হ'ব। সেইদিনাই গ্রন্থমেলাৰ চোতালত পুরা ১১ বজাত বিজ্ঞান সাহিত্য সম্মিলন আৰু নামঘৰৰ চোতালত দিনৰ ১২.৩০ বজাত বীৰ নাম অনুষ্ঠিত হ'ব। ৪ ফেব্রুৱাৰীৰ পুৱা ৯.৩০ বজাত অসমৰ জনগোষ্ঠীয় ছাত্র যুব সম্মিলন, দিনৰ ১২.৩০ বজাত মহিলাৰ প্রতিভা বিকাশৰ অনুষ্ঠান আকাশ, বিয়লি ৩ বজাত নাট্য সম্মিলন, ৪.৩০ বজাত সাহিত্য সভাৰ বঁটা প্রদান অনুষ্ঠান, ৬.৩০ বজাৰ সাংস্কৃতিক সম্মিলন অনুষ্ঠিত হ'ব। সেইদিনাই গ্রন্থমেলাৰ চোতালত পুরা ১১ বজাত সাংবাদিক সম্মিলন আৰু সম্বর্ধনা প্রদান অনুষ্ঠান তথা বিয়লি ও বজাত আজীবন সভ্য সম্মিলন অনুষ্ঠিত হ'ব। নামঘৰৰ চোতালত দিনৰ ১২ বজাত ওজাপালি আৰু সন্ধিয়া ৬ বজাত নাগাৰা নাম পৰিবেশন কৰা হ'ব। ৫ ফেব্রুৱাৰীত আদৰণি সমিতিৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হ'ব।" সংবাদ মেলত আদৰণি সমিতিৰ মৃদুল তালুকদাৰ, প্ৰচাৰ উপ-সমিতিৰ উপ-সভাপতি

পংকজ শৰ্মা,

সম্পাদক নিখিল বৰ্মন, অসম সাহিত্য সভাৰ গুৱাহাটী প্ৰশাসনিক কাৰ্যালয়ৰ সম্পাদক প্ৰফুল্ল বৰ্মন আদি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here