সমগ্ৰ অসমত অসামৰিক সেৱাৰ প্ৰস্তুতিৰ বাবে অসমীয়া মাধ্যমৰ পাঠদান আৰম্ভ স্মাৰ্ট আই এ এছ ফাউণ্ডেচনৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday, 3 December 2024

সমগ্ৰ অসমত অসামৰিক সেৱাৰ প্ৰস্তুতিৰ বাবে অসমীয়া মাধ্যমৰ পাঠদান আৰম্ভ স্মাৰ্ট আই এ এছ ফাউণ্ডেচনৰ





W7s news,,গুৱাহাটী, ৩ ডিচেম্বৰ: স্থানীয় ভাষাত অধ্যয়নৰ ক্ৰমবৰ্ধমান চাহিদা পূৰণৰ প্ৰতি লক্ষ্য ৰাখি অসমীয়া ভাষাত পাঠদান আৰম্ভ কৰিছে এ পি এছ চি আৰু ইউ পি এছ চিৰ কোচিঙৰ বাবে সুপৰিচিত প্ৰতিষ্ঠান স্মাৰ্ট আই এ এছ ফাউণ্ডেচনে। এই উপলক্ষ্যে অনুষ্ঠিত হোৱা শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে চি ই চিৰ প্ৰতিষ্ঠাপক তথা স্বত্বাধিকাৰী  দিপাংকৰ দত্তৰ লগতে অন্যান্য বিশিষ্ট অতিথি আৰু ছাত্ৰ-ছাত্ৰীসকল। ইফালে এই অনুষ্ঠানৰ সময়তে প্ৰতিষ্ঠানটোৰ অন্যতম পৰিচালক আশীৰ্বাদ কুমাৰৰ 'ইণ্ডিয়ান পলিটি’ শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰা হয়। উল্লেখ্য যে, এই গ্ৰন্থখনি প্ৰকাশ কৰি উলিয়াইছে ওছৱাল পাব্লিকেশ্যনে। 


প্ৰতিষ্ঠানটোৰ সহ-প্ৰতিষ্ঠাপক  অনিমেশ হাজৰিকাই অনুষ্ঠানত উপস্থিত থকা ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰি অসামৰিক সেৱা পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অসমীয়া ভাষাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে অসমীয়া ভাষা ব্যৱহাৰ কৰিলে ছাত্ৰ-ছাত্ৰীসকলে বিষয়বস্তু অধিক সহজে বুজিব পাৰিব আৰু মনত ৰাখিব পাৰিব। আনকি জটিল বিষয়বোৰো তেওঁলোকৰ বাবে সহজ আৰু স্পষ্ট হৈ পৰিব। তেওঁ কয়, "আমি বিচাৰো যে ছাত্ৰ-ছাত্ৰীসকলে যিটো ভাষাত শিকিবলৈ আৰু বুজিবলৈ অধিক সুবিধাজনক অনুভৱ কৰে, সেই ভাষাতে তেওঁলোকে অধ্যয়ন কৰক। যাতে সেই ভাষাই তেওঁলোকৰ সফলতাৰ বাটত বাধাৰ সৃষ্টি নকৰে।"


উল্লেখ্য যে, এই পদক্ষেপে ভাষাৰ প্ৰাচীৰ ভাঙি সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে সৰ্বাংগীন আৰু সুলভ শিক্ষাৰ প্ৰতি স্মাৰ্ট আই এ এছ ফাউণ্ডেচনৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে। শ্ৰীযুত দিপাংকৰ দত্তই এই নতুন পাঠদানক লৈ উল্লাস ব্যক্ত কৰি শিক্ষাৰ্থীসকলক তেওঁলোকৰ প্ৰস্তুতিৰ প্ৰতিটো পদক্ষেপতে সহায়-সহযোগিতা আগবঢ়াবলৈ প্ৰতিষ্ঠানটোৰ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে। লগতে অসমীয়া মাধ্যমৰ পাঠদানৰ সমান্তৰাভাৱে ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়াকৈ অধ্যয়ন সামগ্ৰী আৰু পুথিভঁৰালৰ সুবিধা প্ৰদান কৰা হ'ব বুলিও তেওঁ ঘোষণা কৰে।


মন কৰিবলগীয়া যে, স্মাৰ্ট আই এ এছ ফাউণ্ডেচনে অভিজ্ঞ অধ্যাপক আৰু ব্যক্তিগত নিৰ্দেশনাৰ জৰিয়তে শিক্ষাৰ্থীসকলক উচ্চমানৰ কোচিং প্ৰদান কৰি আহিছে, যিয়ে তেওঁলোকক অসামৰিক সেৱাৰ পৰীক্ষাত সফলতা অৰ্জন কৰাত সহায় কৰি আহিছে। আনহাতে, বহল পৰিসৰৰ ছাত্ৰ-ছাত্ৰীৰ বাবে গুণগত শিক্ষা উপলব্ধ কৰাৰ ক্ষেত্ৰত অসমীয়া মাধ্যমৰ পাঠদানৰ প্ৰৱৰ্তন শিক্ষা প্ৰতিষ্ঠানখনৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here