মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত হব লগীয়া মেলাৰ সামৰণী অনুস্থানত উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
W7s news,,গুৱাহাটী, ২ ডিচেম্বৰ: অসমৰ এটি আগশাৰীৰ সামাজিক, সাংস্কৃতিক সংস্থা সাতসৰীৰ উদ্যোগত অহা ৫ ডিচেম্বৰ পৰা ৮ ডিচেম্বৰ ২০২৪ লৈ গুৱাহাটীৰ মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন আৰোগ্য মেলা অনুষ্ঠিত হ'ব। সংবাদ মাধ্যমত অনুষ্ঠানৰ বিষয়ে কব প্ৰীয়নাৰি ডঃ মন্দিৰা বৰুৱা, ডঃ হেমেন হাজৰিকা, জ্যেষ্ঠ বিজ্ঞানী , বন আৰু পৰিবেশ মন্ত্ৰালয় , ভাৰত চৰকাৰ, মইনাক পাত্ৰ, দেৱজিৎ দাস, সহকাৰী অধ্যাপক।
মেলাৰ উদ্বোধন কৰিব মহামান্য ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু আয়ুস মন্ত্ৰী প্ৰতাপৰাও গণপতৰাও যাদৱ।সামৰণী অনুষ্ঠানত আহিব বন্দৰ, জাহাজ আৰু জলপৰিবহন বিভাগৰ মাননীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া।
উক্ত মেলাত পৰম্পৰাগত ভাৰতীয় চিকিৎসা ব্যৱস্থাৰ সৈতে জড়িত দেশৰ বিভিন্ন প্ৰান্তৰ গ্রাম্য চিকিৎসক, বনৌষধিৰ গৱেষণা, উৎপাদন আৰু বিপননৰ সৈতে জড়িত বিভিন্ন প্রতিষ্ঠান, উদ্যোগৰ লগতে অভিজ্ঞ আয়ুর্বেদিক চিকিৎসক উপস্থিত থাকিব। মেলা উপলক্ষ্যে আলোচনা চক্র, লোক-কৃষ্টি বিষয়ক প্রতিযোগিতা, পৰম্পৰাগত বনৌষধি চিকিৎসা আৰু আয়ুর্বেদ বিজ্ঞান সম্পর্কীয় চাৰিদিনীয়াকৈ এখনি প্রদর্শনীৰো আয়োজন কৰা হৈছে। প্রদর্শনীখন দিনৰ ৯ বজাৰপৰা নিশা ৯ বজালৈ দৰ্শকৰ বাবে খোলা থাকিব। প্ৰদৰ্শনীৰ দৰ্শকৰ বাবে প্ৰৱেশ বিনামূলীয়া। মেলাৰ অন্তৰ্গত (চিকিৎসা বিনামুলীয়া)।
প্রতিযোগিতাৰ বাবে নিৰ্ধাৰিত বিষয়ৰ ভিতৰত আছে বিয়ানাম, দিহানাম, ৰাভা সংগীত, জ্যোতি সংগীত। এটি কবিতাপাঠ অনুষ্ঠানৰো আয়োজন কৰা হৈছে।
মেলাৰ সৈতে সংগতি ৰাখি অহা ৪ ডিচেম্বৰ ২০২৪ত লক্ষ্মীধৰ বৰা ক্ষেত্ৰৰপৰা এখনি বর্ণাঢ্য শোভাযাত্রা উলিওৱা হব। উক্ত শোভাযাত্রাত শিক্ষানুষ্ঠানৰ ছাত্ৰছাত্ৰীৰ উপৰিও শতাধিক গ্রাম্য লোকে খলুৱা বনৌষধিৰ নাম সম্বলিত গ্লেকাৰ্ডৰ লগতে গ্রাম্য সংস্কৃতিৰ সৈতে জড়িত বিভিন্ন ধৰণৰ সামগ্ৰী লৈ যোগদান কৰিব। আমি আশা কৰিছো যে এই মেলাখনে ভাৰত তথা অসমৰ অতিকৈ চহকী পৰম্পৰাগত চিকিৎসা ব্যৱস্থাৰ বিজ্ঞানসম্মত দিশবোৰক সংৰক্ষণ আৰু অধিক ব্যৱহাৰমুখী কৰি তোলাৰ দিশত এক সবল জাগৰণৰ সৃষ্টি কৰিব পাৰিব। আমাৰ এই মেলাৰ প্ৰদৰ্শনীলৈ সকলো শ্ৰেণীৰ লোককেই দলে-বলে আহিবলৈ আমি আহ্বান জনালো।
(ড° মন্দিৰা বৰুৱা)
সভাপতি, সাতসৰী তথা ৰাষ্ট্ৰীয় আৰোগ্য মেলা ২০২৪, গুৱাহাটী
No comments:
Post a Comment