আমাৰ প্ৰাচীন আয়ুৰ্বেদিক চিকিৎসা সংৰক্ষণৰ বাবে সজাগতা সৃষ্টিৰ চেষ্টা : প্ৰিয়নাৰী ডাঃ মন্দিৰা বৰুৱা
W7s news,,গুৱাহাটী, ৫ ডিচেম্বৰঃ সামাজিক সাংস্কৃতিক উন্নয়ন সংস্থাৰ "সাতসৰী" উদ্যোগত গুৱাহাটীৰ বেটকুছিৰ মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত আজি ৫ পৰা ৮ ডিচেম্বৰৰ লই "ৰাষ্ট্ৰীয় আৰোগ্য মেলা"ৰ আয়োজন কৰা হৈছে। চাৰিদিনীয়া "ৰাষ্ট্ৰীয় আৰোগ্য মেলা" আজি ৫ ডিচেম্বৰত মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত এইমছ গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক অধ্যাপক (ড°) অশোক পুৰাণকে উদ্বোধন কৰে। উদ্বোধনী অনুস্থানত এইমছ গুৱাহাটী সভাপতি উনমোনা বৰগোহাঁই, জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ, অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ উপ সচিব সুসপনা কাকোটি, উপ পৰিচালক আয়ুস ড° নিবুল কুমাৰ গগৈ, প্ৰতিষ্ঠাপক সভাপতি "সাতসৰী" প্ৰিয়নাৰী ড° মন্দিৰা বৰুৱা, উপ মেয়ৰ স্মিতা ৰায়, বন আৰু জলবায়ু পৰিৱৰ্তনৰ আঞ্চলিক সঞ্চালক (ভাৰত চৰকাৰ) ড০ হেমেন হাজৰিকা, অৱসৰপ্ৰাপ্ত মহাপ্ৰবন্ধক আই অ’ চি এল আৰু মেলা মুখ্য উপদেষ্টা মাইনক পাত্ৰৰ আৰু অন্য বিশিষ্ট ব্যক্তি উপস্থিত থাকে।এই উপলক্ষে ভাষণ দি প্ৰিয়নাৰী ড° মন্দিৰা বৰুৱাই কয় যে এই "ৰাষ্ট্ৰীয় আৰোগ্য মেলা"ত আমাৰ মূলমন্ত্ৰ হৈছে আমাৰ প্ৰাচীন আয়ুৰ্বেদিক ঐতিহ্যক সুৰক্ষা আৰু সংৰক্ষণ আৰু নাগৰিকসকলৰ মাজত সজাগতা অনা। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা গ্ৰাম্য আয়ুৰ্বেদিক চিকিৎসকে পৰম্পৰাগত ভাৰতীয় চিকিৎসা বিজ্ঞানত অংশগ্ৰহণ কৰিছিল, বনৌষধি, উদ্যোগৰ গৱেষণা, উৎপাদন আৰু বিপণনৰ লগত জড়িত বিভিন্ন প্ৰতিষ্ঠান আৰু অভিজ্ঞ আয়ুৰ্বেদিক চিকিৎসকসকলো ইয়াত এই মেলাত আছে। "ৰাষ্ট্ৰীয় আৰোগ্য মেলা"ত আলোচনা চক্ৰ, লোককথা প্ৰতিযোগিতা, পৰম্পৰাগত বনৌষধি চিকিৎসা আৰু আয়ুৰ্বেদিক বিজ্ঞানৰ চাৰিদিনীয়া প্ৰদৰ্শনীও অনুষ্ঠিত কৰা হ'ব। ৮ ডিচেম্বৰলৈকে পুৱা ৯ বজাৰ পৰা নিশা ৯ বজালৈ দৰ্শনাৰ্থীৰ বাবে মুকলি থাকিব মেলা। মাইনক পাত্ৰৰ ডাঙৰীয়াই কয় যে "ৰাষ্ট্ৰীয় আৰোগ্য মেলা"লৈ অহা লোকৰ বাবে প্ৰৱেশ বিনামূলীয়া। মেলাৰ সময়ত দৰ্শনাৰ্থীসকলক অভিজ্ঞ চিকিৎসকৰ দ্বাৰা বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হ’ব। মেলাৰ সমগ্ৰ চাৰিদিনত অভিজ্ঞ যোগ শিক্ষকৰ যোগাসনৰ অধিবেশনও উপলব্ধ হ’ব। মন কৰিবলগীয়া যে বিভিন্ন ৰাজ্যৰ পৰা অহা সকলো প্ৰদৰ্শক, অংশগ্ৰহণকাৰীৰ বাবে খাদ্য, বাসস্থান আৰু যাতায়তৰ ব্যৱস্থা কৰা আয়োজক সমিতিয়ে।
No comments:
Post a Comment