"
মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত বৃহস্পতিবাৰ পৰা "ৰাষ্ট্ৰীয় আৰোগ্য মেলাৰ"
W7s news,,,গুৱাহাটী ৪ ডিচেম্বৰ: সামাজিক সাংস্কৃতিক উন্নয়ন সংস্থাৰ "সাতসৰীৰ" সভানেত্ৰী প্ৰিয়নাৰী ড: মন্দিৰা বৰুৱাৰ
"প্ৰকৃতিৰ মাজলৈ ঘুৰি যাওঁ আহক" আহ্বানৰ প্ৰতি সঁহাৰি জনায় অসমৰ চুকে কোনে সোমাই থকা লোকনৃত্য প্ৰদৰ্শন আৰু লোক কৃষ্টি প্ৰদৰ্শনেৰে দীঘলী পুখুৰীৰ পাৰ ৰজনজনাই তোলে।
'সাতসৰীৰ' উদ্যোগত অহা কালি (৫ ডিচেম্বৰ পৰা ৮ ডিচেম্বৰ ২০২৪) গুৱাহাটীৰ মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত অনুষ্ঠিত হ'বলগীয়া "ৰাষ্ট্ৰীয় আৰোগ্য মেলাৰ" আজি ৪ ডিচেম্বৰৰ বুধবাৰে লতাশিল খেলপথাৰৰ পৰা শুভাৰম্ভ কৰি গোপীনাথ বৰদলৈৰ পথেৰে দীঘলী পুখুৰীৰ হৈ পুনৰ লতাশিল খেলপথাৰত সমাপ্ত কৰা হয়।
"আমাৰ স্বাস্থ্য-আমাৰ সম্পদ" ধ্বনিৰে প্ৰিয়নাৰী ড: মন্দিৰা বৰুৱাই জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনায় অসমৰ বিভিন্ন জিলাৰ শাখাৰ পৰা অহা সদস্য আৰু বিভিন্ন জিলাৰ পৰা অহা জনতাই দীঘলী পুখুৰীৰ পাৰ মুখৰিত কৰি তোলে।মন্দিৰা বৰুৱাৰ আহ্বানৰ প্ৰতি সমথৰ্ন জনাই হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই আহি দীঘলীপুখুৰীৰ পাৰ সেউজ কৰি তোলে।
শোভাযাত্ৰাৰ শুভাৰম্ভ অনুষ্ঠানত আঁত ধৰে সাতসৰী যোৰহাট জিলাৰ সম্পাদিকা ঝৰ্ণা দত্ত বৰা আৰু উত্তৰ কামৰূপ, সাতসৰী শাখাৰ সম্পাদক দেৱজিৎ দাসে।শোভাযাত্ৰাৰ উদ্ধোধন কৰে প্ৰতিদিন টাইমৰ মূখ্য সম্পাদক নিতুমনি শইকীয়া দেৱ আৰু এন বি নিউজৰ স্বত্বাধিকাৰী নৃপেন দাস দেৱে।
শোভাযাত্ৰাৰ উদ্ধোধনী ভাষনত নিতুমনি শইকীয়া দেৱে সাতসৰীৰ বৃহৎ উদেশ্য আৰু লক্ষ্যৰ লগত সংগতি ৰাখি কৰা শোভাযাত্ৰাৰ ভূঁয়সী প্ৰশংসা কৰে আৰু সাতসৰী সামাজিক সাংস্কৃতিক উন্নয়ন সংস্থাৰ সভানেত্ৰী প্ৰিয়নাৰী ড: মন্দিৰা বৰুৱাৰ সাধনাৰ বৃহৎ সফলতা বুলি বক্তব্য আগবঢ়ায়।
অসমৰ আগশাৰীৰ সংবাদ মাধ্যমৰ এন বি নিউজৰ স্বত্বাধিকাৰী নৃপেন দাস ডাঙৰীয়া দেৱেও তেখেতৰ ভাষনত শোভাযাত্ৰাৰ সুন্দৰ পৰিবেশ আৰু বনৌষধিৰ
প্লেকাৰ্ড সমূহে সুন্দৰ বাৰ্তা দিয়া বুলি শোভাযাত্ৰাৰ শলাগ লয়। শোভাযাত্ৰাৰ শুভাৰম্ভ অনুষ্ঠানত "সাতসৰী" সামাজিক সাংস্কৃতিক উন্নয়ন সংস্থাৰ সভানেত্ৰী প্ৰিয়নাৰী ড: মন্দিৰা বৰুৱাকো বিশেষ ভাৱে সম্বৰ্দ্ধনা জনোৱা হয়।বাৰে ৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ উদেশ্য আৰু লক্ষ্যৰ ওপৰত সুন্দৰ বক্তৃব্য আগবঢ়ায় ৰাষ্ট্ৰীয় আৰোগ্য মেলাৰ মূখ্য পৰামৰ্শদাতা জেষ্ঠ বিজ্ঞানী ডঃহেমেন হাজৰিকা দেৱে। শোভাযাত্ৰাৰ শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকি সম্পূৰ্ণ ভাৱে তদাৰক কৰে জেষ্ঠ মহাপ্ৰবন্ধক (অইলৰ), ৰাষ্ট্ৰীয় আৰোগ্য মেলাৰ মূখ্য পৰামৰ্শদাতা মইনাক পাত্ৰ দেৱে।
আজিৰ শোভাযাত্ৰাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন কলাকৃষ্টিৰ প্ৰদৰ্শন কৰা হয়, নেগেৰা নাম, ভোৰতাল বিশেষকৈ বড়ো সংস্কৃতি, দিহা নাম, বিয়া নাম,তেজিমলা, নেগেৰা নাম, ভোগালী মেলা,
ধানৰ ডাঙৰী কঢ়িয়াই অনা দৃশ্য ,জনাই বোৱা দৃশ্য , গাঁৱলীয়া সমাজ জীৱনৰ বনৌষধিৰে সুন্দৰ শোভাযাত্ৰা
সফলতাৰে সম্পন্ন হয়।
উল্লেখ্যযোগ্য ৫ পৰা ৮ ডিচেম্বৰ ২০২৪ গুৱাহাটীৰ মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত অনুষ্ঠিত হ'বলগীয়া "ৰাষ্ট্ৰীয় আৰোগ্য মেলাৰ" উদ্বোধন কৰিব ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু আয়ুস মন্ত্ৰী প্ৰতাপৰাও গণপতৰাও যাদৱ। সামৰণী অনুষ্ঠানত আহিব বন্দৰ, জাহাজ আৰু জলপৰিবহন বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া।
No comments:
Post a Comment