জনতা ভৱনত মুকলি পূৰবী গাখীৰৰ বিপণী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday, 19 December 2024

জনতা ভৱনত মুকলি পূৰবী গাখীৰৰ বিপণী


 


W7s news,,,গুৱাহাটী; ১৯ ডিচেম্বৰ, ২০২৪: উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ দুগ্ধ সমবায় পূৰবীয়ে ১৮ ডিচেম্বৰত জনতা ভৱনৰ প্ৰৱেশদ্বাৰত এখন পূৰ্বপ্ৰস্তুতকৃত অত্যাধুনিক গাখীৰৰ বিপণী উদ্বোধন কৰি সহস্ৰাধিক বিষয়া-কৰ্মচাৰী আৰু সাক্ষাৎকাৰীৰ বাবে এক নতুন পুষ্টিকৰ অভিজ্ঞতা কঢ়িয়াই আনিছে। এই পদক্ষেপে চৌহদৰ ভিতৰত সতেজ গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীৰ উপলব্ধতা নিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

এই বিপণীৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে সহযোগিতা বিভাগৰ অতিৰিক্ত মুখ্য সচিব, আই এ এছ ড° বি কল্যাণ চক্ৰৱৰ্তী, এ পি চিৰ আইএএছ তথা এ আৰ আই এ এছ ছ’চাইটিৰ অধ্যক্ষা  অৰুণা ৰজোৰিয়া, এ আৰ আই এ এছ ছ’চাইটিৰ ৰাজ্যিক প্ৰকল্প সঞ্চালক, আইএএছ  বীৰেন্দ্ৰ মিট্টাল আৰু অন্যান্য বিশিষ্ট ব্যক্তি তথা সন্মানীয় অতিথিসকল৷ উদ্বোধনী অনুষ্ঠানটি পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেড (ৱামুল) আৰু অসম চৰকাৰ আৰু ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব’ৰ্ডৰ যৌথ উদ্যোগ সদ্য প্ৰতিষ্ঠিত ন’ৰ্থ ইষ্ট ডেইৰী এণ্ড ফুডছ্ লিমিটেড (এনইডিএফএল)ৰ উদ্যোগত অনুষ্ঠিত হয়। পূৰবী ব্ৰেণ্ডৰ স্বত্বাধিকাৰী ৱামুলে বিশ্ব বেংকৰ সমৰ্থিত এপাৰ্ট প্ৰকল্পৰ অধীনত এই গাখীৰ বিপণীখন স্থাপন কৰে। অনুষ্ঠানত ৱামুলৰ পৰিচালন সঞ্চালক সমীৰ কুমাৰ পাৰিদা আৰু এনইডিএফএলৰ পৰিচালন সঞ্চালক শ্ৰী সত্যব্ৰত বসুও উপস্থিত থাকে।

উল্লেখ্য যে, জনতা ভৱনৰ ঠিক বাহিৰত স্থাপন কৰা এই বিপণীখনে সাধাৰণ জনতাক, বিশেষকৈ সাক্ষাৎকাৰী আৰু বিষয়া-কৰ্মচাৰীসকলক সেৱা আগবঢ়াব। তেওঁলোকে এতিয়া গুৱাহাটীৰ দিছপুৰ কেন্দ্ৰত সতেজ গাখীৰ আৰু দুগ্ধজাত সামগ্ৰী যেনে লচ্চী, সোৱাদযুক্ত গাখীৰ, আইচক্ৰীম, দৈ, সতেজ ক্ৰীম, ঘিউ, পনীৰ আদি ক্ৰয় কৰি নিজৰ স্বাস্থ্যসন্মত খাদ্যাভ্যাস বজাই ৰাখিব পাৰিব।

এই পদক্ষেপ সন্দৰ্ভত মন্তব্য কৰি আইএএছ বিষয়া ড° বি কল্যাণ চক্ৰৱৰ্তীয়ে কয়, “মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বত অসম চৰকাৰে গাখীৰ উৎপাদন বৃদ্ধিৰ লগতে দুগ্ধ খণ্ড শক্তিশালী কৰাৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। পূৰবী ডেইৰীৰ পূৰ্বপ্ৰস্তুতকৃত গাখীৰৰ বিপণীয়ে এই লক্ষ্যসমূহক সমৰ্থন কৰাই নহয়, সতেজ, উচ্চমানৰ দুগ্ধজাত সামগ্ৰীসমূহো জনসাধাৰণৰ ওচৰলৈ লৈ আনিছে। আধুনিক আন্তঃগাঁথনিয়ে কেনেদৰে নিয়োগ সৃষ্টি কৰাত সহায় কৰিব পাৰে আৰু সুস্থ জীৱনশৈলীৰ প্ৰসাৰ ঘটাব পাৰে তাৰ এক উত্তম উদাহৰণ হৈছে এই বিপণীসমূহ।”

গ্ৰামাঞ্চলত সমবায় গঠনৰ পৰা আৰম্ভ কৰি অসমৰ প্ৰতিখন বজাৰতে বিতৰণ ব্যৱস্থা শক্তিশালী কৰালৈকে দুগ্ধ খণ্ডত পূৰবী ডেইৰীয়ে এক নতুন দিগন্তৰ সূচনা কৰিছে। এপাৰ্ট প্ৰকল্পৰ অধীনত বিভিন্ন স্থানত পূৰ্বপ্ৰস্তুত পূৰবী গাখীৰৰ বিপণী স্থাপন কৰা হৈছে। ইয়াৰ ফলত গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীৰ উপলব্ধতা বৃদ্ধি হোৱাই নহয়, উদ্যমী উদ্যোগীসকলৰ বাবেও এক নতুন ব্যৱসায়িক সুযোগ সৃষ্টি হৈছে।

উল্লেখ্য যে, প্ৰাৰম্ভিক পৰ্যায়ত গুৱাহাটী মহানগৰীৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থানত একাধিক পূৰবী গাখীৰৰ বিপণী মুকলি কৰা হৈছে, য’ত স্থানীয় লোকে সহজে সতেজ গাখীৰ আৰু অন্যান্য দুগ্ধজাত সামগ্ৰী লাভ কৰিব পাৰে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল (জিএমচিএইচ), অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানৰ বিপৰীত দিশত, আৰু খানাপাৰাৰ ইণ্ডিয়ান অইল পেট্ৰ’ল পাম্পত এই বিপণীসমূহ সফলতাৰে স্থাপন কৰা হৈছে। তদুপৰি পাঞ্জাবাৰীস্থিত পূৰবী ডেইৰীৰ চৌহদত আৰু চাংসাৰীৰ এইমছৰ বিপৰীত দিশত থকা দুগ্ধ প্ৰতিষ্ঠানটোৰ চৌহদতো দুটা পূৰবী পাৰ্লাৰ মুকলি কৰা হৈছে।

এই বিপণীসমূহত বিভিন্ন ধৰণৰ পাউচ মিল্ক (টনড, ষ্টেণ্ডাৰ্ড, আৰু ফুল ক্ৰীম), দৈ, সোৱাদযুক্ত গাখীৰ, লচ্চী, আইচক্ৰীম, সতেজ ক্ৰীম, ঘিউ আৰু মৌকে ধৰি সকলো ধৰণৰ পূৰবী ডেইৰী সামগ্ৰী উপলব্ধ। ইয়াৰ উপৰিও গ্ৰাহকে মাডাৰ ডেইৰীৰ সামগ্ৰী, যেনে- ঘিউ, পনিৰ, মিল্কশ্বেক, মছলা চাছ, কেনড চুইটছ আদিও উপভোগ কৰিব পাৰে।

আধুনিক নান্দনিকতা আৰু দক্ষ পৰিচালনাৰ সংমিশ্ৰণেৰে এই বিপণীসমূহ মুকলি কৰা হৈছে। বৰ্তমান কোম্পানী মালিকানাধীন ফ্ৰেঞ্চাইজি অপাৰেটেড (চি অ’এফ অ’) আৰ্হিত এই বিপণীসমূহ পৰিচালিত হৈ আছে। লক্ষণীয় যে, পূৰবীয়ে ফ্ৰেঞ্চাইজিৰ মালিকানাধীন আৰু পৰিচালিত আৰ্হিৰ অধীনত বিপণী স্থাপন কৰিবলৈ অধিকসংখ্যক উদ্যোগীক উৎসাহিত কৰাৰ লক্ষ্য গ্ৰহণ কৰিছে। গুৱাহাটীৰ লগতে অসমৰ চুকে-কোণেও এনেধৰণৰ বিপণী স্থাপন কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে, যাতে অধিকসংখ্যক লোকে সহজে উচ্চমানৰ দুগ্ধজাত সামগ্ৰী উপভোগ কৰিব পাৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here