জে ডি ইনষ্টিটিউট গুৱাহাটীৰ বাৰ্ষিক ডিজাইন বঁটা ২০২৪ প্ৰদান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday, 1 December 2024

জে ডি ইনষ্টিটিউট গুৱাহাটীৰ বাৰ্ষিক ডিজাইন বঁটা ২০২৪ প্ৰদান

 



W7s news:  গুৱাহাটীৰ জে ডি ইনষ্টিটিউট অৱ ফেশ্বন টেকন'লজিৰ উদ্যোগত অনুষ্ঠিত ১৯ সংখ্যক বাৰ্ষিক ডিজাইন ২০২৪ বঁটা প্ৰদান অনুষ্ঠান গুৱাহাটীৰ প্ৰাগজ্যোতি আই টি এ চেণ্টাৰত অনুষ্ঠিত হয়।এই উপলক্ষে পুৱাৰ ভাগত প্ৰদৰ্শনী আৰম্ভ হৈ বিয়লি ৫:৩০ বজাত অনুষ্ঠিত হয় বহুপ্ৰত্যাশিত ফেশ্বন শ্ব’। এই এদিনীয়া অনুষ্ঠানটোৱে প্ৰতিভাক উদযাপন কৰাৰ  লগতে সাহসী ধাৰণা, সাংস্কৃতিক প্ৰভাৱ আৰু ভৱিষ্যতৰ দৃষ্টিভংগীৰ ওপৰতো আলোকপাত কৰে। অনুষ্ঠানত উপস্থিত থাকে জে ডি ইনষ্টিটিউট অৱ ফেশ্বন টেকনলজিৰ পৰিচালন সঞ্চালক  ৰূপাল দালাল আৰু সঞ্চালক  হৰ্ষ দালাল। এই দুজন  বিচাৰকৰ পেনেলে ছাত্ৰ-ছাত্ৰীৰ উপস্থাপনসমূহৰ সৃষ্টিশীলতা আৰু কৌশলৰ মূল্যায়ন কৰে। অনুষ্ঠানটোত লগতে উপস্থিত থাকে ডিজাইনাৰ আৰু দা ক্লোজেট কেছৰ গৰাকী শ্যামন্ত হাজৰিকা আৰু এক সুদক্ষ স্থপতিবিদ তথা আকৃতিৰ প্ৰতিষ্ঠাপক ৰিতুল শৰ্মা। অনুষ্ঠানটোত শ্ৰেষ্ঠ সংগ্ৰহ, অসাধাৰণ সংগ্ৰহ, উদ্ভাৱনীমূলক সংগ্ৰহ আৰু বাণিজ্যিকভাৱে কাৰ্যক্ষম ডিজাইনৰ শাখাত বঁটা প্ৰদান কৰা হয়।





No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here