W7s news গুৱাহাটী::: স্বাস্থ্যসেৱা উদ্যোগত আগবঢ়াই অহা উল্লেখযোগ্য নেতৃত্বৰ বাবে সৰ্বপৰিচিত দৱাইণ্ডিয়াই অলপতে জোটা হেল্থকেয়াৰ লিমিটেডৰ অধীনত ভাৰতৰ উত্তৰ-পূব অংশত বৃহৎ সম্প্ৰসাৰণৰ কথা ঘোষণা কৰে। ২০২৪ চনৰ ১৯ নৱেম্বৰত গুৱাহাটীৰ হোটেল অতিথিত অনুষ্ঠিত হবলগীয়া উদ্বোধনী অনুষ্ঠানত সকলোকে উচ্চমানৰ জেনেৰিক ঔষধ প্ৰাপ্ত কৰাৰ সামৰ্থ তথা সুবিধা প্ৰদানৰ উদ্দেশ্যৰ প্ৰতি লক্ষ্য ৰাখি দৱাইণ্ডিয়াই উত্তৰ-পূবৰ বিভিন্ন অংশক সাঙুৰি নানান জিলা সদৰ, বিশেষকৈ বিভিন্ন ৰাজ্য আৰু চহৰ যেনে অসমৰ গুৱাহাটী, শিলচৰ, ডিব্ৰুগড়, বঙাইগাঁও, শৰাইঘাট, তিনিচুকীয়া, ত্ৰিপুৰাৰ আগৰতলা, মেলাগড়, ধৰ্মনগৰ, বিশালগড়, আৰু অধিক পূবৰ ফালে থকা মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আদিত বিত্তীয় বৰ্ষ ২০২৫ৰ শেষলৈকে আউটলেট মুকলি কৰাৰ পৰিকল্পনা কৰিছে। এই সংস্থাটোৱে বৰ্তমান সমগ্ৰ ভাৰতত ১২০০তকৈয়ো অধিক স্থানত কাম কৰি আছে যাৰ ভিতৰত অসমৰ ১২ খন বিপণী আৰু উত্তৰ-পূবৰ ২৯ খন বিপণী অন্তৰ্ভুক্ত হৈ আছে।
ভাৰতৰ দৰে এখন দেশত ঘৰুৱা হিংসাৰ জ্বলন্ত সমস্যাটো সমাধানৰ লক্ষ্যৰে এক যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰি দৱাইণ্ডিয়াই গৌৰৱ অনুভৱ কৰে। সমৰ্থন, শিক্ষা, আৰু হস্তক্ষেপৰ আৱশ্যকতা স্বীকাৰ কৰি আমাৰ কাৰ্যসূচীয়ে ভুক্তভোগীৰ জীৱনলৈ অৰ্থপূৰ্ণ পৰিৱৰ্তন আনিবলৈ আৰু এনে এখন সমাজ গঢ়িবলৈ বিচাৰে য’ত সুৰক্ষা, মৰ্যাদা, আৰু সন্মানৰ গুৰুত্ব সবাতোকৈ অধিক। যিখন দেশত ঘৰুৱা হিংসাই অগণন জীৱনত প্ৰভাৱ পেলাইছে, তেনে পৰিস্থিতিত এই পদক্ষেপৰ লক্ষ্য হৈছে জনসাধাৰণৰ মাজত সজাগতাৰ সৃষ্টি কৰা, ভুক্তভোগীসকলক সাহায্য প্ৰদান কৰা আৰু সন্মানজনক সম্পৰ্ক গঢ়াৰ বাবে সম্প্ৰদায়সমূহক জড়িত কৰা। ইয়াৰ ভিতৰত আশ্ৰয় প্ৰদানৰ ব্যৱস্থা স্থাপন কৰা, এন জি অ’, মানসিক স্বাস্থ্যকৰ্মীসকলৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰা, আৰু ঘৰুৱা হিংসাৰ ঘটনাসমূহৰ প্ৰতি ব্যাপক সঁহাৰি নিশ্চিত কৰিবলৈ স্বাস্থ্যকৰ্মী, আইন ব্যৱস্থা, আৰু স্থানীয় নেতাসমূহক সহযোগিতা আগবঢ়োৱাৰ দৰে কাৰ্যকলাপ অন্তৰ্ভুক্ত হৈ আছে। ভুক্তভোগীসকলক তেওঁলোকৰ জীৱন পুনৰ গঢ়ি তোলাত সহায় কৰিবলৈ তথা হিংসাজড়িত কাৰ্যকলাপ বন্ধ কৰাত সম্প্ৰদায়সমূহক সহায় কৰিবলৈ দৱাইণ্ডিয়া প্ৰতিশ্ৰুতিবদ্ধ।আমাৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ অংশ হিচাপে দৱাইণ্ডিয়াই এক হেল্পলাইন আৰু এলানি সামূহিক কৰ্মশালাও আৰম্ভ কৰিব যাতে আৰ্তজনৰ বাবে সহায় উপলব্ধ হোৱাটো নিশ্চিত হয়। আমি বিশ্বাস কৰো যে প্ৰতিজন ব্যক্তিয়েই হিংসা আৰু ভয়ৰ পৰা মুক্ত জীৱন যাপন কৰাৰ যোগ্য আৰু এই উদ্যোগ হৈছে এনে এক বহল দৃষ্টিভংগীক বাস্তৱত ৰূপায়িত কৰাৰ বাবে এক উল্লেখযোগ্য পদক্ষেপ। আমাৰ লক্ষ্য হৈছে হিংসা আৰু ভয়ৰ পৰা মুক্ত এখন সুৰক্ষিত, অধিক সমতাপূৰ্ণ সমাজ গঢ়ি তোলা।জোটা হেল্থকেয়াৰ লিমিটেডৰ গ্ৰুপ চি ই অ’ ডা˚ সুজিত পালে কয়, “আমাৰ এই অভিযানৰ উদ্দেশ্য হৈছে প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে স্বাস্থ্যসেৱা সুলভ কৰি তোলা। এই অভিযানৰ দ্বাৰা আমি শাৰীৰিক স্বাস্থ্যসেৱাৰ পৰিধি ভাঙি সকলোৰে বাবে এক নিৰাপদ তথা সহায়ক পৰিৱেশৰ প্ৰসাৰকাৰ্যৰ ওপৰত মনোনিৱেশ কৰাৰ ক্ষেত্ৰত নিজকে দায়বদ্ধ কৰি তুলিছোঁ।ঘৰুৱা হিংসাৰ বিপক্ষে আমাৰ শেহতীয়া পদক্ষেপ #StandAgainstViolenceৰ লক্ষ্য হৈছে সজাগতা বৃদ্ধি কৰা, সাহায্য প্ৰদান কৰা আৰু ভুক্তভোগীসকলৰ সৱলীকৰণ কৰা।আমি বিশ্বাস কৰো যে, স্বাস্থ্যসেৱাই শাৰীৰিক সুস্থতাৰ সমান্তৰালকৈ মানসিক আৰু আৱেগিক সহযোগিতাকো সাঙুৰি লয়, আৰু আমি এনে এখন সমাজ গঢ়ি তোলাৰ বাবে ব্ৰতী য’ত সকলো ব্যক্তিয়ে নিজকে নিৰাপদ তথা শ্ৰদ্ধেয় বুলি অনুভৱ কৰে।”
No comments:
Post a Comment