W7s news,,,গুৱাহাটী, ১৪ নৱেম্বৰ: শিশু নিকেতন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক অনুষ্ঠান "হাৰৰ্মনী" গুৱাহাটীৰ মাচখোৱা প্ৰাগজ্যোতি আই টি এ সাংস্কৃতিক কেন্দ্ৰত অতি উৎসাহ, উদ্যমৰু, খেলা-ধূলাৰে কলা প্ৰদৰ্শনৰ বাবে উদযাপন কৰা হয়। নেমকেয়াৰ হাস্পতালৰ প্ৰাইভেট লিমিটেড চিইঅ’ আৰু মেনেজিং ডাইৰেক্টৰ ড° হিতেশ বৰুৱাই মুখ্য অতিথি হিচাপে উপস্থিত থাকে। দুই দিন্যয় এই অনুষ্ঠানত বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য, অভিভাৱক, শিক্ষক-শিক্ষয়িত্ৰী আৰু অন্যান্য বিশিষ্ট অতিথিসকল উপস্থিত থাকে। মেধাৱী ছাত্ৰ-ছাত্ৰীক বাৰ্ষিক একাডেমিক বঁটা প্ৰদান কৰা হয়। এই উপলক্ষে বিদ্যালয়খনৰ বিভিন্ন শৈক্ষিক কাৰ্যকলাপৰ ওপৰত এটি পোৱাৰ পইন্ট জৰিয়তে প্ৰদৰ্শন কৰা হয়। শিশু জ্যোতি-দ্য স্কুল আলোচনীৰ ২৬ সংখ্যক সংস্কৰণ মুকলি কৰে ড° হিতেশ বৰুৱাই।
বিদ্যালয়খনৰ অধ্যক্ষ শ্ৰীমতী ৰীনা ভৌমিকে অতিথিসকলক আন্তৰিকতাৰে আদৰণি জনোৱাৰ লগতে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ বিদ্যালয়খনৰ কৃতিত্বসমূহৰ ওপৰত আলোকপাত কৰি কয় যে বিদ্যালয়খনে সমগ্ৰ সময়ছোৱাত ভাল শৈক্ষিক ফলাফল বজাই ৰাখিছে। এই উপলক্ষে ভাষণ দি বিদ্যালয়খনৰ সভাপতি পৱন কুমাৰ আগৰৱালাই সকলো কলা-কুশলীক তেওঁলোকৰ দৰ্শনীয় অভিনয়ৰ বাবে প্ৰশংসা কৰে।
ড° হিতেশ বৰুৱাই ছাত্ৰ-ছাত্ৰীৰ মনোভাৱ আৰু আত্মবিশ্বাসৰ শলাগ লয়।তেওঁ বিদ্যালয় কৰ্তৃপক্ষক ছাত্ৰ-ছাত্ৰীৰ ভিতৰত শ্ৰেষ্ঠক উলিয়াই অনাৰ অদম্য প্ৰচেষ্টাৰ বাবেও অভিনন্দন জ্ঞাপন কৰে। কৃতজ্ঞতা জ্ঞাপন কৰে বিদ্যালয়খনৰ উপাধ্যক্ষ সৰ্বৰী দাসে। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে সাংস্কৃতিক বৈচিত্ৰ্য, মহিলা সবলীকৰণ, পৰিৱেশ ৰক্ষা, অবিশ্বাস্য ভাৰতৰ ওপৰত ভিত্তি কৰি বিষয়বস্তু সামৰি লোৱা সাংস্কৃতিক অনুষ্ঠানৰ বিস্তৃত শৃংখল উপস্থাপন কৰে। ছাত্ৰ-ছাত্ৰীসকলে নিৰ্মাণ কৰা সুন্দৰ সজ্জা, শিল্প আৰু শিল্পকৰ্মবোৰ একেবাৰেই এক অনন্দময় দৃশ্য আছিল।
No comments:
Post a Comment