শীৰ্ষ জনসম্পৰ্ক সন্মান 'চাণক্য'ৰে সন্মানিত গুৱাহাটীৰ নুৰুল লস্কৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday, 9 November 2024

শীৰ্ষ জনসম্পৰ্ক সন্মান 'চাণক্য'ৰে সন্মানিত গুৱাহাটীৰ নুৰুল লস্কৰ

 

W7s news,,,গুৱাহাটী/মাংগালুৰু, ৯ নৱেম্বৰ, ২০২৪: জনসংযোগৰ বিভিন্ন ক্ষেত্ৰত সাফল্য অৰ্জন কৰা ব্যক্তিসকলক স্বীকৃতি প্ৰদানৰ উদ্দেশ্যে ভাৰতীয় জনসংযোগ পৰিষদে (পি আৰ চি আই) ১৫ বছৰ পূৰ্বে প্ৰৱৰ্তন কৰিছিল ‘চানক্য’ বঁটা। এইবাৰৰ ‘অখণ্ড জনসংযোগ’ৰ বাবে চাণক্য বঁটা উত্তৰ-পূব ভাৰতৰ জ্যেষ্ঠ জনসংযোগ বৃত্তিজীৱী তথা প্ৰেৰণাদায়ক বক্তা নুৰুল ইছলাম লস্কৰক প্ৰদান কৰা হয়। ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ মাংগালুৰুত অনুষ্ঠিত হৈ থকা ১৮ সংখ্যক গ্ল’বেল কমিউনিকেচন কনক্লেভত শুকুৰবাৰে কেন্দ্ৰীয় শক্তি আৰু নৱীকৰণযোগ্য শক্তিৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীপদ য়েছ’ নায়কৰ হাতৰ পৰা লস্কৰে এই সন্মানীয় বঁটা গ্ৰহণ কৰে। বঁটা প্ৰদান অনুষ্ঠানত পি আৰ চি আইৰ জ্যেষ্ঠ কৰ্মকৰ্তাসকলৰ উপৰিও মিছ গ্ল’বেল ইণ্ডিয়া ২০২৪ ছুইজাল মাৰিয়া ফুৰ্টাডো উপস্থিত থাকে।


মাংগালুৰু কনক্লেভত লস্কাৰক “কাৰ্যকৰী আন্তঃক্ৰিয়াৰ জৰিয়তে যোগাযোগ শৈলীসমূহৰ পুনৰ সংহতকৰণ” বিষয়ক পেনেল আলোচনাৰ কাৰ্যনিৰ্বাহকৰ দায়িত্বও দিয়া হয় য’ত দেশৰ আগশাৰীৰ কৰ্পৰেট মুখপাত্ৰসকলে অংশগ্ৰহণ কৰে।ইয়াৰ পূৰ্বে ছেভেন চেন্স কমিউনিকেচনৰ প্ৰতিষ্ঠাপক সঞ্চালক শুভংকৰ বেনাৰ্জী আৰু অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ জনসংযোগ বিভাগৰ মুৰব্বী ড° আল্পনা চৌধুৰীয়ে ক্ৰমে ২০২১ আৰু ২০২২ চনত চাণক্য বঁটা লাভ কৰিছিল। আই আই এম চি, মিজোৰাম


কেম্পাছৰ প্ৰাক্তন সঞ্চালক এল আৰ চাইলোক ২০০৭ চনত ‘পি আৰ চি আই হল অৱ ফেম’ত অন্তৰ্ভুক্ত কৰা হৈছিল।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here